--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  চীনৰ উল্লেখযোগ্য ধনী ব্যক্তি  জেক মাই হঠাতে ঋণগ্ৰস্ত পাকিস্তানত ভৰি ৰখাৰ কথাই এতিয়া বিভিন্ন মহলত বেছ চৰ্চা লাভ কৰিছে৷  খবৰ অনুসৰি তেওঁ ২৯ জুনত পাকিস্তানলৈ যায় । তেওঁ তাত মাত্ৰ ২৩ ঘণ্টাৰ বাবে আছিল। অৱশ্যে, জেক মাৰ  এই ভ্ৰমণৰ বিষয়ে আনকি  সংবাদ মাধ্যমকো জানিবলৈ দিয়া হোৱা নাছিল৷ জানিব পৰা মতে চীনা প্ৰশাসনো এই ভ্ৰমণৰ বিষয়ে  অজ্ঞাত আছিল৷ 

ঝি  জিনপিঙে প্ৰশাসনৰ নতুন বেংক নীতিৰ বিষয়ে  প্ৰশ্ন উত্থাপন কৰাৰ পিছৰে পৰা চীনা কোটিপতিজন শলঠেকত  পৰিছে। বেইজিঙে তেওঁৰ গতিবিধিৰ ওপৰতো তীক্ষ্ণ নজৰ ৰাখিছে৷ পাকিস্তানৰ এখন বাতৰি কাকতৰ মতে জেক মাই ২৯ জুনত এখন ব্যক্তিগত বিমানেৰে পাকিস্তানলৈ গৈছিল। তেওঁ হংকঙৰ এখন বিমানেৰে বাংলাদেশ আৰু নেপাল ভ্ৰমণ কৰাৰ পিছত পাকিস্তানত উপস্থিত হৈছিল। চীনা ব্যৱসায়ীজনৰ সৈতে পাঁচজন চীনা নাগৰিকৰ লগতে এজন আমেৰিকান নাগৰিকো আছিল। তেওঁলোকে মাত্ৰ ২৩ ঘণ্টা পাকিস্তানত  অতিবাহিত কৰাৰ পিছত দেশ খন ত্যাগ কৰিছিল। 

এই ভ্ৰমণৰ পিছত প্ৰশ্ন উত্থাপন হৈছে জেক মা ঋণগ্ৰস্ত পাকিস্তানলৈ কিয় গৈছিল? বিশেষজ্ঞসকলৰ মতে চীনা কোটিপতিজনে সম্ভৱতঃ তেওঁৰ ব্যৱসায় বৃদ্ধি কৰিবলৈ পাকিস্তানলৈ গৈছিল। এই ভ্ৰমণৰ সময়ত মাই  কেইবাজনো পাক  বিষয়াৰ সৈতে বৈঠক কৰিছিল বুলি বিশেষ  সূত্ৰই জনাইছে। অৱশ্যে, বৈঠকৰ বিষয়ে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। যোৱা বছৰ জেক মাই চীন এৰি জাপানলৈ গুচি গৈছিল বুলি খবৰ ওলাইছিল। জাপানত বাস কৰাৰ উপৰি জেকে নিয়মীয়াকৈ আমেৰিকা আৰু ইজৰাইল ভ্ৰমণ কৰা বুলিও খবৰ পোৱা গৈছিল। তেওঁ জাপানৰ গ্ৰাম্য অঞ্চল ভ্ৰমণ কৰিছিল। এতিয়া পাকিস্তানো তেওঁৰ ভ্ৰমণৰ তালিকাত প্ৰৱেশ কৰিলে বুলি বহুতে আলোচনা কৰিছে ৷ 



FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান