--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  চীনৰ উল্লেখযোগ্য ধনী ব্যক্তি  জেক মাই হঠাতে ঋণগ্ৰস্ত পাকিস্তানত ভৰি ৰখাৰ কথাই এতিয়া বিভিন্ন মহলত বেছ চৰ্চা লাভ কৰিছে৷  খবৰ অনুসৰি তেওঁ ২৯ জুনত পাকিস্তানলৈ যায় । তেওঁ তাত মাত্ৰ ২৩ ঘণ্টাৰ বাবে আছিল। অৱশ্যে, জেক মাৰ  এই ভ্ৰমণৰ বিষয়ে আনকি  সংবাদ মাধ্যমকো জানিবলৈ দিয়া হোৱা নাছিল৷ জানিব পৰা মতে চীনা প্ৰশাসনো এই ভ্ৰমণৰ বিষয়ে  অজ্ঞাত আছিল৷ 

ঝি  জিনপিঙে প্ৰশাসনৰ নতুন বেংক নীতিৰ বিষয়ে  প্ৰশ্ন উত্থাপন কৰাৰ পিছৰে পৰা চীনা কোটিপতিজন শলঠেকত  পৰিছে। বেইজিঙে তেওঁৰ গতিবিধিৰ ওপৰতো তীক্ষ্ণ নজৰ ৰাখিছে৷ পাকিস্তানৰ এখন বাতৰি কাকতৰ মতে জেক মাই ২৯ জুনত এখন ব্যক্তিগত বিমানেৰে পাকিস্তানলৈ গৈছিল। তেওঁ হংকঙৰ এখন বিমানেৰে বাংলাদেশ আৰু নেপাল ভ্ৰমণ কৰাৰ পিছত পাকিস্তানত উপস্থিত হৈছিল। চীনা ব্যৱসায়ীজনৰ সৈতে পাঁচজন চীনা নাগৰিকৰ লগতে এজন আমেৰিকান নাগৰিকো আছিল। তেওঁলোকে মাত্ৰ ২৩ ঘণ্টা পাকিস্তানত  অতিবাহিত কৰাৰ পিছত দেশ খন ত্যাগ কৰিছিল। 

এই ভ্ৰমণৰ পিছত প্ৰশ্ন উত্থাপন হৈছে জেক মা ঋণগ্ৰস্ত পাকিস্তানলৈ কিয় গৈছিল? বিশেষজ্ঞসকলৰ মতে চীনা কোটিপতিজনে সম্ভৱতঃ তেওঁৰ ব্যৱসায় বৃদ্ধি কৰিবলৈ পাকিস্তানলৈ গৈছিল। এই ভ্ৰমণৰ সময়ত মাই  কেইবাজনো পাক  বিষয়াৰ সৈতে বৈঠক কৰিছিল বুলি বিশেষ  সূত্ৰই জনাইছে। অৱশ্যে, বৈঠকৰ বিষয়ে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। যোৱা বছৰ জেক মাই চীন এৰি জাপানলৈ গুচি গৈছিল বুলি খবৰ ওলাইছিল। জাপানত বাস কৰাৰ উপৰি জেকে নিয়মীয়াকৈ আমেৰিকা আৰু ইজৰাইল ভ্ৰমণ কৰা বুলিও খবৰ পোৱা গৈছিল। তেওঁ জাপানৰ গ্ৰাম্য অঞ্চল ভ্ৰমণ কৰিছিল। এতিয়া পাকিস্তানো তেওঁৰ ভ্ৰমণৰ তালিকাত প্ৰৱেশ কৰিলে বুলি বহুতে আলোচনা কৰিছে ৷ 



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস