--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাটাৰত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপ ২০২২ ওচৰ চাপি অহাৰ লগে লগে বিশ্বৰ ফুটবল অনুৰাগীৰ উৎসাহ বাঢ়িছে। দীৰ্ঘদিনীয়া প্ৰস্তুতিৰ অন্তত ২০ নৱেম্বৰৰ পৰা কাটাৰত আৰম্ভ হ’ব ফিফা বিশ্বকাপ। বহু দেশৰ পৰা অলেখ ফুটবল অনুৰাগী কাটাৰত উপস্থিত হৈছে। যিখন দেশত ফুটবল প্ৰতিযোগিতাৰ অনুৰাগী গোট খায়, সেইখন দেশত পাৰ্টিৰ পৰিবেশ এটা গঢ় লৈ উঠে। কিন্তু ৰক্ষণশীল নিয়মৰ অধীনত ইছলামিক দেশখনত আতিথ্য দিয়াৰ ক্ষেত্ৰত এইবাৰ পৰিস্থিতি সলনি হ’ব পাৰে। অনুৰাগীসকলক কাটাৰৰ আইন আৰু সাংস্কৃতিক ৰীতি-নীতিৰ প্ৰতি ধ্যান ৰাখিবলৈ আহ্বান জনোৱা হৈছে।

কাটাৰৰ ৰীতি-নীতি আৰু আইনসমূহৰ ভিতৰত মদ, ড্ৰাগছ, যৌনতা, সাজ-পোছাকৰ নিয়ম আদি অন্তৰ্ভুক্ত কৰা হৈছে। বিশেষকৈ কাপোৰৰ সন্দৰ্ভত দেশখনত বহু ৰক্ষণশীল নিয়ম আছে। কাটাৰে জাৰি কৰা বহু নিষেধাজ্ঞাৰ বাবে পৰ্যটক তথা ফুটবলপ্ৰেমীসকলে কি সাজ-পোছাক পিন্ধে সেই বিষয়ে সাৱধান হ’ব লাগিব। আন দেশৰ পৰা কাটাৰলৈ অহা অনুৰাগীসকলক এনে কাপোৰ পিন্ধিবলৈ নিয়ম জাৰি কৰা হৈছে য’ত তেওঁলোকৰ শৰীৰৰ অংগ দেখা পোৱা নাযাব।

কাটাৰৰ আইন অনুসৰি যদি কোনোবাই এই কাম নকৰে আৰু তেওঁৰ কাপোৰ যদি অশালীন হয় বা তেওঁৰ শৰীৰৰ বেছিভাগ অংশ দেখা পোৱা যায়, তেন্তে তেওঁ জে’ললৈও যাব পাৰে। কেৱল এয়াই নহয়, পুৰুষেও কঠোৰ নিয়ম মানি চলিব লাগিব। যদি পুৰুষে টি-চাৰ্ট সম্পূৰ্ণৰূপে খুলি পেলায় তেন্তে তেওঁলোকক জৰিমনা বিহা হ’ব বা আনকি জেললৈও পঠোৱা হ’ব পাৰে। একে সময়তে হাতৰ আঁচল নথকা আৰু ‘আপত্তিজনক’ শ্ল’গানযুক্ত টি-চাৰ্ট পিন্ধাও অনুমোদিত নহয়।

কাটাৰ চৰকাৰৰ পৰ্যটন ৱেবছাইটৰ মতে কাটাৰত সাজ-পোছাক স্বাভাৱিক। দেহা প্ৰদৰ্শন নোহোৱা যিকোনো কাপোৰ সকলোৱে পিন্ধিব পাৰিব। স্থানীয় সংস্কৃতিক সন্মান জনাবলৈ আহ্বান জনোৱা হৈছে। পুৰুষ-মহিলাক কান্ধ আৰু আঁঠু ঢাকি ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে। ফিফাৰ ৱেবছাইটেও এই কথা পুনৰবাৰ উল্লেখ কৰি কয় যে মহিলাসকলে নিজৰ ইচ্ছামতে দেহা প্ৰদৰ্শন নোহোৱা যিকোনো কাপোৰ পিন্ধিব পাৰিব। তেওঁলোকে কাটাৰৰ কঠোৰ আইন মানি চলিবই লাগিব, অন্যথা ভুগিব জে’লৰ শাস্তি। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক