--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাটাৰত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপ ২০২২ ওচৰ চাপি অহাৰ লগে লগে বিশ্বৰ ফুটবল অনুৰাগীৰ উৎসাহ বাঢ়িছে। দীৰ্ঘদিনীয়া প্ৰস্তুতিৰ অন্তত ২০ নৱেম্বৰৰ পৰা কাটাৰত আৰম্ভ হ’ব ফিফা বিশ্বকাপ। বহু দেশৰ পৰা অলেখ ফুটবল অনুৰাগী কাটাৰত উপস্থিত হৈছে। যিখন দেশত ফুটবল প্ৰতিযোগিতাৰ অনুৰাগী গোট খায়, সেইখন দেশত পাৰ্টিৰ পৰিবেশ এটা গঢ় লৈ উঠে। কিন্তু ৰক্ষণশীল নিয়মৰ অধীনত ইছলামিক দেশখনত আতিথ্য দিয়াৰ ক্ষেত্ৰত এইবাৰ পৰিস্থিতি সলনি হ’ব পাৰে। অনুৰাগীসকলক কাটাৰৰ আইন আৰু সাংস্কৃতিক ৰীতি-নীতিৰ প্ৰতি ধ্যান ৰাখিবলৈ আহ্বান জনোৱা হৈছে।

কাটাৰৰ ৰীতি-নীতি আৰু আইনসমূহৰ ভিতৰত মদ, ড্ৰাগছ, যৌনতা, সাজ-পোছাকৰ নিয়ম আদি অন্তৰ্ভুক্ত কৰা হৈছে। বিশেষকৈ কাপোৰৰ সন্দৰ্ভত দেশখনত বহু ৰক্ষণশীল নিয়ম আছে। কাটাৰে জাৰি কৰা বহু নিষেধাজ্ঞাৰ বাবে পৰ্যটক তথা ফুটবলপ্ৰেমীসকলে কি সাজ-পোছাক পিন্ধে সেই বিষয়ে সাৱধান হ’ব লাগিব। আন দেশৰ পৰা কাটাৰলৈ অহা অনুৰাগীসকলক এনে কাপোৰ পিন্ধিবলৈ নিয়ম জাৰি কৰা হৈছে য’ত তেওঁলোকৰ শৰীৰৰ অংগ দেখা পোৱা নাযাব।

কাটাৰৰ আইন অনুসৰি যদি কোনোবাই এই কাম নকৰে আৰু তেওঁৰ কাপোৰ যদি অশালীন হয় বা তেওঁৰ শৰীৰৰ বেছিভাগ অংশ দেখা পোৱা যায়, তেন্তে তেওঁ জে’ললৈও যাব পাৰে। কেৱল এয়াই নহয়, পুৰুষেও কঠোৰ নিয়ম মানি চলিব লাগিব। যদি পুৰুষে টি-চাৰ্ট সম্পূৰ্ণৰূপে খুলি পেলায় তেন্তে তেওঁলোকক জৰিমনা বিহা হ’ব বা আনকি জেললৈও পঠোৱা হ’ব পাৰে। একে সময়তে হাতৰ আঁচল নথকা আৰু ‘আপত্তিজনক’ শ্ল’গানযুক্ত টি-চাৰ্ট পিন্ধাও অনুমোদিত নহয়।

কাটাৰ চৰকাৰৰ পৰ্যটন ৱেবছাইটৰ মতে কাটাৰত সাজ-পোছাক স্বাভাৱিক। দেহা প্ৰদৰ্শন নোহোৱা যিকোনো কাপোৰ সকলোৱে পিন্ধিব পাৰিব। স্থানীয় সংস্কৃতিক সন্মান জনাবলৈ আহ্বান জনোৱা হৈছে। পুৰুষ-মহিলাক কান্ধ আৰু আঁঠু ঢাকি ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে। ফিফাৰ ৱেবছাইটেও এই কথা পুনৰবাৰ উল্লেখ কৰি কয় যে মহিলাসকলে নিজৰ ইচ্ছামতে দেহা প্ৰদৰ্শন নোহোৱা যিকোনো কাপোৰ পিন্ধিব পাৰিব। তেওঁলোকে কাটাৰৰ কঠোৰ আইন মানি চলিবই লাগিব, অন্যথা ভুগিব জে’লৰ শাস্তি। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু