--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ তিনিগৰাকী ভাৰতীয়ই ৭৭ সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভ কৰিছে। পয়াল কাপাডিয়াই অল উই ইমেজিন এজ লাইটৰ বাবে গ্ৰেণ্ড প্ৰিক্স লাভ কৰা প্ৰথমজন ভাৰতীয় পৰিচালক হিচাপে পৰিগণিত হয়। কলিকতাৰ ছোৱালী আনছুয়া সেনগুপ্তাই শ্বেমলেছ ছবিৰ বাবে অনিশ্চিত ৰিগাৰ্ড শিতানত শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ লাভ কৰে। ইয়াৰ উপৰিও চিদানন্দ এছ নাইকে শ্ৰেষ্ঠ তথ্যচিত্ৰ বঁটা লাভ কৰে। 

কিন্তু কানৰ মঞ্চত ভাৰতীয়ৰ জয়ত দেশৰ চৰকাৰ সুখী নে? এই প্ৰশ্ন উত্থাপন কৰে পৰিচালক অনুৰাগ কাশ্যপে। শেহতীয়াকৈ এক সাক্ষাৎকাৰত ‘গেংছ অৱ ৱাছেইপুৰ’ৰ বিখ্যাত পৰিচালকগৰাকীয়ে এই সন্দৰ্ভত নিজৰ চিন্তা ব্যক্ত কৰে। অনুৰাগে ক’লে, “যেতিয়া তেওঁলোকে ‘ইণ্ডিয়া এট কান’ বুলি কয়, তেতিয়া মই বৰ হতাশ হৈ পৰো। কাঁত ভাৰতীয় ছৱি ক’ত? এখন ছবিটো ভাৰতীয় নহয়! গতিকে ইয়াক উল্লেখ কৰা উচিত ধৰণে কৰা হোৱা নাই।'' অনুৰাগে লগতে কয় যে ভাৰত চৰকাৰ এতিয়া আৰু স্বতন্ত্ৰ পৰিচালকৰ এনে ছবিৰ কাষত থিয় নহয়।

শেহতীয়াকৈ বেছিভাগ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘ভাৰতীয়’ হিচাপে সন্মানিত হোৱা বেছিভাগ ছবিয়ে হয় আন দেশৰ সহ-প্ৰযোজক নহয় ভাৰতীয় অভিনেতা বা ক্ৰু জড়িত হৈ থাকে। এই প্ৰসংগত অনুৰাগে কয় যে- ‘‘ভাৰত চৰকাৰে বহু কথাত ক্ৰেডিটৰ অংশ দাবী কৰে। কিন্তু আচলতে এই ধৰণৰ ছবি থিয় নহয়, ছবিগৃহতো মুক্তি নাপায়।'' এই কথা কৈ পৰিচালকে ক'লে, ''ক্ৰেডিট লোৱা বন্ধ কৰক। এই ভুৱা উদযাপন এইবাৰ বন্ধ হ’ব লাগে।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু