--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ তিনিগৰাকী ভাৰতীয়ই ৭৭ সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভ কৰিছে। পয়াল কাপাডিয়াই অল উই ইমেজিন এজ লাইটৰ বাবে গ্ৰেণ্ড প্ৰিক্স লাভ কৰা প্ৰথমজন ভাৰতীয় পৰিচালক হিচাপে পৰিগণিত হয়। কলিকতাৰ ছোৱালী আনছুয়া সেনগুপ্তাই শ্বেমলেছ ছবিৰ বাবে অনিশ্চিত ৰিগাৰ্ড শিতানত শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ লাভ কৰে। ইয়াৰ উপৰিও চিদানন্দ এছ নাইকে শ্ৰেষ্ঠ তথ্যচিত্ৰ বঁটা লাভ কৰে। 

কিন্তু কানৰ মঞ্চত ভাৰতীয়ৰ জয়ত দেশৰ চৰকাৰ সুখী নে? এই প্ৰশ্ন উত্থাপন কৰে পৰিচালক অনুৰাগ কাশ্যপে। শেহতীয়াকৈ এক সাক্ষাৎকাৰত ‘গেংছ অৱ ৱাছেইপুৰ’ৰ বিখ্যাত পৰিচালকগৰাকীয়ে এই সন্দৰ্ভত নিজৰ চিন্তা ব্যক্ত কৰে। অনুৰাগে ক’লে, “যেতিয়া তেওঁলোকে ‘ইণ্ডিয়া এট কান’ বুলি কয়, তেতিয়া মই বৰ হতাশ হৈ পৰো। কাঁত ভাৰতীয় ছৱি ক’ত? এখন ছবিটো ভাৰতীয় নহয়! গতিকে ইয়াক উল্লেখ কৰা উচিত ধৰণে কৰা হোৱা নাই।'' অনুৰাগে লগতে কয় যে ভাৰত চৰকাৰ এতিয়া আৰু স্বতন্ত্ৰ পৰিচালকৰ এনে ছবিৰ কাষত থিয় নহয়।

শেহতীয়াকৈ বেছিভাগ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘ভাৰতীয়’ হিচাপে সন্মানিত হোৱা বেছিভাগ ছবিয়ে হয় আন দেশৰ সহ-প্ৰযোজক নহয় ভাৰতীয় অভিনেতা বা ক্ৰু জড়িত হৈ থাকে। এই প্ৰসংগত অনুৰাগে কয় যে- ‘‘ভাৰত চৰকাৰে বহু কথাত ক্ৰেডিটৰ অংশ দাবী কৰে। কিন্তু আচলতে এই ধৰণৰ ছবি থিয় নহয়, ছবিগৃহতো মুক্তি নাপায়।'' এই কথা কৈ পৰিচালকে ক'লে, ''ক্ৰেডিট লোৱা বন্ধ কৰক। এই ভুৱা উদযাপন এইবাৰ বন্ধ হ’ব লাগে।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ