--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা ৯ জুনত ৰাষ্ট্ৰপতি ভৱনত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল নৰেন্দ্ৰ মোদীয়ে। মোডীৰ কেবিনেট সদস্য আৰু দেশী-বিদেশী অতিথিৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে ৰাষ্ট্ৰীয় ৰাজধানীখনক তিনি স্তৰৰ কটকটীয়া নিৰাপত্তাৰক্ষীৰ আঙঠিৰে আগুৰি আছে। যদিও গৰমত সকলোৰে অস্বস্তি। দেওবাৰে ৰাজধানীত গৰম আৰু আৰ্দ্ৰতা দুয়োটা অতি বেছি আছিল।

চুবুৰীয়া দেশৰ ৰাষ্ট্ৰপ্ৰধানসকলৰ উপৰিও দেশৰ সকলো বিখ্যাত উদ্যোগপতি আছিল। বলীউডৰ বিখ্যাত তাৰকাও আছিল। ইয়াৰ ভিতৰত আছিল শ্বাহৰুখ খান, অক্ষয় কুমাৰ, অনুপম খেৰ আদি। শ্বাহৰুখ আৰু মুকেশ আম্বানী আৰু তেওঁলোকৰ অ’আৰএছে তাত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে।

শ্বাহৰুখ তেওঁৰ মেনেজাৰ পূজা দাদলানীৰ লগত গৈছিল। মুকেশ আম্বানীৰ কাষতে বহিল। কিছুদিন পূৰ্বে প্ৰচণ্ড গৰমৰ বাবে আই পি এল খেলৰ সময়ত অসুস্থ হৈ পৰিছিল শ্বাহৰুখ। আনকি ৯ জুনতো দিল্লীত তাপমাত্ৰা বেছি কম নাছিল। গতিকে গৰমৰ পৰা ৰক্ষা পাবলৈ দুয়োজনে ৩০ টকীয়া অ’আৰএছ অ’ আৰ এছৰ দ্বাৰা ডিঙি তিয়ায়। আচলতে দেশৰ দুজন ব্যস্ত মানুহ নিজৰ শৰীৰৰ প্ৰতি সতৰ্ক। তেওঁলোকৰ এই ছবিখন ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু