--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা ৯ জুনত ৰাষ্ট্ৰপতি ভৱনত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল নৰেন্দ্ৰ মোদীয়ে। মোডীৰ কেবিনেট সদস্য আৰু দেশী-বিদেশী অতিথিৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে ৰাষ্ট্ৰীয় ৰাজধানীখনক তিনি স্তৰৰ কটকটীয়া নিৰাপত্তাৰক্ষীৰ আঙঠিৰে আগুৰি আছে। যদিও গৰমত সকলোৰে অস্বস্তি। দেওবাৰে ৰাজধানীত গৰম আৰু আৰ্দ্ৰতা দুয়োটা অতি বেছি আছিল।

চুবুৰীয়া দেশৰ ৰাষ্ট্ৰপ্ৰধানসকলৰ উপৰিও দেশৰ সকলো বিখ্যাত উদ্যোগপতি আছিল। বলীউডৰ বিখ্যাত তাৰকাও আছিল। ইয়াৰ ভিতৰত আছিল শ্বাহৰুখ খান, অক্ষয় কুমাৰ, অনুপম খেৰ আদি। শ্বাহৰুখ আৰু মুকেশ আম্বানী আৰু তেওঁলোকৰ অ’আৰএছে তাত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে।

শ্বাহৰুখ তেওঁৰ মেনেজাৰ পূজা দাদলানীৰ লগত গৈছিল। মুকেশ আম্বানীৰ কাষতে বহিল। কিছুদিন পূৰ্বে প্ৰচণ্ড গৰমৰ বাবে আই পি এল খেলৰ সময়ত অসুস্থ হৈ পৰিছিল শ্বাহৰুখ। আনকি ৯ জুনতো দিল্লীত তাপমাত্ৰা বেছি কম নাছিল। গতিকে গৰমৰ পৰা ৰক্ষা পাবলৈ দুয়োজনে ৩০ টকীয়া অ’আৰএছ অ’ আৰ এছৰ দ্বাৰা ডিঙি তিয়ায়। আচলতে দেশৰ দুজন ব্যস্ত মানুহ নিজৰ শৰীৰৰ প্ৰতি সতৰ্ক। তেওঁলোকৰ এই ছবিখন ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ