--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কাণৰ বিষ বা যিকোনো ধৰণৰ সমস্যা হ’লে আমাৰ বয়োজ্যেষ্ঠসকলে কাণত তেল লগাবলৈ পৰামৰ্শ দিয়ে। কিন্তু কাণত তেল দিয়াটো উচিত নে অনুচিত? বিশেষকৈ কাণত লেতেৰা থাকিলে কাণত তেল দিব পাৰিনে? কি কয় বিশেষজ্ঞসকলে? জানো আহক-

 ১. বিশেষজ্ঞসকলে কি কয়?

ই এন টি বিশেষজ্ঞ ডাঃ অংকুৰ গুপ্তাই কয় যে কাণত তেল দিব নালাগে। আচলতে তেলত বহু ধৰণৰ বেক্টেৰিয়া থাকে, যাৰ ফলত কাণৰ সংক্ৰমণৰ সমস্যা বৃদ্ধি পাব পাৰে। ইয়াৰ ফলত কাণত বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ লগতে কাণত ধূলি আৰু মলি জমা হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়। ইয়াৰ বাহিৰেও কাণত তেল লগালে বহু ক্ষতি হ’ব পাৰে। ইয়াৰ বিষয়ে জানো আহক-

 ২. কাণত তেল দিয়াৰ অসুবিধাসমূহ-

* কাণত তেল লগালে কাণৰ বিষ হ’ব পাৰে। একাংশ লোকৰ ক্ষেত্ৰত এই অৱস্থাই কাণৰ ক্ষতি কৰিব পাৰে, সেয়েহে কাণত তেল দিয়াৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ হ’ব লাগে।

* ডাক্তৰে কয় যে কাণত তেল লগালে অটোমাইক’ছিছ ৰোগ হোৱাৰ আশংকা থাকে, যাৰ ফলত আপুনি স্থায়ীভাৱে শ্ৰৱণ ক্ষমতাত হেৰুৱাবলগীা হ’ব পাৰে।

* বহু সময়ত কাণত অত্যধিক তেল দিয়াৰ বাবে ধূলি-মাটি জমা হ’বলৈ ধৰে। ইয়াৰ ফলত কাণত জমা হৈ থকা লেতেৰাবোৰ আঁতৰোৱাত অতি কঠিন হৈ পৰে। গতিকে কাণত তেল দিব নালাগে।

* ইয়াৰ বাহিৰেও মনত ৰাখিব সৰু ল’ৰা-ছোৱালীৰ কাণত কেতিয়াও তেল নিদিব। বিশেষকৈ বিশেষজ্ঞৰ পৰামৰ্শ অবিহনে এনে ভুল নকৰিব। ইয়াৰ ফলত তেওঁলোকৰ কাণৰ পৰ্দাৰ ক্ষতি হ’ব পাৰে। কাণত তেল লগালে আৰ্দ্ৰতা বহু পৰিমাণে বৃদ্ধি পায়, যাৰ ফলত পূজ ওলোৱাৰ আশংকা থাকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু