--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কাণৰ বিষ বা যিকোনো ধৰণৰ সমস্যা হ’লে আমাৰ বয়োজ্যেষ্ঠসকলে কাণত তেল লগাবলৈ পৰামৰ্শ দিয়ে। কিন্তু কাণত তেল দিয়াটো উচিত নে অনুচিত? বিশেষকৈ কাণত লেতেৰা থাকিলে কাণত তেল দিব পাৰিনে? কি কয় বিশেষজ্ঞসকলে? জানো আহক-

 ১. বিশেষজ্ঞসকলে কি কয়?

ই এন টি বিশেষজ্ঞ ডাঃ অংকুৰ গুপ্তাই কয় যে কাণত তেল দিব নালাগে। আচলতে তেলত বহু ধৰণৰ বেক্টেৰিয়া থাকে, যাৰ ফলত কাণৰ সংক্ৰমণৰ সমস্যা বৃদ্ধি পাব পাৰে। ইয়াৰ ফলত কাণত বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ লগতে কাণত ধূলি আৰু মলি জমা হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়। ইয়াৰ বাহিৰেও কাণত তেল লগালে বহু ক্ষতি হ’ব পাৰে। ইয়াৰ বিষয়ে জানো আহক-

 ২. কাণত তেল দিয়াৰ অসুবিধাসমূহ-

* কাণত তেল লগালে কাণৰ বিষ হ’ব পাৰে। একাংশ লোকৰ ক্ষেত্ৰত এই অৱস্থাই কাণৰ ক্ষতি কৰিব পাৰে, সেয়েহে কাণত তেল দিয়াৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ হ’ব লাগে।

* ডাক্তৰে কয় যে কাণত তেল লগালে অটোমাইক’ছিছ ৰোগ হোৱাৰ আশংকা থাকে, যাৰ ফলত আপুনি স্থায়ীভাৱে শ্ৰৱণ ক্ষমতাত হেৰুৱাবলগীা হ’ব পাৰে।

* বহু সময়ত কাণত অত্যধিক তেল দিয়াৰ বাবে ধূলি-মাটি জমা হ’বলৈ ধৰে। ইয়াৰ ফলত কাণত জমা হৈ থকা লেতেৰাবোৰ আঁতৰোৱাত অতি কঠিন হৈ পৰে। গতিকে কাণত তেল দিব নালাগে।

* ইয়াৰ বাহিৰেও মনত ৰাখিব সৰু ল’ৰা-ছোৱালীৰ কাণত কেতিয়াও তেল নিদিব। বিশেষকৈ বিশেষজ্ঞৰ পৰামৰ্শ অবিহনে এনে ভুল নকৰিব। ইয়াৰ ফলত তেওঁলোকৰ কাণৰ পৰ্দাৰ ক্ষতি হ’ব পাৰে। কাণত তেল লগালে আৰ্দ্ৰতা বহু পৰিমাণে বৃদ্ধি পায়, যাৰ ফলত পূজ ওলোৱাৰ আশংকা থাকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ