--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি বাৰু জীৱনত কেতিয়াবা কাৰোবাক বিনা স্বাৰ্থত সহায় কৰি পাইছেনে..? যদি পাইছে তেন্তে কিমান জনক পাইছে? হয়তো আপুনি হিচাপ কৰি চাইছে বা হয়তো চোৱা নাই। মানুহক সহায় কৰাৰ ক্ষেত্ৰত হিমাচল প্ৰদেশৰ কুল্লুৰ বাসিন্দা এইচ এছ বাৰ্মাই এক অনন্য আদৰ্শ দাঙি ধৰিছে। তেওঁ সমাজক শিকাইছে মানৱতাৰ পাঠ। হিমাচলকে ধৰি দেশৰ পাঁচখন ৰাজ্যৰ আৰ্তজনৰ জীৱনত সুখ সিঁচি দিয়াৰ বাবে তেওঁ কাম কৰি আছে। বিদ্যুৎ ব’ৰ্ডৰ পৰা অৱসৰ লোৱাৰ পিছত তেওঁ প্ৰতি মাহৰ প্ৰথম দিনটোত ১৮৫ জন দৰিদ্ৰজনক আৰ্থিকভাৱে সহায় কৰে। এই ধনৰাশি ডাকঘৰৰ জৰিয়তে সেই লোকসকলৰ একাউণ্টলৈ প্ৰেৰণ কৰে এইচ এছ বাৰ্মাই।

প্ৰায় সাত বছৰ পূৰ্বে ২০১৫ চনতে দিব্যাংগ গিৰি বাবাক সহায় কৰিবলৈ আৰম্ভ কৰিছিল এইচ এছ ভাৰ্মাই। ইয়াৰ পিছতে তেওঁ প্ৰতিবন্ধী যুৱক জগনক সহায় কৰিবলৈ আৰম্ভ কৰে। এইচ এছ বাৰ্মাই পূৰ্বে ৫৭ জন লোকক সহায় কৰাৰ লক্ষ্য লৈছিল যদিও এতিয়া তেওঁ পেঞ্চনৰ জৰিয়তে ১৮৫ জনক সহায় কৰি আছে। ইয়াৰ ভিতৰত আছে বিধৱা, অনাথ, দৰিদ্ৰ, দিব্যাংগ আৰু বৃদ্ধসকল।

এইচ এছ ভাৰ্মাই কৈছিল, ‘‘প্ৰায় ৭ বছৰ আগতে হাস্পতালত এজন সাধু বাবাক লগ পাইছিলোঁ। তেওঁ মোক সমাজসেৱাৰ বাবে প্ৰেৰণা দিছিল। মই তেওঁৰ ওচৰত মোৰ ইচ্ছা প্ৰকাশ কৰিছিলোঁ। তেওঁ মোক এই পথ অনুসৰণ কৰিবলৈ ক’লে। সেইদিনাৰ পৰা মই অবিৰতভাৱে আনৰ সেৱাত নিয়োজিত হৈ আছো। এই সময়ত মই ১৮৫ জনক সহায় কৰি আছো। মানি অৰ্ডাৰৰ মূল্য ২০০ টকাৰ পৰা ১১০০ টকা। মই মানি অৰ্ডাৰৰ জৰিয়তে হিমাচলৰ লগতে অন্যান্য ৰাজ্যৰ আৰ্তজনক সহায় কৰিছো। প্ৰতিবন্ধী প্ৰতিজন ব্যক্তিক মই সহায় কৰো।’’

তেওঁ ক’লে, ‘প্ৰতিমাহে মই কুল্লু ডাকঘৰৰ পোষ্ট মাষ্টৰলৈ ৪৭ হাজাৰ টকাৰ চেক এখন কৰ্তন কৰো। এই সকলো টকা আৰ্তজনক মানি অৰ্ডাৰৰ জৰিয়তে পঠিৱাও  লগতে প্ৰতিমাহে কিছু আৰ্তজনক নগদ ধন দি সহায় কৰো।

বৰ্তমান এইচ এছ বাৰ্মাই প্ৰতিমাহে প্ৰায় ৯০ হাজাৰ টকাৰ পেঞ্চন পায়। ইয়াৰ লগতে তেওঁ কাউন্সেলিং কৰিও উপাৰ্জন কৰে। এতিয়া তেওঁ প্ৰতিমাহে ১ লাখ টকা পৰ্যন্ত ৪০০ লোকক সহায় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ