--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃসকলোৱে তেওঁক  ৰিঙতেই বিধ্বংসী ৰূপ ধাৰণ কৰা দেখি আহিছে যদিও শেহতীয়াকৈ ৰিঙৰ সলনি ৰাজপথতো বিধ্বংসী হৈ উঠিল মহম্মদ খালি।প্ৰাক্তন ৱৰ্ল্ড ৰেছলিং এণ্টাৰটেইনমেণ্ট (ডব্লিউডব্লিউই) চেম্পিয়ন 'দ্য গ্ৰেট খালি' ওৰফে দিলীপ  সিং ৰাণা শেহতীয়াকৈ সোমাই পৰিছে বিতৰ্কৰ মাজত ।

ৰাজপথতে তেওঁ তৰ্ক যুদ্ধত লিপ্ত হোৱা দেখা গৈছে। টোল গেটৰ কৰ্মীৰ সৈতে খালি তৰ্ক যুদ্ধত লিপ্ত হোৱাৰ এটা ভিডিঅ' ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।  ভিডিঅ’টোত খালিয়ে   টোল প্লাজাত টোল কৰ্মী একাংশৰ সৈতে তৰ্কত লিপ্ত হোৱা দেখা গৈছে। কেৱল এয়াই নহয়, খালিৰ বিৰুদ্ধে টোল কৰ্মী এজনক চৰ মৰাৰো অভিযোগ উত্থাপিত হৈছে।

জানিব পৰা মতে  খালিয়ে  জলন্ধৰৰ পৰা কৰ্ণাললৈ গৈ আছিল। খালীয়ে অভিযোগ কৰা অনুসৰি  টোল প্লাজাৰ কৰ্মচাৰীসকলে তেওঁৰ বাহন খন টোল প্লাজা পোৱাৰ পিছতে তেওঁৰ সৈতে ফটো উঠিব বিচাৰিছিল।  কিন্তু ভগৰুৱা হৈ থকা খালিয়ে ফটো উঠিবলৈ  অস্বীকাৰ কৰিছিল। 

তাৰ পিছত, টোল প্লাজাৰ কৰ্মীসকলে তেওঁক দুৰ্ব্যৱহাৰ কৰিছিল বুলি  খালিয়ে অভিযোগ কৰিছে। ১১ জুলাইত   ডব্লিউডব্লিউইৰ প্ৰাক্তন মল্লযোদ্ধা দিলীপ ৰাণা ওৰফে দ্য গ্ৰেট খালিয়ে টোলগেটৰ কৰ্মীৰ সৈতে তৰ্কত লিপ্ত হোৱাৰ  ভিডিঅ' ছচিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈ পৰে। ভিডিঅ’টোত তেওঁক পঞ্জাৱৰ ফিল্লৌৰৰ ওচৰৰ লাদোৱাল টোল প্লাজাৰ টোল কৰ্মীৰ সৈতে তৰ্ক কৰা দেখা গৈছিল।

 ভিডিঅ'টোত  খালীয়ে অভিযোগ কৰিছে যে টোল কৰ্মীসকলে তেওঁক ব্লেকমেইল কৰিবলৈ বিচাৰিছিল।  টোল কৰ্মীসকলেও ওলোটাই  অভিযোগ কৰিছেযে খালিয়ে  তেওঁলোকৰ মাজৰে  এজনক চৰ শোধাইছিল। জানিব পৰা মতে টোল কৰ্মীসকলে তেওঁক পৰিচয় পত্ৰ দেখুৱাবলৈ কৈছিল।  কিন্তু খালিয়ে পৰিচয় পত্ৰ দেখুৱাবলৈ অস্বীকাৰ কৰাত টোল প্লাজাৰ কৰ্মীসকলক তেওঁৰ বাহনখনৰ চাৰিওফালে ঘেৰি ধৰিছিল। 

ইয়াৰ পিছতে খালিৰ সৈতে টোলগেট কৰ্মীৰ  তৰ্ক লাগিছিল। সেই সময়তে টোলগেটত এখন পিচিআৰ ভান উপস্থিত হৈছিল আৰু টোল প্লাজাৰ কৰ্মীসকলক সেই স্থানৰ পৰা আঁতৰাই পঠিয়াইছিল। 

টোল প্লাজাৰ কৰ্মীয়ে খালিক  বান্দৰ বুলি ঠাট্টা কৰাৰো অভিযোগ উঠিছে। উল্লেখ্য খালিয়ে কেইবছৰমান আগতে ডব্লিউডব্লিউই এৰি ভাৰতলৈ ঘূৰি আহিছে। তেওঁ এতিয়া জলন্ধৰত কণ্টিনেণ্টেল ৰেছলিং একাডেমী নামেৰে  নিজা একাডেমী এখন  চলাই আছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ