--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰত ব্যৱহাৰ কৰা কাপ বা মগবোৰ প্ৰায়ে চাহ বা কফি খোৱাৰ লগে লগে চাফা কৰা নহয়। সেই বাবে কাপ বা মগৰ ভিতৰত বাদামী ৰঙৰ দাগ দেখা দিয়ে। এই দাগ চাহ আৰু কফিত থকা টেনিনৰ ফলত হয়। এই দাগ ইমানেই প্ৰবল যে ইয়াক সাধাৰণ বাচন ধোৱাশ্বাৰেৰে পৰিষ্কাৰ কৰিব নোৱাৰি।

এনে পৰিস্থিতিত যদি আপোনাৰ দামী কাপতো এই দাগ থাকে, তেন্তে পেলোৱাৰ আগতে এই টিপছবোৰ চেষ্টা কৰক। এই টিপছবোৰে আপোনাৰ কাপটো আকৌ নতুনৰ দৰে জিলিকিবলৈ সহায় কৰিব।

১) বেকিং চ’ডাঃ বেকিং চ’ডা হৈছে এক প্ৰাকৃতিক পৰিষ্কাৰক যিটো বহুদিনৰ পৰাই দাগ আঁতৰাবলৈ ব্যৱহাৰ কৰা হয়। চাহৰ দাগ আঁতৰোৱাতো ই ফলপ্ৰসূ। চাহৰ দাগ আঁতৰাবলৈ মাত্ৰ এটা কাপত দুচামুচ বেকিং চোডা দিব লাগিব। তাৰ পিছত, তাৰ ওপৰত উতলি থকা পানী ঢালি দিব। কাপটো ৫ মিনিটৰ বাবে থৈ দিব। সময় শেষ হ’লে কাপটো কোমল স্ক্ৰাবাৰেৰে ধুই লওক। আপুনি দেখিব যে দাগটো সম্পূৰ্ণৰূপে আঁতৰি যাব।

২) ডেন্সৰ টেবলেটঃ ডেন্সৰ টেবলেট দাগ আঁতৰোৱাৰ এক সহজ আৰু ফলপ্ৰসূ উপায়। ই কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ সহজে দাগ আঁতৰাই পেলায়। ইয়াৰ বাবে এটা পাত্ৰত গৰম পানী ঢালি তাত এটা টেবলেট পেলাই দিব লাগিব। তাৰ পিছত ৫ মিনিট ৰাখিব। সময় শেষ হোৱাৰ পিছত সাধাৰণ ডিচৱাছাৰত ধুব লাগে। আপুনি দেখিব যে দাগটো সম্পূৰ্ণৰূপে আঁতৰি যাব।

৩) টুথপেষ্টঃ টুথপেষ্টৰ দ্বাৰাও ব্রাউন দাগ আঁতৰাব পাৰি। ইয়াৰ বাবে মাত্ৰ কাপৰ দাগ পৰা অংশত ভালদৰে টুথপেষ্ট লগাব লাগিব। তাৰ পিছত, ৫ মিনিট ৰাখিব। সময় শেষ হ’লে কোমল স্ক্ৰাবাৰেৰে ধুই পেলাওক। আপুনি দেখিব যে দাগটো সম্পূৰ্ণৰূপে আঁতৰি যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক