--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত পাক সন্ত্ৰাসবাদীৰ সৈতে নিৰাপত্তাবাহিনীৰ সংঘৰ্ষ চলি আছে।  আৰক্ষীয়ে জনোৱা অনুসৰি এক গোপন সূত্ৰৰ পম খেদি  সুৰক্ষা বাহিনীয়ে বৃহস্পতিবাৰে সন্ধিয়া ৫.৪৫ বজাৰ পৰা কুলগাম জিলাৰ ধামহাল হানজী পোৰা অঞ্চলত তালাচী অভিযান আৰম্ভ কৰিছিল।

শুকুৰবাৰে জম্মু-কাশ্মীৰৰ কুলগাম জিলাত সেনা, চিআৰপিএফ আৰু আৰক্ষীৰ যুটীয়া অভিযানত পাঁচজন লস্কৰ-ই-তৈবা  সন্ত্ৰাসবাদী নিহত হয়।পাহাৰ আৰু অৰণ্যৰে আৱৰি থকা অঞ্চলটোত অধিক সন্ত্ৰাসবাদী  লুকাই থকাৰ সম্ভাৱনা আছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। সমগ্ৰ অঞ্চলটো ঘেৰিলৈ নিৰাপত্তাবাহিনীয়ে অভিযান চলাই গৈছে। জম্মু-কাশ্মীৰ আৰক্ষীয়ে জনোৱা অনুসৰি চামো গাঁৱত সন্ত্ৰাসবাদী লুকাই থকাৰ সন্দেহ কৰা হৈছে। 

উল্লেখ্য কুলগাম জিলা খন   দীৰ্ঘদিন ধৰি সন্ত্ৰাসবাদীৰ বিচৰণভূমি হিচাবে পৰিচিত হৈ আহিছে। ২০২০ চনৰ অক্টোবৰ মাহত লস্কৰ-ই-তৈবাই   হানজী পোৰাৰ ওচৰৰ ৱাই কে পোৰা অঞ্চলত বিজেপি যুৱ মৰ্চাৰ তিনিজন নেতাক হত্যা কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement