--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাইলৈ অৰ্থাৎ ১৯ নৱেম্বৰত অনুষ্ঠিত হ’ব বিশ্বকাপ ক্ৰিকেট ২০২৩ৰ ফাইনেল মেচ। সমুখ সমৰত নামিব ভাৰত আৰু অষ্ট্ৰেলিয়া। প্ৰতিজন ভাৰতীয়ৰ মন এতিয়া উৎকণ্ঠিত..কি হ’ব কাইলৈ...!

ভাৰতে যাতে বিশ্বকাপ জয় কৰিব পাৰে তাৰবাবে উত্তৰ প্ৰদেশৰ কৌশম্বি জিলাৰ সকলো মছজিদত শুকুৰবাৰৰ জুমা নামাজৰ অন্তত আল্লাহৰ ওচৰত দোৱা মগা হয়। নামাজৰ পাছত মছজিদৰ বাহিৰত স্বাক্ষৰ অভিযানো চলোৱা হয়।

জিলা সদৰ মঞ্জনপুৰৰ জামা মছজিদকে ধৰি জিলাখনৰ আটাইকেইটা মছজিদত ভাৰতীয় দলৰ বিজয়ৰ বাবে প্ৰাৰ্থনা কৰা হয়। জুমাৰৰ নামাজত মছজিদৰ ইমামকে ধৰি সকলো উপাসকে ভাৰতীয় ক্ৰিকেট দলৰ বিজয়ৰ বাবে প্ৰাৰ্থনা কৰে।

মঞ্জনপুৰৰ জামা মছজিদৰ পৰা ওলাই আহি নমাজীয়ে ‘হিন্দুস্তান জিন্দাবাদ’ৰ শ্ল’গান দিয়ে, নমাজীয়ে মছজিদৰ বাহিৰতো ইজনে সিজনক জাতীয় গৌৰৱ ত্ৰিৰংগ বিতৰণ কৰে আৰু লগতে ভাৰতীয় ক্ৰিকেট দলৰ জয়ৰ বাবে ‘জিন্দাবাদ’ৰ শ্ল’গান দিয়ে।

এই সময়ছোৱাত জামা মছজিদৰ বাহিৰত এ এছ পি আৰু আৰক্ষী বাহিনীৰ লগতে ক্ৰীড়া কাৰ্যসূচীৰ আয়োজক ড° অৰুণ কেছাৰৱানী, ইৰফান আনছাৰী, ফাৰুক, শ্বাহ আলমকে ধৰি বহু লোক উপস্থিত থাকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান