--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কাশ্মীৰী পণ্ডিতৰ এজন নেতাই কয়, "ইয়াত পৰ্যটক নিৰাপদ কিন্তু পণ্ডিত নিৰাপদ নহয়! " তেওঁ পণ্ডিতসকলক দিল্লী বা জম্মুলৈ যাবলৈ আহ্বান জনায়। কাশ্মীৰী পণ্ডিতসকলৰ এটি সংগঠনে কাশ্মীৰত বসবাস কৰা সকলো কাশ্মীৰী পণ্ডিতক উপত্যকা এৰি যাবলৈ আহ্বান জনায়। কাশ্মীৰী পণ্ডিতৰ সংঘৰ্ষ সমিতিয়ে কয় যে পণ্ডিতসকল সঘনাই উগ্ৰপন্থীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰে। এনে অৱস্থাত উপত্যকাত থকাটো আৰু আত্মহত্যা কৰা একেই কথা। সেয়েহে নিৰাপদ ঠাইলৈ যোৱাৰ আহ্বান।

মঙলবাৰে পুৱা শোপিয়ানৰ চিতপোৰা অঞ্চলৰ এখন আপেল বাগিচাত প্ৰৱেশ কৰি উগ্ৰপন্থীৰ আক্ৰমণত কাশ্মীৰী পণ্ডিত এজনক আক্ৰমণ কৰে। গুলীচালনাত থিতাতে মৃত্যুক সাৱটি লয় কাশ্মীৰী পণ্ডিতগৰাকীয়ে । গুৰুতৰভাৱে আহত হৈছে তেওঁৰ এজন আত্মীয়। তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। ইয়াৰ পিছতে কাশ্মীৰ উপত্যকাত বসবাস কৰা সকলো পণ্ডিত জনগোষ্ঠীৰ লোকক আঁতৰি যাবলৈ আহ্বান জনায় কেপিএছএছৰ মুৰব্বী সঞ্জয় টিক্কুৱে।

তেওঁ কয় ( সঞ্জয় টিক্কু) "যথেষ্ট হ'ল"। আমি যোৱা ৩২ বছৰে এই সংঘৰ্ষ দেখি আহিছো। সংখ্যালঘু বিশেষকৈ কাশ্মীৰী পণ্ডিতসকলক নিৰাপত্তা প্ৰদান কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে চৰকাৰ। এইদৰে মৃত্যুৰ বাবে আৰু কিমান দিন অপেক্ষা কৰিম!''তেওঁ সকলোকে দিল্লী বা জম্মুৰ নিৰাপদ স্থানলৈ যাবলৈ অনুৰোধ জনায়।

তেওঁৰ মতে, সকলোৰে বাবে স্পষ্ট হৈ পৰিছে যে কাশ্মীৰী পণ্ডিতসকল উগ্ৰপন্থীৰ লক্ষ্য। কেপিএছএছৰ মুৰব্বীৰ প্ৰশ্ন, "গণৰাজ্য দিৱস উদযাপনৰ দিনা উগ্ৰপন্থীয়ে কিয় আক্ৰমণ কৰিব নোৱাৰে?" কাশ্মীৰত পৰ্যটকসকল নিৰাপদ হোৱাৰ বিপৰীতে ইফালে সংখ্যালঘু পণ্ডিতসকলৰ মৃত্যু হৈছে! চৰকাৰে বুজি নাপায় যে কেৱল আমিহে উগ্ৰপন্থীৰ টাৰ্গেট? এই কথা কোৱাৰ বাবে চৰকাৰে মোৰ বিৰুদ্ধে গোচৰ তৰি গ্ৰেপ্তাৰ কৰিব পাৰে। কিন্তু মই ভয় কৰা নাই।''

প্ৰসংগক্ৰমে ৩৭০ নং অনুচ্ছেদ প্ৰত্যাহাৰৰ পাছত কাশ্মীৰৰ পৰা উচ্ছেদ কৰা পণ্ডিতসকলক ঘূৰাই পঠোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ল। শেহতীয়াকৈ আনকি এখন হিন্দী ছবিয়েও সমগ্ৰ দেশতে বিতৰ্কৰ ধুমুহাৰ সৃষ্টি কৰিছিল। কিন্তু সন্ত্ৰাসবাদী আক্ৰমণত ইয়াৰ কোনো প্ৰভাৱ পৰা নাছিল। আক্ৰমণ বৰ্তমানো চলি আছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ