--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কাশ্মীৰী পণ্ডিতৰ এজন নেতাই কয়, "ইয়াত পৰ্যটক নিৰাপদ কিন্তু পণ্ডিত নিৰাপদ নহয়! " তেওঁ পণ্ডিতসকলক দিল্লী বা জম্মুলৈ যাবলৈ আহ্বান জনায়। কাশ্মীৰী পণ্ডিতসকলৰ এটি সংগঠনে কাশ্মীৰত বসবাস কৰা সকলো কাশ্মীৰী পণ্ডিতক উপত্যকা এৰি যাবলৈ আহ্বান জনায়। কাশ্মীৰী পণ্ডিতৰ সংঘৰ্ষ সমিতিয়ে কয় যে পণ্ডিতসকল সঘনাই উগ্ৰপন্থীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰে। এনে অৱস্থাত উপত্যকাত থকাটো আৰু আত্মহত্যা কৰা একেই কথা। সেয়েহে নিৰাপদ ঠাইলৈ যোৱাৰ আহ্বান।

মঙলবাৰে পুৱা শোপিয়ানৰ চিতপোৰা অঞ্চলৰ এখন আপেল বাগিচাত প্ৰৱেশ কৰি উগ্ৰপন্থীৰ আক্ৰমণত কাশ্মীৰী পণ্ডিত এজনক আক্ৰমণ কৰে। গুলীচালনাত থিতাতে মৃত্যুক সাৱটি লয় কাশ্মীৰী পণ্ডিতগৰাকীয়ে । গুৰুতৰভাৱে আহত হৈছে তেওঁৰ এজন আত্মীয়। তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। ইয়াৰ পিছতে কাশ্মীৰ উপত্যকাত বসবাস কৰা সকলো পণ্ডিত জনগোষ্ঠীৰ লোকক আঁতৰি যাবলৈ আহ্বান জনায় কেপিএছএছৰ মুৰব্বী সঞ্জয় টিক্কুৱে।

তেওঁ কয় ( সঞ্জয় টিক্কু) "যথেষ্ট হ'ল"। আমি যোৱা ৩২ বছৰে এই সংঘৰ্ষ দেখি আহিছো। সংখ্যালঘু বিশেষকৈ কাশ্মীৰী পণ্ডিতসকলক নিৰাপত্তা প্ৰদান কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে চৰকাৰ। এইদৰে মৃত্যুৰ বাবে আৰু কিমান দিন অপেক্ষা কৰিম!''তেওঁ সকলোকে দিল্লী বা জম্মুৰ নিৰাপদ স্থানলৈ যাবলৈ অনুৰোধ জনায়।

তেওঁৰ মতে, সকলোৰে বাবে স্পষ্ট হৈ পৰিছে যে কাশ্মীৰী পণ্ডিতসকল উগ্ৰপন্থীৰ লক্ষ্য। কেপিএছএছৰ মুৰব্বীৰ প্ৰশ্ন, "গণৰাজ্য দিৱস উদযাপনৰ দিনা উগ্ৰপন্থীয়ে কিয় আক্ৰমণ কৰিব নোৱাৰে?" কাশ্মীৰত পৰ্যটকসকল নিৰাপদ হোৱাৰ বিপৰীতে ইফালে সংখ্যালঘু পণ্ডিতসকলৰ মৃত্যু হৈছে! চৰকাৰে বুজি নাপায় যে কেৱল আমিহে উগ্ৰপন্থীৰ টাৰ্গেট? এই কথা কোৱাৰ বাবে চৰকাৰে মোৰ বিৰুদ্ধে গোচৰ তৰি গ্ৰেপ্তাৰ কৰিব পাৰে। কিন্তু মই ভয় কৰা নাই।''

প্ৰসংগক্ৰমে ৩৭০ নং অনুচ্ছেদ প্ৰত্যাহাৰৰ পাছত কাশ্মীৰৰ পৰা উচ্ছেদ কৰা পণ্ডিতসকলক ঘূৰাই পঠোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ল। শেহতীয়াকৈ আনকি এখন হিন্দী ছবিয়েও সমগ্ৰ দেশতে বিতৰ্কৰ ধুমুহাৰ সৃষ্টি কৰিছিল। কিন্তু সন্ত্ৰাসবাদী আক্ৰমণত ইয়াৰ কোনো প্ৰভাৱ পৰা নাছিল। আক্ৰমণ বৰ্তমানো চলি আছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু