--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃজ্যেষ্ঠ কংগ্ৰেছ নেতা গুলাম নবী আজাদৰ  দলটোৰ শেহতীয়া কেতবোৰ কাৰ্যকলাপত যেন  খং উঠিছে। সেয়ে তেওঁ শীৰ্ষ নেতৃত্বৰ নিৰ্দেশকো আওকাণ কৰি  কাশ্মীৰৰ নিৰ্বাচনী সমিতিৰ  গুৰুত্বপূৰ্ণ পদৰ পৰা পদত্যাগ কৰিছে। জম্মু আৰু কাশ্মীৰ নিৰ্বাচনী প্ৰচাৰ সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি পোৱাৰ কেইঘণ্টামান পিছতে আজাদে  পদত্যাগ কৰাৰ কথা ঘোষণা কৰে।

আজাদৰ এনে স্থিতিত স্বাভাৱিকতে শলঠেকত পৰিছে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব। শীঘ্ৰে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা থকা কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে কঁকালত টঙালি বান্ধিছে। গোলাম নবী আজাদক নিৰ্বাচনী প্ৰচাৰ সমতিৰ অধ্যক্ষ পদত নিযুক্তি দিলে দলটোৱে কাশ্মীৰী জনতাৰ হৃদয় জয় কৰাত সক্ষম হ’ব বুলি কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই ধাৰণা কৰিছিল। সেইবাবেই আজাদক সেই পদবীত নিযুক্তি দিয়া হৈছিল। 

কিন্তু আজাদে সেই পদ পোণচাটেই প্ৰত্যাখ্যান কৰাত বিমোৰত পৰিছে ছোনিয়া গান্দী। একে সময়তে আজাদে আজি  জম্মু-কাশ্মীৰৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ পৰাও পদত্যাগ কৰে। সূত্ৰ অনুসৰি, নতুন পদত নিযুক্তি দিয়াৰ  বাবে আজাদে যথেষ্ট অপমানিত বোধ কৰিছে। সেইবাবেই জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে কাশ্মীৰত নিৰ্বাচনী  কাৰ্যকলাপৰ পৰা পদত্যাগ  কৰাৰ সিদ্ধান্ত লৈছে।গুলাম নবী আজাদ দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ সৰ্বভাৰতীয় ৰাজনৈতিক পৰিক্ৰমা সমিতিত আছে। তেওঁ কৈছিল যে কেৱল জম্মু আৰু কাশ্মীৰত প্ৰচাৰৰ দায়িত্ব দি তেওঁৰ কামৰ পৰিসৰ হ্ৰাস কৰা হৈছে। এজন প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আজাদে আশা কৰিছিল যে তেওঁক ৰাজ্যিক কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিয়া হ'ব। কিন্তু তাৰ পৰিৱৰ্তে, কেৱল নিৰ্বাচনী প্ৰচাৰ সমিতিৰ মুৰব্বীৰ পদহে দিয়া হ’ল।

কেইদিনমান আগতে, আজাদৰ এজন ঘনিষ্ঠ সহযোগী গোলাম আহমেদ মীৰক জম্মু-কাশ্মীৰৰ সভাপতি  পদৰ পৰা আঁতৰাই দিয়া হৈছিল। এনে অপমানৰ বাবে তেওঁ দলৰ পৰাই  পদত্যাগ কৰিছিল। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ৰাচিয়াল ৱানীক পদটোত নিযুক্তি দিয়া হৈছিল। সৰ্বোপৰি, জ্যেষ্ঠ নেতা আজাদ দলৰ নেতৃত্বৰ সৈতে বাৰে বাৰে সংঘাতত লিপ্ত হৈ আহিছে। দুবছৰ আগতে, তেওঁ ছোনিয়া গান্ধীলৈ এখন পত্ৰ লিখিছিল। ক্ষুব্ধ কংগ্ৰেছ নেতাসকলে ছোনিয়ালৈ লিখা পত্ৰত  আজাদেও স্বাক্ষৰ কৰিছিল। তেওঁলোকে কৈছিল যে দলটোৰ এজন স্থায়ী সভাপতি নিযুক্তি দি দলটো  সঠিকভাৱে চলাব লাগে। কিন্তু সেই দাবী মানি লোৱা নাছিল ছোনিয়া গান্ধীয়ে। তেতিয়াৰে পৰা ছোনিয়াই আজাদক ভাল দৃষ্টিৰে নোচোৱা বুলি বহুতে আলোচনা কৰা দেখা গৈছে।

উল্লেখ্য এই বছৰৰ শেষৰ ফালে কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল। ইয়াৰ পূৰ্বে, কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীয়ে সকলো দলীয়  নিৰ্বাচনী সমিতি পুনৰ গঠন কৰাৰ বিষয়ত গুৰুত্ব দিছে। ছোনিয়াই আশা কৰিছিল যে জ্যেষ্ঠ নেতাসকলে অতীতৰ বিদ্ৰোহ পাহৰি নতুনকৈ কাম কৰিব। কিন্তু দায়িত্ব দিয়াৰ কেইঘণ্টামানৰ ভিতৰতে আজাদে পদত্যাগ কৰাৰ কথাই ছোনিয়াক নিৰাশ কৰিলে। বিশেষজ্ঞসকলৰ মতে এয়া  কাশ্মীৰৰ কংগ্ৰেছৰ সাংগঠনিক দিশত এক ডাঙৰ আঘাত ।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ