--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃজ্যেষ্ঠ কংগ্ৰেছ নেতা গুলাম নবী আজাদৰ  দলটোৰ শেহতীয়া কেতবোৰ কাৰ্যকলাপত যেন  খং উঠিছে। সেয়ে তেওঁ শীৰ্ষ নেতৃত্বৰ নিৰ্দেশকো আওকাণ কৰি  কাশ্মীৰৰ নিৰ্বাচনী সমিতিৰ  গুৰুত্বপূৰ্ণ পদৰ পৰা পদত্যাগ কৰিছে। জম্মু আৰু কাশ্মীৰ নিৰ্বাচনী প্ৰচাৰ সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি পোৱাৰ কেইঘণ্টামান পিছতে আজাদে  পদত্যাগ কৰাৰ কথা ঘোষণা কৰে।

আজাদৰ এনে স্থিতিত স্বাভাৱিকতে শলঠেকত পৰিছে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব। শীঘ্ৰে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা থকা কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে কঁকালত টঙালি বান্ধিছে। গোলাম নবী আজাদক নিৰ্বাচনী প্ৰচাৰ সমতিৰ অধ্যক্ষ পদত নিযুক্তি দিলে দলটোৱে কাশ্মীৰী জনতাৰ হৃদয় জয় কৰাত সক্ষম হ’ব বুলি কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই ধাৰণা কৰিছিল। সেইবাবেই আজাদক সেই পদবীত নিযুক্তি দিয়া হৈছিল। 

কিন্তু আজাদে সেই পদ পোণচাটেই প্ৰত্যাখ্যান কৰাত বিমোৰত পৰিছে ছোনিয়া গান্দী। একে সময়তে আজাদে আজি  জম্মু-কাশ্মীৰৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ পৰাও পদত্যাগ কৰে। সূত্ৰ অনুসৰি, নতুন পদত নিযুক্তি দিয়াৰ  বাবে আজাদে যথেষ্ট অপমানিত বোধ কৰিছে। সেইবাবেই জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে কাশ্মীৰত নিৰ্বাচনী  কাৰ্যকলাপৰ পৰা পদত্যাগ  কৰাৰ সিদ্ধান্ত লৈছে।গুলাম নবী আজাদ দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ সৰ্বভাৰতীয় ৰাজনৈতিক পৰিক্ৰমা সমিতিত আছে। তেওঁ কৈছিল যে কেৱল জম্মু আৰু কাশ্মীৰত প্ৰচাৰৰ দায়িত্ব দি তেওঁৰ কামৰ পৰিসৰ হ্ৰাস কৰা হৈছে। এজন প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আজাদে আশা কৰিছিল যে তেওঁক ৰাজ্যিক কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিয়া হ'ব। কিন্তু তাৰ পৰিৱৰ্তে, কেৱল নিৰ্বাচনী প্ৰচাৰ সমিতিৰ মুৰব্বীৰ পদহে দিয়া হ’ল।

কেইদিনমান আগতে, আজাদৰ এজন ঘনিষ্ঠ সহযোগী গোলাম আহমেদ মীৰক জম্মু-কাশ্মীৰৰ সভাপতি  পদৰ পৰা আঁতৰাই দিয়া হৈছিল। এনে অপমানৰ বাবে তেওঁ দলৰ পৰাই  পদত্যাগ কৰিছিল। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ৰাচিয়াল ৱানীক পদটোত নিযুক্তি দিয়া হৈছিল। সৰ্বোপৰি, জ্যেষ্ঠ নেতা আজাদ দলৰ নেতৃত্বৰ সৈতে বাৰে বাৰে সংঘাতত লিপ্ত হৈ আহিছে। দুবছৰ আগতে, তেওঁ ছোনিয়া গান্ধীলৈ এখন পত্ৰ লিখিছিল। ক্ষুব্ধ কংগ্ৰেছ নেতাসকলে ছোনিয়ালৈ লিখা পত্ৰত  আজাদেও স্বাক্ষৰ কৰিছিল। তেওঁলোকে কৈছিল যে দলটোৰ এজন স্থায়ী সভাপতি নিযুক্তি দি দলটো  সঠিকভাৱে চলাব লাগে। কিন্তু সেই দাবী মানি লোৱা নাছিল ছোনিয়া গান্ধীয়ে। তেতিয়াৰে পৰা ছোনিয়াই আজাদক ভাল দৃষ্টিৰে নোচোৱা বুলি বহুতে আলোচনা কৰা দেখা গৈছে।

উল্লেখ্য এই বছৰৰ শেষৰ ফালে কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল। ইয়াৰ পূৰ্বে, কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীয়ে সকলো দলীয়  নিৰ্বাচনী সমিতি পুনৰ গঠন কৰাৰ বিষয়ত গুৰুত্ব দিছে। ছোনিয়াই আশা কৰিছিল যে জ্যেষ্ঠ নেতাসকলে অতীতৰ বিদ্ৰোহ পাহৰি নতুনকৈ কাম কৰিব। কিন্তু দায়িত্ব দিয়াৰ কেইঘণ্টামানৰ ভিতৰতে আজাদে পদত্যাগ কৰাৰ কথাই ছোনিয়াক নিৰাশ কৰিলে। বিশেষজ্ঞসকলৰ মতে এয়া  কাশ্মীৰৰ কংগ্ৰেছৰ সাংগঠনিক দিশত এক ডাঙৰ আঘাত ।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু