--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পাকিস্তান অধিকৃত কাশ্মীৰ আৰু কৈলাশ মানস সৰোৱৰক ভাৰতে ঘূৰাই পাবলৈ দেশবাসীয়ে প্ৰতি পুৱা বিশেষভাৱে প্ৰাৰ্থনা কৰা উচিত। শনিবাৰে এইদৰে মন্তব্য কৰিছে আৰএছএছ নেতা ইন্দ্ৰেশ কুমাৰে।

কুমাৰে কয় যে মানস সৰোবৰক চীন আৰু কাশ্মীৰক পাকিস্তানে অবৈধভাৱে দখল কৰি আছে। নিজৰ বক্তব্যত কুমাৰে জম্মু কাশ্মীৰত যোৱা ৭০ বছৰে শাসনত বহি অহা আঞ্চলিক দলসমূহকো সমালোচনা কৰে।

কৈলাশ মানসসৰোবৰ ভাৰতৰ অংশ আছিল। এতিয়া চীনে ইয়াক অবৈধভাৱে দখল কৰি আছে। ইয়াক ভাৰতৰ লগত পুনৰ চামিল কৰা উচিত আৰু দেশবাসীয়ে এতিয়াও বিশ্বাস কৰে যে ভৱিষ্যতে এয়া সম্ভৱ হৈ উঠিব।”- কুমাৰে কয়।

আমি দেশবাসীক অনুৰোধ কৰিছো যে প্ৰতিপুৱা তেওঁলোকে কৈলাশ মানস সৰোৱৰ আৰু পাকিস্তান অধিকৃত কাশ্মীৰ পুনৰাই লাভ কৰিবলৈ পাৰ্থনা কৰে।’’- কুমাৰে কয়- “প্ৰাৰ্থনাৰ অপৰিসীম শক্তি আছে।”

তদুপৰি মোদী চৰকাৰক প্ৰশংসা কৰি তেওঁ কয় যে দেশবাসীৰ নৰেন্দ্ৰ মোদীৰ ওপৰত আস্থা থকা উচিত। চীনৰ আগ্ৰাসনৰ প্ৰতি মোদী চৰকাৰে গ্ৰহণ নীতিসমূহক সমৰ্থন জনাবলৈও তেওঁ আহ্বান কৰে।

পাকিস্তানৰ প্ৰতিও ক্ষোভৰ বহিঃপ্ৰকাশ ঘটায় কুমাৰে। কয় যে পাকিস্তানে দেশখনৰ সংখ্যালঘু হিন্দুসকলৰ ওপৰত ব্যাপক হিংসা চলাই আহিছে।

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমীয়া ভাষাৰ শ্রেষ্ঠ ছবি আদিত্যম শইকীয়াৰ 'ৰঙা টাপু ১৯৮২'
৮ জন পুৰুষক বিয়া কৰাই লাখ লাখ টকা প্ৰতাৰণা! ৯ নম্বৰ দৰাৰ সন্ধানত থাকোতেই গ্ৰেপ্তাৰ প্ৰবঞ্চক কইনা
জন্মদিনৰ পাৰ্টিৰ পৰা উভতি আহোতে ভয়ংকৰ দুৰ্ঘটনা! একে পৰিয়ালৰ ৫জনৰ থিতাতে মৃত্যু
কুন্দুলীৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক
শুল্ক প্রত্যাহাৰ নকৰিলে আমেৰিকাৰ সামগ্ৰী বর্জন কৰিব ভাৰতত
ছোবাৰ্ছ, গাভাস্কাৰৰ ৰেকৰ্ড ভাঙিলে গীলে