--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বক্সৰ জিলা চৌছাত ৪ বছৰীয়া ল’ৰা এটাৰ জিন্সৰ বুটাম ডিঙিত আবদ্ধ হৈ পৰাত আতংকৰ সৃষ্টি হয়, যিটো পৰিয়ালে খৰখেদাকৈ চৌছা পিএইচচি(PHC) লৈ লৈ যায়, কিন্তু তাতো ডিঙিৰ পৰা বুটামটো আঁতৰাব পৰা নগল। এনে অৱস্থাত শিশুটিৰ অৱস্থা অধিক অৱনতি ঘটিছিল, তাৰ পাছতেই তেওঁক খোদ চৌছাৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত চিকিৎসকে দুঘণ্টা ধৰি কষ্ট কৰি শিশুটিৰ ডিঙিৰ বুটামটো আঁতৰাই দিয়ে। 

ঘটনাটোৰ স্থান বিহাৰ। মুফাছিল থানা এলেকাৰ চৌছা নৰবতপুৰ গাঁৱৰ, য’ত  ৪ বছৰীয়া ৰাজকুমাৰে কুমাৰে জিন্সৰ পেন্টৰ এটা ডাঙৰ বুটাম মুখত লৈছিল। যিটো হঠাতে ডিঙিত আবদ্ধ হৈ পৰিল, তাৰ পাছত শিশুটিয়ে জোৰেৰে কাহ মাৰিবলৈ ধৰিলে আৰু তেওঁৰ উশাহ-নিশাহত অসুবিধা হ’বলৈ ধৰিলে। এই দেখি পৰিয়ালত আতংকৰ সৃষ্টি হয়। প্ৰথমতে পৰিয়ালৰ লোকে নিজে আটৰাবলৈ চেষ্টা কৰিছিল যদিও শিশুটিৰ অৱস্থা বেয়া হোৱা দেখি চৌছা পি এইচ চিলৈ লৈ যোৱা হয়, য’ত চিকিৎসকে তেওঁক উলিয়াব নোৱাৰিলে। ইয়াৰ পাছত শিশুটিক ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত চিকিৎসকে প্ৰথমে এক্স-ৰে কৰি বুটামটোৰ অৱস্থান দেখি কেইঘণ্টামান কষ্টৰ অন্তত ডিঙিত আবদ্ধ হৈ থকা বুটামটো আঁতৰাই দিয়ে, যাৰ ফলত শিশুটিৰ জীৱন ৰক্ষা পৰে।

• খেলি থাকোঁতে শিশুৰ ওপৰত চকু ৰাখিব
আনহাতে ড° ভি.কে. শৰ্মাই কয় যে খেলি থাকোঁতে শিশুৰ প্ৰতি গুৰুত্ব দিব লাগে, নহ’লে কেতিয়াবা এনে পৰিস্থিতিয়ে মাৰাত্মক হ’ব পাৰে। আত্মীয়ই শিশুটিৰ সৈতে সঠিক সময়ত আমাৰ ওচৰ পালেগৈ, যাৰ বাবে ডিঙিৰ পৰা বুটামটো সফলতাৰে আঁতৰাই পেলোৱা হ’ল। লগতে শিশুটি দুখীয়া পৰিয়ালৰ আছিল, গতিকে কোনো মাচুল লোৱা হোৱা নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু