--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভাৰত জোড়ো যাত্ৰাৰ মাজতে ৰাহুল গান্ধীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে। জনপ্ৰিয় কান্নাড়া ছৱি কেজিএফ-২ৰ এটা গান অনুমতি নোলোৱাকৈ গান্ধীৰ যাত্ৰাটোত ব্যৱহাৰ কৰাৰ বাবে এই গোচৰ ৰুজু কৰা হৈছে।

 

ৰাহুল গান্ধীৰ উপৰিও আন দুজন জ্যেষ্ঠ কংগ্ৰেছ নেতাকো গোচৰটোত সাঙুৰি লোৱা হৈছে। নেতাকেইজন হৈছে- জয়ৰাম ৰমেশ আৰু সুপ্ৰিয়া।

 

যশোৱন্তপুৰ আৰক্ষী থানাত শুক্ৰবাৰে ৰুজু হোৱা গোচৰটো কপিৰাইট আইন, ইনফৰমেচন টেকন’লজী এক্ট আৰু ভাৰতীয় দণ্ডবিধিৰ ধাৰাৰ অধীনত তৰা হৈছে। এমআৰটি মিউজিকৰ মেনেজাৰ এম নৱীন কুমাৰে গোচৰটো তৰিছে বুলি জানিব পৰা গৈছে।

 

এজাহাৰত কুমাৰে কয় যে কেজিএফ-২ৰ উক্ত গানটোৰ স্বত্ব তেওঁৰ সংস্থাটোত আছে আৰু ইয়াক ভাৰত জোড়ো যাত্ৰাত অনুমতি নোলোৱাকৈ ব্যৱহাৰ কৰা হৈছে।

 

উল্লেখ্য যে যোৱা ৭ ছেপ্টেম্বৰত আৰম্ভ কৰা যাত্ৰাটোৱে ইতিমধ্যে দক্ষিণ ভাৰত আটাইকেওখন ৰাজ্য সামৰি লৈছে। যাত্ৰাটোৰ মাজতে ৰাহুল গান্ধীৰ বিৰুদ্ধে এইদৰে গোচৰ ৰুজু হোৱাো লক্ষ্যণীয় হৈ পৰিছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক