--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃঅভিলেখৰ পিছত অভিলেখ। অভিলেখ কেৱল যে মানুহেই সৃষ্টি কৰে তেনে নহয়। শাক-পাচলিৰ জগত খনতো অভিলেখৰ যেন অন্ত নাই। এটা ৰঙালাওৰ ওজন কিমান হ'ব পাৰে বাৰু ? ১০ কিলোগ্ৰাম, অত্যাধিক ১৫ কিলোগ্ৰাম। 

কিন্তু এটা  ৰঙালাওৰ ওজন যদি  ১১৫৮ কিলোগ্ৰাম হয় তেন্তে সেয়া নিশ্চয়কৈ আচৰিত হ’বলগীয়া কথাই হ’ব এই ৰঙালাওটোৱে এতিয়া ওজনৰ দিশৰ পৰা অভিলেখ সৃষ্টি কৰিছে। আমেৰিকাৰ নিউয়ৰ্কৰ এজন খেতিয়ক স্কট এণ্ড্ৰেছে তেওঁৰ পথাৰত এই বিশাল ৰঙালাওটো উৎপাদন কৰিবলৈ সক্ষম হৈছে। 

 নিউয়ৰ্কৰ 'দ্য গ্ৰেট পামকিন ফাৰ্ম' নামৰ প্ৰতিযোগিতাখনত ৰঙালাওটোৱে দ্বিতীয় শ্ৰেষ্ঠ পুৰস্কাৰ লাভ কৰিছে। ৰাঙলাওটোৱে উত্তৰ আমেৰিকাৰ সৰ্ববৃহৎ ৰঙালাও হিচাবে   ৰেকৰ্ড সৃষ্টি কৰিছে।

স্কটৰ  এই  ৰঙালাওটোৰ ওজন ১১৫৮ কিলোগ্ৰাম। প্ৰতিযোগিতাত এজন ইটালীৰ কৃষকে  উৎপাদন কৰা ১২২৫   কিলোগ্ৰাম  ওজনৰ ৰঙালাওটোৱে   অভিলেখ গঢ়িছে। স্কটে কয়  যে তেওঁৰ লক্ষ্য আছিল বিশ্ব অভিলেখ স্থাপন কৰা।

সেইবাবেই তেওঁ দিনে-ৰাতিয়ে ৰঙালাওটোৰ যত্ন লৈছিল। অৱশ্যে, স্কটে বিশ্ব ৰেকৰ্ডৰ পৰা মাত্ৰ অলপ দূৰত থাকি  সন্তুষ্ট থাকিব লগা হৈছিল। কিন্তু স্কটে ইয়াৰ বাবে অনুশোচনা নকৰে। যদিও তেওঁ বিশ্ব ৰেকৰ্ড কৰিব নোৱাৰিলে, তেওঁ উত্তৰ আমেৰিকাৰ আটাইতকৈ গধুৰ ৰঙালাওটো উৎপাদনৰ অভিলেখ গঢ়িছে। আৰু তাতেই তেওঁ সন্তুষ্ট।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক