ডিজিটেল ডেস্কঃঅভিলেখৰ পিছত অভিলেখ। অভিলেখ কেৱল যে মানুহেই সৃষ্টি কৰে তেনে নহয়। শাক-পাচলিৰ জগত খনতো অভিলেখৰ যেন অন্ত নাই। এটা ৰঙালাওৰ ওজন কিমান হ'ব পাৰে বাৰু ? ১০ কিলোগ্ৰাম, অত্যাধিক ১৫ কিলোগ্ৰাম।
কিন্তু এটা ৰঙালাওৰ ওজন যদি ১১৫৮ কিলোগ্ৰাম হয় তেন্তে সেয়া নিশ্চয়কৈ আচৰিত হ’বলগীয়া কথাই হ’ব এই ৰঙালাওটোৱে এতিয়া ওজনৰ দিশৰ পৰা অভিলেখ সৃষ্টি কৰিছে। আমেৰিকাৰ নিউয়ৰ্কৰ এজন খেতিয়ক স্কট এণ্ড্ৰেছে তেওঁৰ পথাৰত এই বিশাল ৰঙালাওটো উৎপাদন কৰিবলৈ সক্ষম হৈছে।
নিউয়ৰ্কৰ 'দ্য গ্ৰেট পামকিন ফাৰ্ম' নামৰ প্ৰতিযোগিতাখনত ৰঙালাওটোৱে দ্বিতীয় শ্ৰেষ্ঠ পুৰস্কাৰ লাভ কৰিছে। ৰাঙলাওটোৱে উত্তৰ আমেৰিকাৰ সৰ্ববৃহৎ ৰঙালাও হিচাবে ৰেকৰ্ড সৃষ্টি কৰিছে।
স্কটৰ এই ৰঙালাওটোৰ ওজন ১১৫৮ কিলোগ্ৰাম। প্ৰতিযোগিতাত এজন ইটালীৰ কৃষকে উৎপাদন কৰা ১২২৫ কিলোগ্ৰাম ওজনৰ ৰঙালাওটোৱে অভিলেখ গঢ়িছে। স্কটে কয় যে তেওঁৰ লক্ষ্য আছিল বিশ্ব অভিলেখ স্থাপন কৰা।
সেইবাবেই তেওঁ দিনে-ৰাতিয়ে ৰঙালাওটোৰ যত্ন লৈছিল। অৱশ্যে, স্কটে বিশ্ব ৰেকৰ্ডৰ পৰা মাত্ৰ অলপ দূৰত থাকি সন্তুষ্ট থাকিব লগা হৈছিল। কিন্তু স্কটে ইয়াৰ বাবে অনুশোচনা নকৰে। যদিও তেওঁ বিশ্ব ৰেকৰ্ড কৰিব নোৱাৰিলে, তেওঁ উত্তৰ আমেৰিকাৰ আটাইতকৈ গধুৰ ৰঙালাওটো উৎপাদনৰ অভিলেখ গঢ়িছে। আৰু তাতেই তেওঁ সন্তুষ্ট।