--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ প্ৰথমটো 3D মুদ্ৰিত ডাকঘৰ শুকুৰবাৰে বেংগালুৰুত কেন্দ্ৰীয় ৰে'ল, যোগাযোগ, ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে উদ্বোধন কৰে। 

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উদ্বোধনী ভাষণত কয় যে 3D মুদ্ৰিত ডাকঘৰ মুকলি কৰাটোৱে বৰ্তমান সময়ত দেশখনে যি দৃষ্টিভংগীৰে আগবাঢ়ি আছে তাৰ ইংগিত দিয়ে। কোনেও কেতিয়াও ভবা নাছিল যে ভাৰতে নিজৰ ৪জি আৰু ৫জি প্ৰযুক্তি বিকাশ কৰিব। কোনেও কেতিয়াও ভবা নাছিল যে ভাৰতে নিজৰ অতি জটিল টেলিকম প্ৰণালী প্ৰস্তুত কৰিব।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বেংগালুৰু চহৰৰ প্ৰশংসা কৰি কয় যে তেওঁ ইয়ালৈ আহি ভাল পায় কিয়নো চহৰখনত ইতিবাচকতা আৰু আগুৱাই যোৱা চৰিত্ৰ আছে। চহৰখনে ভাৰতৰ এখন নতুন ছবিক প্ৰতিনিধিত্ব কৰে। তেওঁ কয়, এই 3D মুদ্ৰিত ডাকঘৰ ভৱনৰ ক্ষেত্ৰত আপুনি আজি যি নতুন ছবিখন দেখিছে সেয়াই আজি ভাৰতৰ আত্মা।

কাৰ্যালয়টো হালাচুৰু এলেকাৰ কেমব্ৰিজ লেআউটত অৱস্থিত। ভৱনটো ত্ৰিমাত্ৰিক কংক্ৰিট প্ৰিণ্টিং প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছিল। প্ৰকল্পটো ৪৫ দিনৰ ভিতৰত সম্পূৰ্ণ হৈছিল।

প্ৰধানমন্ত্ৰী মোদীয়ে শুকুৰবাৰে এই ডাকঘৰক প্ৰশংসাৰে ওপচাই পেলায়৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, এই ডাকঘৰে দেশৰ উদ্ভাৱন আৰু প্ৰগতিৰ এক প্ৰমাণ আৰু লগতে এক আত্মনিৰ্ভৰশীল ভাৰতৰ আত্মাক মূৰ্তমান কৰি তুলিছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস