--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ প্ৰথমটো 3D মুদ্ৰিত ডাকঘৰ শুকুৰবাৰে বেংগালুৰুত কেন্দ্ৰীয় ৰে'ল, যোগাযোগ, ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে উদ্বোধন কৰে। 

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উদ্বোধনী ভাষণত কয় যে 3D মুদ্ৰিত ডাকঘৰ মুকলি কৰাটোৱে বৰ্তমান সময়ত দেশখনে যি দৃষ্টিভংগীৰে আগবাঢ়ি আছে তাৰ ইংগিত দিয়ে। কোনেও কেতিয়াও ভবা নাছিল যে ভাৰতে নিজৰ ৪জি আৰু ৫জি প্ৰযুক্তি বিকাশ কৰিব। কোনেও কেতিয়াও ভবা নাছিল যে ভাৰতে নিজৰ অতি জটিল টেলিকম প্ৰণালী প্ৰস্তুত কৰিব।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বেংগালুৰু চহৰৰ প্ৰশংসা কৰি কয় যে তেওঁ ইয়ালৈ আহি ভাল পায় কিয়নো চহৰখনত ইতিবাচকতা আৰু আগুৱাই যোৱা চৰিত্ৰ আছে। চহৰখনে ভাৰতৰ এখন নতুন ছবিক প্ৰতিনিধিত্ব কৰে। তেওঁ কয়, এই 3D মুদ্ৰিত ডাকঘৰ ভৱনৰ ক্ষেত্ৰত আপুনি আজি যি নতুন ছবিখন দেখিছে সেয়াই আজি ভাৰতৰ আত্মা।

কাৰ্যালয়টো হালাচুৰু এলেকাৰ কেমব্ৰিজ লেআউটত অৱস্থিত। ভৱনটো ত্ৰিমাত্ৰিক কংক্ৰিট প্ৰিণ্টিং প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছিল। প্ৰকল্পটো ৪৫ দিনৰ ভিতৰত সম্পূৰ্ণ হৈছিল।

প্ৰধানমন্ত্ৰী মোদীয়ে শুকুৰবাৰে এই ডাকঘৰক প্ৰশংসাৰে ওপচাই পেলায়৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, এই ডাকঘৰে দেশৰ উদ্ভাৱন আৰু প্ৰগতিৰ এক প্ৰমাণ আৰু লগতে এক আত্মনিৰ্ভৰশীল ভাৰতৰ আত্মাক মূৰ্তমান কৰি তুলিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
শিল্পীকা বৰদলৈৰ ৰাষ্ট্ৰীয় স্বীকৃতিক লৈ উৎফুল্ল যোৰহাটবাসী
ৰাছিয়াৰ কাষত মার্কিন পাৰমাণৱিক ছাবমেৰিন মোতায়েনৰ নিৰ্দেশ
ড° নগেন শইকীয়া, চৈয়দ চাদুল্লাক বাসগৃহতে সাক্ষাৎ সোণোৱালৰ
ৰঙিয়াৰ জৱাহৰ নৱোদয় বিদ্যালয়ত জঘন্য ঘটনা ; ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ ওপৰত যৌন উৎপীড়ন
শীঘ্ৰেই ভাৰতৰ মানচিত্ৰৰ পৰা অদৃশ্য হ'ব হিমাচল প্রদেশ
প্ৰসংগ: ডিব্ৰুগড়ৰ উত্তম গগৈৰ হত্যাকাণ্ড ; ছুপাৰি কিলাৰক ১০ লাখ টকা দি হত্যা ব্যৱসায়ীজনক...