--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টাটা কোম্পানী কেৱল ভাৰতৰে নহয়, সমগ্ৰ বিশ্বৰে এটা লেখত ল’বলগীয়া কোম্পানী। এই কোম্পানীটোৱেও এটা সময়ত গ্ৰহণ কৰিছিল মহিলাৰ বিৰুদ্ধে বৈষম্যৰ নীতি! এগৰাকী  লেখিকা, সমাজহিতৈষী আৰু শিক্ষাবিদ, ইনফোচিছৰ অধ্যক্ষা, সুধা মূৰ্তিয়ে এই বিষষয়ত টাটাৰ মুৰব্বীলৈ পত্ৰ লিখি আপত্তি দৰ্শাইছিল। মহিলাসকলৰ লগতে সকলোৰে বাবে  একাধিক অনুপ্ৰেৰণামূলক ভূমিকা গ্ৰহণ কৰা,   মহিলাসকলক শক্তিশালী  কৰাৰ পদক্ষেপ কৰি যোৱা সুধা মূৰ্তিক তেওঁৰ কৰ্মৰ  স্বীকৃতি স্বৰূপে ভাৰতৰ ২০০৬ চনত চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছে। 

কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক শাখাৰ এসময়ৰ শিক্ষাৰ্থী  সুধা মূৰ্তি শ্ৰেণীত ৫৯৯  জন ল'ৰাৰ বিপৰীতে একমাত্ৰ ছাত্ৰী আছিল। অমিতাভ বচ্চনৰ 'কৌন বনেগা কৰোড়পতি ১১'ত তেওঁশ্ৰেণীত একমাত্ৰ ছাত্ৰী হোৱাৰ অভিজ্ঞতাৰ  বিষয়ে স্পষ্টভাৱে কৈছিল ।দৰেচলতে সুধা মূৰ্তিৰ পিতৃ-মাতৃয়ে সুধাই অভিযান্ত্ৰিক কেৰিয়াৰ বাছনি কৰাৰ সিদ্ধান্তত সুখী নাছিল।কিন্তু  সুধা মূৰ্তি পিছৱাই যোৱা  নাছিল । কলেজত তেওঁক  প্ৰতিদিনে কেৱল শাৰী পিন্ধিবলৈহে আদেশ দিয়া হৈছিল আৰু কলেজৰ কেণ্টিনলৈ যোৱাত  বা ল'ৰাৰ সৈতে কথা পতাৰো  অনুমতি দিয়া হোৱা নাছিল। 

কিন্তু তেওঁ ইমানবোৰ বাধ্যবাধকতাৰ মাজতো শ্ৰেণীত শীৰ্ষস্থান দখল কৰিছিল। ইয়াৰ পিছতে ছাত্ৰসকলে প্ৰতিভাক চিনাক্ত কৰিবলৈ সক্ষম হৈছিল  আৰু তেওঁক সম  ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। পঢ়ি থকা সময়তে সুধাই জেআৰডি টাটালৈ এখন পত্ৰও লিখি তেওঁৰ কোম্পানীত "মহিলাৰ নিযুক্তিকলৈ কোনো নীতি নাই" বুলি অভিযোগ কৰিছিল আৰু এই বিষয়ত উদাৰ হ’বলৈ টাটাক আহ্বান জনাইছিল।১৯৭২ চনৰ 'দ্য কপিল শৰ্মা শ্ব'ৰ ঘটনাৰ কথা মনত পেলাই উদ্যোগীগৰাকীয়ে কয় যে তেওঁ বাংগালোৰৰ টাটা ইনষ্টিটিউটত এম টেক সম্পূৰ্ণ কৰাৰ সময়ত আমেৰিকাত পিএইচডি কৰিবলৈ বৃত্তি লাভ কৰিবলৈ চেষ্টা কৰি আছিল।তেওঁ কৈছিল" এদিন মই মোৰ হোষ্টেললৈ উভতি আহি আছিলো আৰু মই এখন টাটা কোম্পানীৰ জাননী পাইছিলো। তাত পুৰুষ   অভিযন্তাসকলক ভাল দৰমহাৰ সৈতে চাকৰিৰ বাবে প্ৰস্তাৱ দিয়া হৈছিল, কিন্তু শেষত, তেওঁলোকে উল্লেখ কৰিছিল যে মহিলা শিক্ষাৰ্থীসকলে আবেদন কৰাৰ প্ৰয়োজন নাই। এই কথাই সুধাক আচৰিত কৰি তুলিছিল। 

সুধাই কয়-  মোৰ বয়স তেতিয়া ২৩ বছৰ আছিল, সেই বয়সত মোৰ  খং উঠাটো স্বাভাৱিক কথা আছিল।,"  মহিলা অভিযান্ত্ৰিক বিদ্যাৰ্থীসকলকলৈ টাটা কোম্পানীৰ বহুতৰে  মনত থকা  বৈষম্যৰ মনোভাবক প্ৰত্যাহ্বান জনোৱাৰ উদ্দেশ্যৰে, সুধাই জেআৰডি টাটালৈ এখন পত্ৰ লিখিবলৈ সিদ্ধান্ত লৈছিল।সুধাই কয় " মোৰ পত্ৰখনত, মই তেওঁক লিখিছিলো, ছাৰ, জেআৰডি টাটা, যেতিয়া দেশখন স্বাধীন  হোৱা নাছিল, আপোনাৰ গোটে ৰাসায়নিক পদাৰ্থ, লোকোমোটিভ, লো আৰু ইস্পাত উদ্যোগ আৰম্ভ কৰিছিল। আপুনি সদায় সময়তকৈ আগবাঢ়ি থাকে। এই সমাজত ৫০  শতাংশ পুৰুষ আৰু ৫০  শতাংশ মহিলা আছে। যদি আপুনি মহিলাসকলক সুযোগ নিদিয়ে, তেন্তে আপুনি মহিলাসকলৰ সেৱাক অৱজ্ঞা কৰি আছে। ইয়াৰ অৰ্থ হৈছে  দেশৰ উন্নতি নহ'ব। যদি মহিলাসকলে শিক্ষা আৰু চাকৰিৰ সুযোগ নাপায়, তেন্তে সমাজ বা দেশ কেতিয়াও সমৃদ্ধ নহয়  আৰু এয়া  আপোনাৰ কোম্পানীৰ এটা ভুল ," ।








FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ