--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীত চলি আছে মল্লযোদ্ধাসকলৰ বিৰুদ্ধে যৌন আতিশয্যৰ প্ৰতিবাদ৷ যৌন আতিশয্যৰ প্ৰসংগ সাঙোৰ খাই পৰা ব্রীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে আন্দোলন কৰা মল্লযুঁজাৰুসকলে গংগাত পদক নিক্ষেপ কৰাৰ কথা ঘোষণা কৰিছে৷ মল্লযুঁজাৰু বিনেশ ফোগাটে ছ’চিয়েল মিডিয়াত এটা আৱেগিক পোষ্ট লিখি এই সন্দৰ্ভত তথ্য দিছে। তেওঁ কয় যে আজি মঙলবাৰে (৩০ মে’) সন্ধিয়া ৬ বজাত হৰিদ্বাৰৰ গংগাত খেলুৱৈসকলে পদক উটুৱাই দিব। দিল্লী আৰক্ষীয়ে মল্লযুঁজাৰুসকলৰ বিৰুদ্ধে লোৱা পদক্ষেপৰ দুদিন পিছত ২৮ মে’ত এই ঘোষণা কৰিছিল বিনেশ ফোগাটে।



বিজেপিৰ সাংসদ তথা ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ প্ৰাক্তন সভাপতি ব্রীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে উত্থাপিত যৌন অভিযোগৰ বিৰুদ্ধে ধর্ণাত বহি থকা মল্লযুঁজাৰুসকলে কয় যে "২৮ মে’ত যি হৈছিল সেইয়া সকলোৱে দেখিছে৷ দিল্লী আৰক্ষীয়ে আমাৰ লগত কেনে ব্যৱহাৰ কৰিছিল সেইয়াও দেখিছে৷ কিমান নিৰ্মমভাৱে আমাক গ্ৰেপ্তাৰ কৰা হ’ল। আমি শান্তিপূৰ্ণভাৱে আন্দোলন কৰি আছিলো। আমাৰ আন্দোলনৰ স্থানতো আৰক্ষীয়ে ভাঙি লণ্ডভণ্ড কৰি আমাৰ পৰা সকলো সামগ্ৰী কাঢ়ি লৈ ​​যায় আৰু পিছদিনা গুৰুতৰ গোচৰত আমাৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হয়।আমি অৰ্থাৎ মহিলা মল্লযুঁজাৰুসকলে তেওঁলোকৰ লগত হোৱা যৌন নিৰ্যাতনৰ ন্যায় বিচাৰি কোনো অপৰাধ সংঘটিত কৰিছেনে? সেইয়া দেশৰ জণগণই বিচাৰ কৰিব৷"













FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস