--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীত চলি আছে মল্লযোদ্ধাসকলৰ বিৰুদ্ধে যৌন আতিশয্যৰ প্ৰতিবাদ৷ যৌন আতিশয্যৰ প্ৰসংগ সাঙোৰ খাই পৰা ব্রীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে আন্দোলন কৰা মল্লযুঁজাৰুসকলে গংগাত পদক নিক্ষেপ কৰাৰ কথা ঘোষণা কৰিছে৷ মল্লযুঁজাৰু বিনেশ ফোগাটে ছ’চিয়েল মিডিয়াত এটা আৱেগিক পোষ্ট লিখি এই সন্দৰ্ভত তথ্য দিছে। তেওঁ কয় যে আজি মঙলবাৰে (৩০ মে’) সন্ধিয়া ৬ বজাত হৰিদ্বাৰৰ গংগাত খেলুৱৈসকলে পদক উটুৱাই দিব। দিল্লী আৰক্ষীয়ে মল্লযুঁজাৰুসকলৰ বিৰুদ্ধে লোৱা পদক্ষেপৰ দুদিন পিছত ২৮ মে’ত এই ঘোষণা কৰিছিল বিনেশ ফোগাটে।



বিজেপিৰ সাংসদ তথা ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ প্ৰাক্তন সভাপতি ব্রীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে উত্থাপিত যৌন অভিযোগৰ বিৰুদ্ধে ধর্ণাত বহি থকা মল্লযুঁজাৰুসকলে কয় যে "২৮ মে’ত যি হৈছিল সেইয়া সকলোৱে দেখিছে৷ দিল্লী আৰক্ষীয়ে আমাৰ লগত কেনে ব্যৱহাৰ কৰিছিল সেইয়াও দেখিছে৷ কিমান নিৰ্মমভাৱে আমাক গ্ৰেপ্তাৰ কৰা হ’ল। আমি শান্তিপূৰ্ণভাৱে আন্দোলন কৰি আছিলো। আমাৰ আন্দোলনৰ স্থানতো আৰক্ষীয়ে ভাঙি লণ্ডভণ্ড কৰি আমাৰ পৰা সকলো সামগ্ৰী কাঢ়ি লৈ ​​যায় আৰু পিছদিনা গুৰুতৰ গোচৰত আমাৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হয়।আমি অৰ্থাৎ মহিলা মল্লযুঁজাৰুসকলে তেওঁলোকৰ লগত হোৱা যৌন নিৰ্যাতনৰ ন্যায় বিচাৰি কোনো অপৰাধ সংঘটিত কৰিছেনে? সেইয়া দেশৰ জণগণই বিচাৰ কৰিব৷"












FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বিশ্ব হেপাটাইটিছ দিৱস
আদিংগিৰিৰ পাছত কালাপানীতো ঘৰে ঘৰে বিলালে উচ্ছেদৰ জাননী
উৰিয়ামঘাটত সাজু ১০০ বুলড'জাৰ
আদিত্য এল-১ মিছনৰ কৰ্মশালালৈ তেজপুৰৰ ছাত্ৰী
হৰিদ্বাৰত পদপিষ্ট হৈ ৬জনৰ মৃত্যু, ২৯জন আহত
যোৰহাটত আজি হীৰুদাৰ দিন