--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মানৱ সভ্যতাত কৰ’না ভাইৰাছে বিশ্বত কি প্ৰভাৱ পেলালে সেয়া নতুনকৈ কোৱাৰ নিশ্চয় প্ৰয়োজন নাই। বিশ্বৰ চৌদিশে আৱৰি ধৰিলে বিপৰ্যয় আৰু বিধ্বস্ত অৱস্থাই। বিশ্বৰ শক্তিশালী দেশবোৰো এই ভাইৰাছৰ সন্মুখত পানী পানী হৈ গ’ল। ধন-জনৰ বৃহৎ ক্ষতি হ’ল। কৰ’নাৰ ফলত কোনোবা যদি চিৰদিনলৈ এই পৃথিৱী এৰি গ’ল আন কাৰোবাৰ স্বাস্থ্যৰ প্ৰতি আহিল তীব্ৰ ভাবুকি। কিমানৰ উপাৰ্জনৰ পথ বন্ধ হ’ল…কিমানে চাকৰি হেৰুৱালে তাৰ কোনো লেখ-জোখ নাই। চাৰিওফালে এন্ধাৰ দেখাত এই ক’ৰ’না কালত অসংখ্য লোকে বাচি ল’লে আত্মহননৰ পথ। কৰ’নাই সৃষ্টি কৰা এনে দুৰ্যোগৰ সময়তে এইবাৰ বিশ্বজুৰি আতংক সৃষ্টি কৰিবলৈ আহিল অ’মিক্ৰন। অ’মিক্ৰন দ্ৰুতগতিত বিয়পি পৰিছে। ইয়াৰ উৎপত্তিস্থল হ’ল দক্ষিণ আফ্ৰিকা। বৰ্তমানলৈকে বিশ্বৰ প্ৰায়কেইখন দেশতে অ’মিক্ৰনৰ সন্ধান পোৱা গৈছে। ভাৰততো অ’মিক্ৰনে আতংকৰ সৃষ্টি কৰিছে।ইফালে জানুৱাৰী-ফেব্ৰুৱাৰীত কৰ’নাৰ তৃতীয় ঢৌৰ প্ৰভাৱ সৰ্বাধিক পৰিব। কেৱল এয়াই নহয় সেই সময়ত অ’মিক্ৰনৰ মাত্ৰাও তুংগত উঠিব।

আকৌ নতুন বছৰৰ আৰম্ভণিতে উত্তৰ প্ৰদেশ, পঞ্জাৱ, উত্তৰাখণ্ড, গোৱা আৰু মণিপুুৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। ফলত সেই সময়ত নতুনকৈ সংক্ৰমণ বাঢ়িলে ভয়ানক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা প্ৰবল। দেশৰ বাবে নতুন সংকট হৈ ধৰা দিছে কৰ’নাৰ নতুন ভেৰিয়েণ্ট অ’মিক্ৰন৷ক’ভিডৰ নতুন প্ৰজাতি অ’মিক্ৰনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উদ্বেগৰ মাজতে দেশখনত হঠাতে বৃহৎ সংখ্যক লোক অ’মিক্ৰনত আক্ৰান্ত হোৱাক লৈ সৃষ্টি হৈছে শংকাৰ। এইখিনিতে এলাহাবাদ উচ্চ ন্যায়ালয়ে নিৰ্বাচন আয়োগক আগন্তুক উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন এমাহ বা দুমাহ পিছুৱাই দিবলৈ অনুৰোধ জনাইছে। এলাহাবাদ উচ্চ ন্যায়ালয়ে প্ৰধানমন্ত্ৰী মোডী আৰু নিৰ্বাচন আয়োগক কোভিড-১৯ আৰু অ’মিক্ৰনৰ বৰ্ধিত ঘটনাৰ কথা বিবেচনা কৰি উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন এক-দুমাহৰ বাবে স্থগিত ৰখাৰ বিষয়ে বিবেচনা কৰিবলৈ অনুৰোধ জনাইছে। অ’মিক্ৰনৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বানচী প্ৰচাৰ আৰু ৰে’লীসমূহ স্থগিত ৰাখিবৰ বাবে অনুৰোধ জনাইছে এলাহাবাদ উচ্চ ন্যায়ালয়ে।

আনহাতে মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশ চৰকাৰে নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ নাইট কাৰ্ফিউ জাৰি কৰিছে। অসমো অ’মিক্রনৰ গ্ৰাসত পৰাৰ প্ৰবল সম্ভাৱনা। বাহিৰৰ পৰা কোন আহিছে কোন গৈছে তাৰ কোনো হিচাপ নাই। যি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে সাৱধান হ'বলৈ আহ্বান জনাব লাগিছিল সেই সময়ত তেওঁ নিজে হাজাৰ হাজাৰ মানুহ লৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত। পৰিস্থিতি বিষম হোৱাৰ আশংকা কৰি এলাহাবাদ উচ্চ ন্যায়ালয়ে নিৰ্বাচন আয়োগক নিৰ্বাচন পিছুৱাই দিয়াৰ কথা ক’বলৈ বাধ্য হৈ পৰিছে। এই সংকটৰ সময়ত নিয়মমতে নিৰ্বাচনী প্ৰচাৰ ভাৰ্চুৱেলী হ’ব লাগিছিল।

কেৱল চৰকাৰেই নহয় জনসাধাৰণো যেন অ’মিক্রনক লৈ চিন্তিত নহয়। শ্বপিং মল বা অন্যান্য স্থানত এতিয়াও মানুহে আগৰদৰে এনেই ভিৰভাৰ কৰে। মাস্ক পৰিধান আৰু ছেনিটাইজাৰ ব্যৱহাৰ কৰবাত যেন দূৰতে ৰৈ গ'ল।এতিয়া কথা হ’ল এই নতুন সংক্ৰমণে যদি সংহাৰ যজ্ঞ আৰম্ভ কৰে আৰু যদি পুনৰ সমগ্ৰ দেশতে লকডাউন দিবলগীয়া পৰিস্থিতি আহি পৰে তেন্তে কোভিড কালত যেনতেন বাচি যোৱাখিনিৰ এইবাৰ আৰু নিস্তাৰ নহ’ব….এক ভয়ংকৰ ভৱিষ্যতলৈ গৈ আছো আমি…গতিকে সময় থাকোতেই সাৱধান হোৱাৰ সময় আহি পৰিছে।

আৰু পঢ়কঃ ১৫ বছৰে সৰু প্ৰেমিকৰ সৈতে ব্ৰেক-আপ সুস্মিতাৰ;নিজে সদৰী কৰিলে হৃদয় ভগাৰ খবৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
যুদ্ধ বন্ধ নকৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব; পুটিনক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন