--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মানৱ সভ্যতাত কৰ’না ভাইৰাছে বিশ্বত কি প্ৰভাৱ পেলালে সেয়া নতুনকৈ কোৱাৰ নিশ্চয় প্ৰয়োজন নাই। বিশ্বৰ চৌদিশে আৱৰি ধৰিলে বিপৰ্যয় আৰু বিধ্বস্ত অৱস্থাই। বিশ্বৰ শক্তিশালী দেশবোৰো এই ভাইৰাছৰ সন্মুখত পানী পানী হৈ গ’ল। ধন-জনৰ বৃহৎ ক্ষতি হ’ল। কৰ’নাৰ ফলত কোনোবা যদি চিৰদিনলৈ এই পৃথিৱী এৰি গ’ল আন কাৰোবাৰ স্বাস্থ্যৰ প্ৰতি আহিল তীব্ৰ ভাবুকি। কিমানৰ উপাৰ্জনৰ পথ বন্ধ হ’ল…কিমানে চাকৰি হেৰুৱালে তাৰ কোনো লেখ-জোখ নাই। চাৰিওফালে এন্ধাৰ দেখাত এই ক’ৰ’না কালত অসংখ্য লোকে বাচি ল’লে আত্মহননৰ পথ। কৰ’নাই সৃষ্টি কৰা এনে দুৰ্যোগৰ সময়তে এইবাৰ বিশ্বজুৰি আতংক সৃষ্টি কৰিবলৈ আহিল অ’মিক্ৰন। অ’মিক্ৰন দ্ৰুতগতিত বিয়পি পৰিছে। ইয়াৰ উৎপত্তিস্থল হ’ল দক্ষিণ আফ্ৰিকা। বৰ্তমানলৈকে বিশ্বৰ প্ৰায়কেইখন দেশতে অ’মিক্ৰনৰ সন্ধান পোৱা গৈছে। ভাৰততো অ’মিক্ৰনে আতংকৰ সৃষ্টি কৰিছে।ইফালে জানুৱাৰী-ফেব্ৰুৱাৰীত কৰ’নাৰ তৃতীয় ঢৌৰ প্ৰভাৱ সৰ্বাধিক পৰিব। কেৱল এয়াই নহয় সেই সময়ত অ’মিক্ৰনৰ মাত্ৰাও তুংগত উঠিব।

আকৌ নতুন বছৰৰ আৰম্ভণিতে উত্তৰ প্ৰদেশ, পঞ্জাৱ, উত্তৰাখণ্ড, গোৱা আৰু মণিপুুৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। ফলত সেই সময়ত নতুনকৈ সংক্ৰমণ বাঢ়িলে ভয়ানক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা প্ৰবল। দেশৰ বাবে নতুন সংকট হৈ ধৰা দিছে কৰ’নাৰ নতুন ভেৰিয়েণ্ট অ’মিক্ৰন৷ক’ভিডৰ নতুন প্ৰজাতি অ’মিক্ৰনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উদ্বেগৰ মাজতে দেশখনত হঠাতে বৃহৎ সংখ্যক লোক অ’মিক্ৰনত আক্ৰান্ত হোৱাক লৈ সৃষ্টি হৈছে শংকাৰ। এইখিনিতে এলাহাবাদ উচ্চ ন্যায়ালয়ে নিৰ্বাচন আয়োগক আগন্তুক উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন এমাহ বা দুমাহ পিছুৱাই দিবলৈ অনুৰোধ জনাইছে। এলাহাবাদ উচ্চ ন্যায়ালয়ে প্ৰধানমন্ত্ৰী মোডী আৰু নিৰ্বাচন আয়োগক কোভিড-১৯ আৰু অ’মিক্ৰনৰ বৰ্ধিত ঘটনাৰ কথা বিবেচনা কৰি উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন এক-দুমাহৰ বাবে স্থগিত ৰখাৰ বিষয়ে বিবেচনা কৰিবলৈ অনুৰোধ জনাইছে। অ’মিক্ৰনৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বানচী প্ৰচাৰ আৰু ৰে’লীসমূহ স্থগিত ৰাখিবৰ বাবে অনুৰোধ জনাইছে এলাহাবাদ উচ্চ ন্যায়ালয়ে।

আনহাতে মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশ চৰকাৰে নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ নাইট কাৰ্ফিউ জাৰি কৰিছে। অসমো অ’মিক্রনৰ গ্ৰাসত পৰাৰ প্ৰবল সম্ভাৱনা। বাহিৰৰ পৰা কোন আহিছে কোন গৈছে তাৰ কোনো হিচাপ নাই। যি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে সাৱধান হ'বলৈ আহ্বান জনাব লাগিছিল সেই সময়ত তেওঁ নিজে হাজাৰ হাজাৰ মানুহ লৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত। পৰিস্থিতি বিষম হোৱাৰ আশংকা কৰি এলাহাবাদ উচ্চ ন্যায়ালয়ে নিৰ্বাচন আয়োগক নিৰ্বাচন পিছুৱাই দিয়াৰ কথা ক’বলৈ বাধ্য হৈ পৰিছে। এই সংকটৰ সময়ত নিয়মমতে নিৰ্বাচনী প্ৰচাৰ ভাৰ্চুৱেলী হ’ব লাগিছিল।

কেৱল চৰকাৰেই নহয় জনসাধাৰণো যেন অ’মিক্রনক লৈ চিন্তিত নহয়। শ্বপিং মল বা অন্যান্য স্থানত এতিয়াও মানুহে আগৰদৰে এনেই ভিৰভাৰ কৰে। মাস্ক পৰিধান আৰু ছেনিটাইজাৰ ব্যৱহাৰ কৰবাত যেন দূৰতে ৰৈ গ'ল।এতিয়া কথা হ’ল এই নতুন সংক্ৰমণে যদি সংহাৰ যজ্ঞ আৰম্ভ কৰে আৰু যদি পুনৰ সমগ্ৰ দেশতে লকডাউন দিবলগীয়া পৰিস্থিতি আহি পৰে তেন্তে কোভিড কালত যেনতেন বাচি যোৱাখিনিৰ এইবাৰ আৰু নিস্তাৰ নহ’ব….এক ভয়ংকৰ ভৱিষ্যতলৈ গৈ আছো আমি…গতিকে সময় থাকোতেই সাৱধান হোৱাৰ সময় আহি পৰিছে।

আৰু পঢ়কঃ ১৫ বছৰে সৰু প্ৰেমিকৰ সৈতে ব্ৰেক-আপ সুস্মিতাৰ;নিজে সদৰী কৰিলে হৃদয় ভগাৰ খবৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন