--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আণ্ডাৰডগ মৰক্কোৰ হাতত পৰাজীত হ’ল তাৰকাখচিত বেলজিয়াম। বিশ্বকাপৰ গ্ৰুপ-এফৰ এখন গুৰুত্বপূৰ্ণ মেচত উল্লেখনীয় প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম নহ’ল কেভিন ডি ব্ৰুইন, এডিন হাজাৰ্ড অথবা থৰগেন হাজাৰ্দ।

আচ্ৰাফ হাকিমি, হাকিম জীয়েখৰ দৰে কেইজনমান শীৰ্ষস্থানীয় তাৰকাক লৈ গঠিত মৰক্কোৰ আক্ৰমণৰ আগত হাৰ মানে বেলজিয়ামে। আল থুমামা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত মৰক্কোৰ আগত ২-০ ব্যৱধানত পৰাস্ত হয় বেলজিয়াম।

মৰক্কোৰ হৈ প্ৰথমটো গ’লটো কৰে আক্ৰমণাত্মক মিডফিল্ডাৰ আব্দেলহামিদ ছাবিৰিয়ে। ৭৩ মিনিটত ছাবিৰৰ এটা দূৰ্দান্ত ফ্ৰী কিকৰ ওচৰত হাৰ মানে বেলজিয়ামৰ তাৰকা গ’লকীপাৰ থিব’ কুৰ্তোৱা।

দ্বিতীয়াৰ্ধৰ অতিৰিক্ত সময়ত আনটো গ’ল কৰে মৰক্কোৰ ফৰৱাৰ্ড জাকাৰিয়া আব’খলালে। আব’খলালৰ দূৰ্দান্ত গ’লটোৱে বেলজিয়ামৰ সকলো সম্ভাৱনা তচনচ কৰি পেলায়।

বেলজিয়ামৰ পৰাজয়ৰ মূলতে আছিল দলটোৰ আক্ৰমণশৈলীত দেখা দিয়া বিভিন্ন ত্ৰুটি।  ৬৭ শতাংশ বলৰ আয়ত্ত থাকিলেও দলটোৱে কোনো বিশেষ আক্ৰমণ কৰিবলৈ সক্ষম নহ’ল।

এই বিজয়ৰ দ্বাৰা মৰক্কোৱে গ্ৰুপ এফৰ শীৰ্ষস্থানত উপনীত হোৱাৰ বিপৰীতে বেলজিয়ামে দ্বিতীয় স্থান অটুত ৰাখিছে। গ্ৰুপৰ পৰৱৰ্তী মেচ কানাডা আৰু ক্ৰৱেচিয়াৰ মাজত অনুষ্ঠিত হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক