--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আণ্ডাৰডগ মৰক্কোৰ হাতত পৰাজীত হ’ল তাৰকাখচিত বেলজিয়াম। বিশ্বকাপৰ গ্ৰুপ-এফৰ এখন গুৰুত্বপূৰ্ণ মেচত উল্লেখনীয় প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম নহ’ল কেভিন ডি ব্ৰুইন, এডিন হাজাৰ্ড অথবা থৰগেন হাজাৰ্দ।

আচ্ৰাফ হাকিমি, হাকিম জীয়েখৰ দৰে কেইজনমান শীৰ্ষস্থানীয় তাৰকাক লৈ গঠিত মৰক্কোৰ আক্ৰমণৰ আগত হাৰ মানে বেলজিয়ামে। আল থুমামা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত মৰক্কোৰ আগত ২-০ ব্যৱধানত পৰাস্ত হয় বেলজিয়াম।

মৰক্কোৰ হৈ প্ৰথমটো গ’লটো কৰে আক্ৰমণাত্মক মিডফিল্ডাৰ আব্দেলহামিদ ছাবিৰিয়ে। ৭৩ মিনিটত ছাবিৰৰ এটা দূৰ্দান্ত ফ্ৰী কিকৰ ওচৰত হাৰ মানে বেলজিয়ামৰ তাৰকা গ’লকীপাৰ থিব’ কুৰ্তোৱা।

দ্বিতীয়াৰ্ধৰ অতিৰিক্ত সময়ত আনটো গ’ল কৰে মৰক্কোৰ ফৰৱাৰ্ড জাকাৰিয়া আব’খলালে। আব’খলালৰ দূৰ্দান্ত গ’লটোৱে বেলজিয়ামৰ সকলো সম্ভাৱনা তচনচ কৰি পেলায়।

বেলজিয়ামৰ পৰাজয়ৰ মূলতে আছিল দলটোৰ আক্ৰমণশৈলীত দেখা দিয়া বিভিন্ন ত্ৰুটি।  ৬৭ শতাংশ বলৰ আয়ত্ত থাকিলেও দলটোৱে কোনো বিশেষ আক্ৰমণ কৰিবলৈ সক্ষম নহ’ল।

এই বিজয়ৰ দ্বাৰা মৰক্কোৱে গ্ৰুপ এফৰ শীৰ্ষস্থানত উপনীত হোৱাৰ বিপৰীতে বেলজিয়ামে দ্বিতীয় স্থান অটুত ৰাখিছে। গ্ৰুপৰ পৰৱৰ্তী মেচ কানাডা আৰু ক্ৰৱেচিয়াৰ মাজত অনুষ্ঠিত হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু