--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লিঅ’নেল মেছিক চুমাৰে উপচাই পেলালে বাংলাদেশৰ জনপ্ৰিয় অভিনেত্ৰী পৰীমণিয়ে। অৱশ্যে বাস্তৱত নহয়, টেলিভিচনৰ পৰ্দাত থকা মেছিকহে চুমা যাচে পৰীমণিয়ে।

বৰ্তমান বিশ্বজুৰি মেছি জ্বৰ চলি আছে। শনিবাৰে মেক্সিকোৰ বিৰুদ্ধে হাই ভল্টেজ মেচখনত মেছিৰ অনবদ্য প্ৰদৰ্শনৰ বাবেই আৰ্জেণ্টিনাই বিজয়সাব্যস্ত কৰে। এই বিজয়ৰ দ্বাৰা বিশ্বকাপত আৰ্জেণ্টিনাৰ আশা সজীৱ হৈ পৰিছে।

মেচখনৰ উত্তাজনাৰ পৰা বাচি যোৱা নাছিল বাংলাদেশৰ অভিনেত্ৰীগৰাকীয়ে। মেছিৰ অনুৰাগী পৰীমণিয়ে প্ৰিয় খেলুৱৈগৰাকীক কাষত নাপালেও টিভিৰ পৰ্দাত দেখিয়ে কেইবাটাও চুমা যাচে।

আৰ্জেণ্টিনাৰ জাৰ্চি পিন্ধি পৰীমণিয়ে মেছিয়ে গ’ল কৰাৰ পাছতে উল্লাসিত হৈ পৰে। এটাৰ পাছত আন এটা ফ্লায়িং কিছ দিবলৈ ধৰে মেছিক। সমগ্ৰ মুহূৰ্তটোৰ ভিডিঅ’টো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে।

উল্লেখ্য যে বাংলাদেশৰ জনপ্ৰিয় অভিনেত্ৰী পৰীমণিৰ কেইবাখনো চিনেমাই জনপ্ৰিয়তা অৰ্জন কৰিছে। এইসমূহৰ ভিতৰত আছে আৰ’ ভালোবাসব’ তোমায়, ৰক্ত, স্বপ্নাঞ্জল ইত্যাদি। চিনেমাৰ উপৰিও ব্যক্তিগত জীৱনৰ বাবেও চৰ্চাত থাকে পৰীমণি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক