--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেউতাকে খেলপথাৰত উত্তেজনাপূৰ্ণ মেচত অংশ লৈছে। প্ৰতিপক্ষৰ দুৰ্বল প্ৰতিৰোধৰ ফলত পেনাল্টি লাভ কৰিছে দেউতাকৰ দলটোৱে। কিন্তু পেনাল্টিটো গ’ললৈ ৰূপান্তৰিত কৰিবলৈ অক্ষম হয় ষ্টেডিয়ামৰ গেলেৰীত বহি থকা এজনী কণমানীৰ দেউতাকে। লগে লগে অচেতন হৈ পৰে কণমানিজনী।

ঘটনাটো সংঘটিত হৈছে কাটাৰ বিশ্বকাপৰ উৰুগুৱে আৰু ঘানাৰ নিৰ্ণায়ক মেচখনত। উত্তেজনাপূৰ্ণ মেচখনত উৰুগুৱেৰ বিৰুদ্ধে পেনাল্টি লাভ কৰে ঘানাই। ঘানাৰ হৈ আন্দ্ৰে আয়িউই পেনাল্টি ল’বলৈ আহে। কিন্তু গ’লপ’ষ্টত ভৰাবলৈ অক্ষম হয়। উৰুগুৱেৰ গ’লৰক্ষকে আয়িউৰ শ্বটটো প্ৰতিহত কৰে।

ষ্টেডিয়ামৰ গেলেৰীত ঘানাৰ হৈ উল্লাস প্ৰদৰ্শন কৰি আছিল আন্দ্ৰে আয়িউৰ সাত বছৰীয়া কণমানী জীয়েকে। ঘানাই পেনাল্টি লাভ কৰাৰ পাছত সকলো সমৰ্থকৰ দৰেই কণমানীজনীয়েও ভাবিছিল যে পেনাল্টিটো সফল হ’ব। কিন্তু বিফল হোৱাত মূৰ্চা যায় তাই।

তাৰপাছতে হস্পিতাললৈ লৈ যোৱা হয় আন্দ্ৰে আয়িউৰ জীয়েকক। খেলৰ পাছত জীয়েকৰ খবৰ ল’বলৈ ঢাপলি মেলে ফুটবলাৰগৰাকীয়েও। হস্পিতালত জ্ঞান ঘূৰি আহে কণমানিজনীৰ। বৰ্তমান তাই সম্পূৰ্ণ সুস্থ।

উল্লেখ্য যে বিশ্বকাপৰ নকআউট পৰ্যায়লৈ আগুৱাবৰ বাবে উৰুগুৱেৰ বিৰুদ্ধে জয়ী হোৱাটো প্ৰয়োজন আছিল ঘানাৰ বাবে। পেনাল্টিৰো সুযোগ লাভ কৰিছিল দলটোৱে। কিন্তু ব্যৰ্থ হয় ঘানা। ফলত বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ পৰাই দলটো উলাই যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক