--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেউতাকে খেলপথাৰত উত্তেজনাপূৰ্ণ মেচত অংশ লৈছে। প্ৰতিপক্ষৰ দুৰ্বল প্ৰতিৰোধৰ ফলত পেনাল্টি লাভ কৰিছে দেউতাকৰ দলটোৱে। কিন্তু পেনাল্টিটো গ’ললৈ ৰূপান্তৰিত কৰিবলৈ অক্ষম হয় ষ্টেডিয়ামৰ গেলেৰীত বহি থকা এজনী কণমানীৰ দেউতাকে। লগে লগে অচেতন হৈ পৰে কণমানিজনী।

ঘটনাটো সংঘটিত হৈছে কাটাৰ বিশ্বকাপৰ উৰুগুৱে আৰু ঘানাৰ নিৰ্ণায়ক মেচখনত। উত্তেজনাপূৰ্ণ মেচখনত উৰুগুৱেৰ বিৰুদ্ধে পেনাল্টি লাভ কৰে ঘানাই। ঘানাৰ হৈ আন্দ্ৰে আয়িউই পেনাল্টি ল’বলৈ আহে। কিন্তু গ’লপ’ষ্টত ভৰাবলৈ অক্ষম হয়। উৰুগুৱেৰ গ’লৰক্ষকে আয়িউৰ শ্বটটো প্ৰতিহত কৰে।

ষ্টেডিয়ামৰ গেলেৰীত ঘানাৰ হৈ উল্লাস প্ৰদৰ্শন কৰি আছিল আন্দ্ৰে আয়িউৰ সাত বছৰীয়া কণমানী জীয়েকে। ঘানাই পেনাল্টি লাভ কৰাৰ পাছত সকলো সমৰ্থকৰ দৰেই কণমানীজনীয়েও ভাবিছিল যে পেনাল্টিটো সফল হ’ব। কিন্তু বিফল হোৱাত মূৰ্চা যায় তাই।

তাৰপাছতে হস্পিতাললৈ লৈ যোৱা হয় আন্দ্ৰে আয়িউৰ জীয়েকক। খেলৰ পাছত জীয়েকৰ খবৰ ল’বলৈ ঢাপলি মেলে ফুটবলাৰগৰাকীয়েও। হস্পিতালত জ্ঞান ঘূৰি আহে কণমানিজনীৰ। বৰ্তমান তাই সম্পূৰ্ণ সুস্থ।

উল্লেখ্য যে বিশ্বকাপৰ নকআউট পৰ্যায়লৈ আগুৱাবৰ বাবে উৰুগুৱেৰ বিৰুদ্ধে জয়ী হোৱাটো প্ৰয়োজন আছিল ঘানাৰ বাবে। পেনাল্টিৰো সুযোগ লাভ কৰিছিল দলটোৱে। কিন্তু ব্যৰ্থ হয় ঘানা। ফলত বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ পৰাই দলটো উলাই যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু