--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ফুটবল অনুৰাগীসকলৰ এতিয়া মুখে মুখে এটাই নাম- য়াচিন বুনু। বিশ্বকাপৰ আগলৈকে মৰক্কোৰ এই অখ্যাত গ’লকীপাৰগৰাকীৰ নাম কোনেও লোৱা নাছিল। কিন্তু ২০১০ চনৰ বিশ্বজয়ী স্পেইনক পেনাল্টি শ্বুটআউটত ধৰাসায়ী কৰি মুহূৰ্তৰ ভিতৰতে নায়কত পৰিণত হয় য়াচিন বুনু। বুনুৰ অনবদ্য প্ৰদৰ্শনৰ দ্বাৰাই অঘটন ঘটাবলৈ সক্ষম হয় উত্তৰ আফ্ৰিকাৰ দেশ মৰক্কোৱে।

 

কোন এই য়াচিন বুনু? দীৰ্ঘদিন ধৰি স্পেইনৰ লা লীগাত খেলি আহিছে বুনুৱে। বিশ্বকাপত স্পেইনৰ পেনাল্টি ৰোধ কৰাৰ পূৰ্বেও ফুটবল কেৰিয়াৰত এতিয়ালৈকে ৫০টাকৈ পেনাল্টিৰ মুখামুখি হৈ ১৩টা পেনাল্টি ৰোধ কৰিছে।

 

মৰক্কোৰ হৈ খেলিলেও বোনোৰ জন্ম কানাডাৰ মণ্ট্ৰিলত। বুনুৰ শৈশৱকালতে তেওঁৰ পৰিয়াল গুচি আহে মৰক্কোলৈ। ৱাইদাদ কাচাব্লাংকা নামৰ ক্লাবটোৰ হৈ ফুটবল খেলা আৰম্ভ কৰে বুনুৱে।

 

তাৰপাছত যোগ দিয়ে স্পেইনৰ আগশাৰীৰ ক্লাব এথলেটিকো মাদ্ৰিদত। চাৰি বছৰৰ বাবে চুক্তিবদ্ধ হয় ক্লাবটোৰ স’তে। ২০১৪ চনৰ ২৪ জুলাইত ক্লাবটোৰ হৈ অভিষেক ঘটে বুনুৰ।

 

সেই বৰ্ষৰে চেপ্টেম্বৰত বুনুক লা লীগাৰ আন এটা ক্লাব ৰিয়েল জাৰাগোজাত লোনত পঠিওৱা হয়। ক্লাবটোৰ হৈ ১৬ খন মেচ খেলে তেওঁ।

 

২০১৬ত তেওঁ যোগ দিয়ে আন এটা ক্লাব জিৰোনাত। চাৰি বছৰত ক্লাবটোৰ হৈ ৮৩ খন মেচ খেলে তেওঁ।

 

২০১৯ চনত লোনত লা লীগাৰ আন এটা প্ৰখ্যাত ক্লাব চেভিয়া এফচিত যোগ দিয়ে বুনুৱে। সেই বৰ্ষতে চেভিয়াই ইউৰোপা লীগ জিকে। সুন্দৰ প্ৰদৰ্শন কৰে বুনুৱে। ক্ৰমে লা লীগাত পৰিচিত নাম হৈ পৰে বুনু।

 

এতিয়া স্পেইনৰ নামী-দামী তাৰকাসকলৰ পেনাল্টি ৰোধ কৰি নায়কত পৰিণত হোৱা বুনুক দেখি ফুটবলপ্ৰেমীসকল উচ্চাসিত হৈ উঠিছে। লাভ কৰিছে এজন নতুন নায়ক- য়াচিন বুনু।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক