--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ফুটবল অনুৰাগীসকলৰ এতিয়া মুখে মুখে এটাই নাম- য়াচিন বুনু। বিশ্বকাপৰ আগলৈকে মৰক্কোৰ এই অখ্যাত গ’লকীপাৰগৰাকীৰ নাম কোনেও লোৱা নাছিল। কিন্তু ২০১০ চনৰ বিশ্বজয়ী স্পেইনক পেনাল্টি শ্বুটআউটত ধৰাসায়ী কৰি মুহূৰ্তৰ ভিতৰতে নায়কত পৰিণত হয় য়াচিন বুনু। বুনুৰ অনবদ্য প্ৰদৰ্শনৰ দ্বাৰাই অঘটন ঘটাবলৈ সক্ষম হয় উত্তৰ আফ্ৰিকাৰ দেশ মৰক্কোৱে।

 

কোন এই য়াচিন বুনু? দীৰ্ঘদিন ধৰি স্পেইনৰ লা লীগাত খেলি আহিছে বুনুৱে। বিশ্বকাপত স্পেইনৰ পেনাল্টি ৰোধ কৰাৰ পূৰ্বেও ফুটবল কেৰিয়াৰত এতিয়ালৈকে ৫০টাকৈ পেনাল্টিৰ মুখামুখি হৈ ১৩টা পেনাল্টি ৰোধ কৰিছে।

 

মৰক্কোৰ হৈ খেলিলেও বোনোৰ জন্ম কানাডাৰ মণ্ট্ৰিলত। বুনুৰ শৈশৱকালতে তেওঁৰ পৰিয়াল গুচি আহে মৰক্কোলৈ। ৱাইদাদ কাচাব্লাংকা নামৰ ক্লাবটোৰ হৈ ফুটবল খেলা আৰম্ভ কৰে বুনুৱে।

 

তাৰপাছত যোগ দিয়ে স্পেইনৰ আগশাৰীৰ ক্লাব এথলেটিকো মাদ্ৰিদত। চাৰি বছৰৰ বাবে চুক্তিবদ্ধ হয় ক্লাবটোৰ স’তে। ২০১৪ চনৰ ২৪ জুলাইত ক্লাবটোৰ হৈ অভিষেক ঘটে বুনুৰ।

 

সেই বৰ্ষৰে চেপ্টেম্বৰত বুনুক লা লীগাৰ আন এটা ক্লাব ৰিয়েল জাৰাগোজাত লোনত পঠিওৱা হয়। ক্লাবটোৰ হৈ ১৬ খন মেচ খেলে তেওঁ।

 

২০১৬ত তেওঁ যোগ দিয়ে আন এটা ক্লাব জিৰোনাত। চাৰি বছৰত ক্লাবটোৰ হৈ ৮৩ খন মেচ খেলে তেওঁ।

 

২০১৯ চনত লোনত লা লীগাৰ আন এটা প্ৰখ্যাত ক্লাব চেভিয়া এফচিত যোগ দিয়ে বুনুৱে। সেই বৰ্ষতে চেভিয়াই ইউৰোপা লীগ জিকে। সুন্দৰ প্ৰদৰ্শন কৰে বুনুৱে। ক্ৰমে লা লীগাত পৰিচিত নাম হৈ পৰে বুনু।

 

এতিয়া স্পেইনৰ নামী-দামী তাৰকাসকলৰ পেনাল্টি ৰোধ কৰি নায়কত পৰিণত হোৱা বুনুক দেখি ফুটবলপ্ৰেমীসকল উচ্চাসিত হৈ উঠিছে। লাভ কৰিছে এজন নতুন নায়ক- য়াচিন বুনু।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু