--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিখন ফুটবল বিশ্বকাপতে একোজন নতুন নায়কৰ আৱিৰ্ভাৱ ঘটে। এইবাৰো লাভ কৰা গৈছে ইজনৰ পাছত সিজন নতুন তাৰকা। ইয়াৰ ভিতৰত অন্যতম হৈছে পৰ্টুগালৰ গঞ্জাল’ ৰাম’ছ।

চুইজাৰলেণ্ডৰ বিৰুদ্ধে নকআউট পৰ্যায়ৰ গুৰুত্বপূৰ্ণ মেচত হেট্ৰীক অৰ্জন কৰিছে ২১ বছৰীয়া পটুৰ্গীজ ষ্ট্ৰাইকাৰগৰাকীৰে। তাৰপাছৰে পৰা এতিয়া ফুটবলপ্ৰেমীৰ মুখে মুখে ৰাম’ছৰ নাম। অথচ ইয়াৰ আগলৈকে তেওঁৰ নাম কোনেও প্ৰায় শুনাই নাছিল।

কোন এই ৰাম’ছ? এইবাৰৰ বিশ্বকাপত প্ৰথমটো হেট্ৰিক অৰ্জন কৰাৰ গৌৰৱ অৰ্জন কৰিছে ৰাম’ছে। লক্ষ্যণীয়ভাৱে চুইজাৰলেণ্ডৰ বিৰুদ্ধে প্ৰথম একাদশত স্থান লাভ কৰাৰ কথাই নাছিল ৰাম’ছৰ।

পতুৰ্গালৰ হৈ ৰাম’ছে এতিয়ালৈকে চাৰিখন মেচ খেলিছে। চুইজাৰলেণ্ডৰ বিৰুদ্ধে হেট্টিক কৰাৰ পাছত তেওঁৰ আন্তঃৰাষ্ট্ৰীয় গ’লৰ সংখ্য হ’লগৈ চাৰিখন মেচত চাৰিটা।

আনহাতে, পটুৰ্গালৰ আগশাৰীৰ ক্লাব বেনিফিকাৰ হৈ পটুৰ্গীজ লীগত ১১ খন মেচ খেলিছে। গ’ল কৰিছে ৯ টা। তদুপৰি ২০১৯ চনৰ ১৯-অনুৰ্ধ ইউৰোপিয়ান চেম্পিয়নশ্বিপত সৰ্বাধিক গ’লদাতাৰ সন্মান অৰ্জন কৰিছিল।

বিশ্বকাপত হেট্ৰিক অৰ্জনৰ পাছতে সকলোৱে ক’ব ধৰিছে যে লুই ফিগ’, ক্ৰিষ্টিয়ানো ৰোণাল্ডোৰ দেশ পতুৰ্গালৰ পৰা এইবাৰ তাৰকা হিচাপে গঞ্জাল’ ৰাম’ছে ফুটবল জগতত দপদপাবলৈ আগবাঢ়ি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু