--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিখন ফুটবল বিশ্বকাপতে একোজন নতুন নায়কৰ আৱিৰ্ভাৱ ঘটে। এইবাৰো লাভ কৰা গৈছে ইজনৰ পাছত সিজন নতুন তাৰকা। ইয়াৰ ভিতৰত অন্যতম হৈছে পৰ্টুগালৰ গঞ্জাল’ ৰাম’ছ।

চুইজাৰলেণ্ডৰ বিৰুদ্ধে নকআউট পৰ্যায়ৰ গুৰুত্বপূৰ্ণ মেচত হেট্ৰীক অৰ্জন কৰিছে ২১ বছৰীয়া পটুৰ্গীজ ষ্ট্ৰাইকাৰগৰাকীৰে। তাৰপাছৰে পৰা এতিয়া ফুটবলপ্ৰেমীৰ মুখে মুখে ৰাম’ছৰ নাম। অথচ ইয়াৰ আগলৈকে তেওঁৰ নাম কোনেও প্ৰায় শুনাই নাছিল।

কোন এই ৰাম’ছ? এইবাৰৰ বিশ্বকাপত প্ৰথমটো হেট্ৰিক অৰ্জন কৰাৰ গৌৰৱ অৰ্জন কৰিছে ৰাম’ছে। লক্ষ্যণীয়ভাৱে চুইজাৰলেণ্ডৰ বিৰুদ্ধে প্ৰথম একাদশত স্থান লাভ কৰাৰ কথাই নাছিল ৰাম’ছৰ।

পতুৰ্গালৰ হৈ ৰাম’ছে এতিয়ালৈকে চাৰিখন মেচ খেলিছে। চুইজাৰলেণ্ডৰ বিৰুদ্ধে হেট্টিক কৰাৰ পাছত তেওঁৰ আন্তঃৰাষ্ট্ৰীয় গ’লৰ সংখ্য হ’লগৈ চাৰিখন মেচত চাৰিটা।

আনহাতে, পটুৰ্গালৰ আগশাৰীৰ ক্লাব বেনিফিকাৰ হৈ পটুৰ্গীজ লীগত ১১ খন মেচ খেলিছে। গ’ল কৰিছে ৯ টা। তদুপৰি ২০১৯ চনৰ ১৯-অনুৰ্ধ ইউৰোপিয়ান চেম্পিয়নশ্বিপত সৰ্বাধিক গ’লদাতাৰ সন্মান অৰ্জন কৰিছিল।

বিশ্বকাপত হেট্ৰিক অৰ্জনৰ পাছতে সকলোৱে ক’ব ধৰিছে যে লুই ফিগ’, ক্ৰিষ্টিয়ানো ৰোণাল্ডোৰ দেশ পতুৰ্গালৰ পৰা এইবাৰ তাৰকা হিচাপে গঞ্জাল’ ৰাম’ছে ফুটবল জগতত দপদপাবলৈ আগবাঢ়ি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক