--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানচেষ্টাৰ ইউনাইটেডৰ পাছত পৰ্টুগাল জাতীয় দলৰ প্ৰশিক্ষকৰ স’তেও ক্ৰিষ্টিয়ানো ৰোণাল্ডোৱে সংঘাতত লিপ্ত হোৱাৰ খবৰে বিশ্বকাপ গৰম কৰি ৰাখিছে। নকআউট পৰ্যায়ৰ চুইজাৰলেণ্ডৰ বিৰুদ্ধে দলৰ অধিনায়ক ৰোণাল্ডোক খেলপথাৰত ননমোৱাৰ পাছত ই চূড়ান্ত পৰ্যায় পাইছে।

মেচখনত ৬-১ৰ দূৰ্দান্ত বিজয় সাব্যষ্ট কৰাৰ পাছতে কোচ ফাৰ্ণান্ড’ চাণ্টোছে এই বিষয়ে মুখ খুলিছে। চাণ্টোছে জনাইছে যে মতবিৰোধৰ বাবে ৰোণাল্ডোক খেলৰ পৰা বাদ দিয়া নাই। বৰঞ্চ কৌশলগত কাৰণতহে এই সিদ্ধান্ত লোৱা হৈছিল।

 “অধিনায়ক হিচাপে দলৰ বাবে বহুত কৰিছে ৰোণাল্ডোৱে। ৰোণাল্ডোক প্ৰথম একাদশত নৰখাটো আছিল সম্পূৰ্ণৰূপে কৌশলগত সিদ্ধান্ত। দলত বহুত ৰকমৰ ফুটবলাৰ আছে। প্ৰত্যেকৰ খেলাৰ ধৰণ বেলেগ। প্ৰতিপক্ষ অনুযায়ী পৰিকল্পনা কৰা হয়।”- চাণ্টোছে কয়।

“চুইজাৰলেণ্ডৰ বিৰুদ্ধে যেনেকুৱা দল নমালে ভাল ফল হ’ব বুলি ভবা হৈছিল, তেনে দলেই নমোৱা হৈছে।”- চাণ্টোছে কয়।

“মোৰ আৰু ৰোণাল্ডোৰ মাজত কোনো সমস্যা নাই। আমি বহুত বছৰৰ পৰা বন্ধু হৈ আছো। বিভিন্ন পৰিস্থিতিত খেলুৱৈসকলে অনেক ধৰণৰ সিদ্ধান্ত হয়। সেই বিষয়সমূহে আমাক প্ৰভাৱিত নকৰে।”- তেওঁ কয়।

উল্লেখ্য যে চুইজাৰলেণ্ডৰ বিৰুদ্ধে অনবদ্য জয়ৰ পাছতে পৰ্টুগাল দলৰ খেলুৱৈসকলৰ মাজত অপাৰ আনন্দই বিৰাজ কৰিছে। পৰৱৰ্তী মেচ হিচাপে ১০ ডিচেম্বৰ মৰক্কোৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেল খেলিব দলটোৱে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক