--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানচেষ্টাৰ ইউনাইটেডৰ পাছত পৰ্টুগাল জাতীয় দলৰ প্ৰশিক্ষকৰ স’তেও ক্ৰিষ্টিয়ানো ৰোণাল্ডোৱে সংঘাতত লিপ্ত হোৱাৰ খবৰে বিশ্বকাপ গৰম কৰি ৰাখিছে। নকআউট পৰ্যায়ৰ চুইজাৰলেণ্ডৰ বিৰুদ্ধে দলৰ অধিনায়ক ৰোণাল্ডোক খেলপথাৰত ননমোৱাৰ পাছত ই চূড়ান্ত পৰ্যায় পাইছে।

মেচখনত ৬-১ৰ দূৰ্দান্ত বিজয় সাব্যষ্ট কৰাৰ পাছতে কোচ ফাৰ্ণান্ড’ চাণ্টোছে এই বিষয়ে মুখ খুলিছে। চাণ্টোছে জনাইছে যে মতবিৰোধৰ বাবে ৰোণাল্ডোক খেলৰ পৰা বাদ দিয়া নাই। বৰঞ্চ কৌশলগত কাৰণতহে এই সিদ্ধান্ত লোৱা হৈছিল।

 “অধিনায়ক হিচাপে দলৰ বাবে বহুত কৰিছে ৰোণাল্ডোৱে। ৰোণাল্ডোক প্ৰথম একাদশত নৰখাটো আছিল সম্পূৰ্ণৰূপে কৌশলগত সিদ্ধান্ত। দলত বহুত ৰকমৰ ফুটবলাৰ আছে। প্ৰত্যেকৰ খেলাৰ ধৰণ বেলেগ। প্ৰতিপক্ষ অনুযায়ী পৰিকল্পনা কৰা হয়।”- চাণ্টোছে কয়।

“চুইজাৰলেণ্ডৰ বিৰুদ্ধে যেনেকুৱা দল নমালে ভাল ফল হ’ব বুলি ভবা হৈছিল, তেনে দলেই নমোৱা হৈছে।”- চাণ্টোছে কয়।

“মোৰ আৰু ৰোণাল্ডোৰ মাজত কোনো সমস্যা নাই। আমি বহুত বছৰৰ পৰা বন্ধু হৈ আছো। বিভিন্ন পৰিস্থিতিত খেলুৱৈসকলে অনেক ধৰণৰ সিদ্ধান্ত হয়। সেই বিষয়সমূহে আমাক প্ৰভাৱিত নকৰে।”- তেওঁ কয়।

উল্লেখ্য যে চুইজাৰলেণ্ডৰ বিৰুদ্ধে অনবদ্য জয়ৰ পাছতে পৰ্টুগাল দলৰ খেলুৱৈসকলৰ মাজত অপাৰ আনন্দই বিৰাজ কৰিছে। পৰৱৰ্তী মেচ হিচাপে ১০ ডিচেম্বৰ মৰক্কোৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেল খেলিব দলটোৱে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু