--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰয়োজন অনুসৰি পৃথিৱীত বহুতো ধুনীয়া চহৰ আৰু অট্টালিকা নিৰ্মাণ কৰিছে মানুহে৷ বিশ্বজুৰি অলেখ আকাশচুম্বী অট্টালিকা, অত্যাধুনিক সা-সুবিধাৰে সজ্জিত ঘৰ আছে। 

যদি আপুনি এই সকলো নিৰ্মাণকাৰ্য লক্ষ্য কৰে, তেন্তে দেখিব অট্টালিকাসমূহ সাধাৰণতে কংক্ৰিটেৰেই নিৰ্মিত৷ কিন্তু বহুসময়ত একাংশ লোকে কিবা এটা বেলেগ কৰাৰ হেঁপাহেৰে আশ্চৰ্যজনক কাম কৰে। 

শেহতীয়াকৈ চুইডেনত পোহৰলৈ আহিছে এনেকুৱা এটা কাহিনী। যিটো খবৰ জানিলে আচৰিত হ’ব আপুনিও। আপুনি আজিলৈকে কাঠেৰে নিৰ্মিত বহুতো সামগ্ৰী দেখিছে।

কিন্তু আপুনি জানেনে যে পৃথিৱীৰ প্ৰথমখন কাঠৰ চহৰ চুইডেনৰ ৰাজধানী ষ্টকহোমত নিৰ্মাণ কৰা হৈছে? ডেনিছ ষ্টুডিঅ’ হেনিং লাৰ্চেন আৰু চুইডিছ প্ৰতিষ্ঠান হোৱাইট আৰ্কিটেক্ট এই নিৰ্মাণৰ আঁৰৰ মগজু বুলি কোৱা হয়। তেওঁ দাবী কৰিছে যে এয়াই পৃথিৱীৰ সৰ্ববৃহৎ কাঠৰ চহৰ হ’ব।

এই ধাৰণাটো কেনেকৈ আহিল?
এই প্ৰতিষ্ঠানটো চোৱাৰ পাছত স্থপতিবিদজনে ভাবিলে যে যদি এনেদৰে এখন মহাবিদ্যালয় নিৰ্মাণ কৰিব পাৰি, তেন্তে গোটেই চহৰখন কিয় নোৱাৰি? ইয়াৰ পাছতহে স্থপতিবিদজনে এই কাঠৰ চহৰখন স্থাপন কৰাৰ সিদ্ধান্ত লৈছিল। 

ডেভেলপাৰ এট্ৰিয়াম লজুংবাৰ্গে কৈছিল যে ষ্টকহোমৰ দক্ষিণ-পূবত নিৰ্মাণ হ’বলগীয়া চহৰখন ২,৫০,০০০ বৰ্গ কিলোমিটাৰজুৰি বিয়পি পৰিব। ইয়াত ৭,০০০ কাৰ্যালয় কাৰ্যালয় থাকিব। ২,০০০ ঘৰ নিৰ্মাণ কৰা হ’ব৷ নিৰ্মাতাৰ মতে ৪০০ৰো অধিক কোম্পানীয়ে ইতিমধ্যে এই স্থানত কাম কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক