--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বন্দিত্বৰ অৱসান৷ পিতৃ-মাতৃৰ পৰা আঁতৰি যুদ্ধভূমিত পণবন্দী হৈ থকা ওহাদ মুন্দৰ নামৰ এটি শিশুৱে দেউতাকক আলিংগন কৰিবলৈ এখন চিকিৎসালয়ৰ কৰিডৰত দৌৰি গৈছিল৷ দুহাত মেলি ৰৈ আছিল শিশুটিৰ পিতৃ৷ যুদ্ধই বিচ্ছিন্ন কৰা পিতৃ-সন্তানৰ এই মধুমিলনৰ মুহূৰ্তটো আছিল সৰগীয় অনুভূতিৰে পৰা৷ 

গাজাত জিম্মি হিচাপে ন বছৰীয়া জন্মদিন অতিবাহিত কৰা ওহাদ শুকুৰবাৰে বন্দিত্বৰ পৰা মুক্ত হোৱা চাৰিটা সৰু ল’ৰা-ছোৱালীৰ ভিতৰত অন্যতম আছিল৷

স্নাইডাৰ চিল্ড্ৰেনছ মেডিকেল চেণ্টাৰৰ দ্বাৰা মুকলি কৰা ফুটেজত ওহাদক তেওঁৰ দেউতাকৰ ফালে দৌৰি যোৱা দেখা গৈছিল। কেন্দ্ৰটোৰ শিশু ৰোগ বিভাগৰ সঞ্চালক গিলাট লিভনিয়ে সাংবাদিকক কয় যে চাৰিওটা শিশুৰ অৱস্থা তুলনামূলকভাৱে ভাল আছিল।

ওহাদৰ অধিক আত্মীয়ই তেওঁৰ সৈতে পুনৰ মিলিত হ’বলৈ অপেক্ষা কৰিব নোৱাৰে। সংবাদ সংস্থা ৰয়টাৰ্ছে প্ৰকাশ কৰা অনুসৰি তেওঁৰ ২৭ বছৰীয়া সম্পৰ্কীয় ৰনি হাভিভে কৈছিল, মই ওহাদক চাবলৈ অপেক্ষা কৰি আছোঁ আৰু তেওঁক তেওঁৰ ৰুবিক কিউবটো দিবলৈ আৰু অপেক্ষা কৰিব নোৱাৰো৷

হামাছৰ যুঁজাৰুসকলে ৰেডক্ৰছৰ কৰ্মচাৰীসকলক হস্তান্তৰ কৰিছিল। চিকিৎসালয়ৰ ফটোবোৰত পাছত ওহাদক ৰুবিক্স কিউবৰ সৈতে খেলি থকা দেখা গৈছিল। ওহাদৰ দেউতাকে কৈছিল যে তেওঁৰ মাক ৫৪ বছৰীয়া কেৰেন আৰু ৭৮ বছৰীয়া আইতা ৰুথ সকলো ভাল আৰু স্বাস্থ্যৱান আছিল। কিন্তু ওহাদৰ ককাক ৭৮ বছৰীয়া আভাৰাহাম মুন্দৰ গাজাত বন্দী হৈ আছিল।

হামাছৰ যুঁজাৰুসকলে মুকলি কৰা ১৩ জন ইজৰাইলী বন্দীৰ ভিতৰত আছিল ২ আৰু ৪ বছৰ বয়সৰ ভগ্নী আৰু তেওঁলোকৰ মাতৃ, এগৰাকী ৫ বছৰীয়া ছোৱালী আৰু তেওঁৰ মাতৃ আৰু লগতে বৃদ্ধ মহিলাসকল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ