--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি কাতি বিহু। কাতি বিহু আৰু মাহ-প্ৰসাদৰ আছে এৰাব নোৱাৰা সম্পৰ্ক। আজি বিহু বুলি সকলোৱে মাহ-প্ৰসাদ খাব। মাহ-প্ৰসাদ অসমীয়াৰ আৱেগ। মাহ-প্ৰসাদ ভগৱানক উদ্দেশ্যি নিবেদন কৰা নৈবেদ্য৷ নাম-প্ৰসংগৰ লগতে নামঘৰে নামঘৰে মাহ-প্ৰসাদ আদি বিতৰণ কৰা হয়৷ কিন্তু এই মাহ প্ৰসাদৰ কিমান পুষ্টিকৰ গুণাগুণ আছে সেই বিষয়ে হয়তো বহু কম সংখ্যক লোকহে জ্ঞাত। 

নানা ফল-মূলৰ সমাহাৰেৰে সজাই দিয়া প্ৰসাদ যেনেদৰে আকৰ্ষণীয়, তেনেদৰে নানা পুষ্টি গুণেৰে ভৰা।

এই মাহ-প্ৰসাদত থকা পুষ্টিকৰ গুণ সমূহৰ বিষয়ে জানো আহক-

১) কলপাতঃ প্ৰথমেই আহিছো কলপাতৰ কথালৈ। কলপাতত খোৱাটো স্বাস্থ্যসন্মত আৰু এনেদৰে খোৱা প্ৰসাদৰ সোৱাদ খুবেই সুকীয়া। কিয়নো প্ৰসাদৰ সৈতে কলপাতৰ গোন্ধ মিহলি হৈ ইয়াক এক বিশেষ সোৱাদ প্ৰদান কৰে।

২) মগুমাহঃ মগুমাহ হৈছে পুষ্টিকাৰক, শক্তিবৰ্ধক। মগুমাহ খালে কফ-পিত্ত নাশ হয়। চকুৰ দৃষ্টি শক্তি বাঢ়ে।

৩) বুটমাহঃ বুটমাহৰ ঔষধি গুণ হৈছে-ই তেজ বৃদ্ধি কৰে, বাত-বিষ নিৰাময় কৰে। বুটে ৰক্ত দোষ নাশ কৰে। ইয়াৰ উপৰি বুট মাহ খালে শৰীৰৰ শক্তি বাঢ়ি যায়। বুটমাহত ভিটামিন ‘এ’ আৰু ‘চি’ অধিক পৰিমাণে থাকে। 

৪) আৰৈ চাউলঃ ই হজম শক্তি বৃদ্ধি কৰে। আৰৈ চাউল দ্বাৰা পিত্ত নাশ হয় বুলি কোৱা হয়। আৰৈ-চাউল খালে দাঁতৰ গুৰি বহি যায়, দাঁত টান আৰু মজবুত হয় বুলি কোৱা হয়। ইয়াৰ উপৰি কেঁচা আৰৈ চাউলত ফ্লৰিণ বহু পৰিমাণে থাকে। ই হাড়ৰ বেমাৰৰ পৰা আমাৰ শৰীৰটোক ৰক্ষা কৰিব পাৰে।

৫) নাৰিকলঃ মাহ-প্ৰসাদত নাৰিকল নহ’লে নহয়। মাহ প্ৰসাদৰ লগত সৰু সৰুকৈ নাৰিকল কুটি দিয়া হয়। দীঘলকৈ কাটিও প্ৰসাদৰ শৰাইত উপকৰণ ৰুপে দিয়া হয়। নাৰিকলত প্ৰ'টিন থাকে। নাৰিকলত থকা ফেটি এচিড হৃদপিণ্ডৰ বাবে উপকাৰী হয়। নাৰিকলে আমাৰ ছাল ভাল কৰি ৰখাত সহায় কৰে। নাৰিকল ভাৰতৰ সকলো জনগোষ্ঠীৰ লোকৰ মাজত অতি জনপ্ৰিয় ফল।

৬) কলঃ কল এবিধ হজমকাৰী, সুস্বাদু ফল। কলত প্ৰচুৰ পৰিমাণে আইৰণ, পটাছিয়াম, ভিটামিন 'চি' আদি পুষ্টিকৰ উপাদান থাকে। কলে শৰীৰটো সুস্থ কৰি ৰখাতো সহায় কৰে। কলৰ ঔষধি গুণ সমূহ হ'ল ই তৃঞ্চা নাশক, পিত্ত নাশ কাৰক আৰু শক্তি বৃদ্ধিকাৰক।  মাহ প্ৰসাদৰ লগত কল নহ’লে উপকৰণ আধৰুৱা 

৭) আদাঃ আদা হজম শক্তি বৃদ্ধি কাৰক গুণ সম্পন্ন। আদাই হজম শক্তি বৃদ্ধি কৰে। কেতিয়াবা আমাৰ পেটৰ অসুখ হ’লে আদা কাটি নিমখৰ সৈতে খাবলৈ দিয়া হয়। কুষ্ঠ, দাঁতৰ বিষ, দাঁত ফুলা, পাণ্ডু ৰোগ বাত বিষ আদি ৰোগৰ উত্তম ঔষধ। দাঁতৰ গুৰি উখহি উঠিলে তাত আদা বটি লগালে বিষ নাইকীয়া হয়।

৮) নিমখঃ নিমখ এবিধ হজম শক্তি বঢ়োৱা লুণীয়া বস্তু। মাহ প্ৰসাদত এই নিমখ দিয়াটো অত্যন্ত জৰুৰী। নিমখ মিহলাই দিলে মাহ প্ৰসাদখিনি খাবলৈ সোৱাদ হয় আৰু আদা আৰু নিমখে ইয়াক হজম কৰাত বিশেষ সহায় কৰে।

৯) তিয়ঁহঃ মাহ প্ৰসাদৰ শৰাইখনত তিয়ঁহৰ উপকৰণ দিয়াটোও এটা নিয়ম। এই তিয়ঁহত পটাচিয়াম যথেষ্ট থাকে। শৰীৰৰ বিষ, কোষ্ঠ্য কাঠিন্য আদি নাইকীয়া কৰে। চৰ্মৰোগ, স্নায়ু দুৰ্বলতা, পেট জ্বলা পোৰা কৰা আদি ৰোগ নিৰাময় কৰে। 

১০) কুঁহিয়াৰঃ কুঁহিয়াৰ নৈবদ্যৰ এবিধ অতি লাগতিয়াল উপকৰণ। কুঁহিয়াৰ খালে দাঁতৰ শক্তি বাঢ়ে। শৰীৰ শীতল হয় আৰু পেচাব পৰিস্কাৰ কৰে।

১১) ৰবাব টেঙাঃ ৰবাব টেঙাত ভিটামিন 'চি' পোৱা যায়।

১২) মৌচুমী টেঙাঃ মৌচুমী টেঙাই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। চুলি আৰু ছালৰ বাবেও মৌচুমী এবিধ উপকাৰী ফল।

১৩) মধুৰীআমঃ কোষ্ঠকাঠিন্য, মধুমেহ, আদি ৰোগৰ বাব মধুৰীআমক খুবেই এবিধ উপকাৰী ফল হিচাপে গণ্য কৰা হয় ৷ তথা মধুৰীআমত আয়ৰণৰ ভাল উৎস আৰু ভিটামিন ‘চি’ থাকে ।

১৪) অন্যান্য ফলমূলঃ মানুহে নিজ পচন্দৰ ফল অনুযায়ী মাহ-প্ৰসাদৰ শৰাইখন সজায়। ইয়াত অন্যান্য ফল থাকে। এই ফলসমূহে আমাৰ স্বাস্থ্যৰ উন্নতি সাধন কৰে।

মাহ-প্ৰসাদ খালে মানুহৰ স্বাস্থ্য সুস্থ-সবল হৈ থাকে। সুস্থ-সবল শৰীৰে সুস্থ মানসিকতাৰ গঢ় দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক