--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি বেয়া জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাসৰ বাবে বৃহৎ সংখ্যক লোক অসুস্থ হৈ পৰিছে। শৰীৰত উচ্চ কলেষ্টেৰল বৃদ্ধি হোৱাটোও ভয়াৱহ স্বাস্থ্যজনিত সমস্যাত পৰিণত হৈছে। উচ্চ কলেষ্টেৰলৰ বাবে হাৰ্ট এটেকৰ আশংকা বৃদ্ধি পায়। তদুপৰি ষ্ট্ৰোককে ধৰি আন বহুতো ৰোগৰ আশংকা বৃদ্ধি পায়। 

যদি আপুনি বিচাৰে যে আপোনাৰ শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি হ’ব নালাগে, তেন্তে আপুনি আপোনাৰ খাদ্য তালিকাত কিছু পৰিৱৰ্তন কৰিব লাগিব। আমি আপোনাক এনে ৫বিধ শাক-পাচলিৰ বিষয়ে ক’ম, সেইবোৰ আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিলে আপুনি বৃদ্ধি পোৱা কলেষ্টেৰলৰ পৰা মুক্তি পাব পাৰে।

১) ভেণ্ডীঃ ভেণ্ডীত আঁহ পোৱা যায়। ই উচ্চ কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে। ইয়াৰ সেৱনৰ ফলত কলেষ্টেৰল বৃদ্ধি হোৱাৰ সম্ভাৱনা কমি যায়। ইয়াৰ উপৰিও ভেণ্ডী খালে বিপাকীয় ক্ৰিয়া উন্নত হয়, যাৰ বাবে আপোনাৰ পাচনতন্ত্ৰও উন্নত হয়।

২) নহৰুঃ নহৰুত এলিচিন নামৰ যৌগ থাকে। ইয়াৰ সেৱনে বেয়া কলেষ্টেৰল হ্ৰাস কৰাৰ লগতে ভাল কলেষ্টেৰল বৃদ্ধি কৰাৰ কাম কৰে। দৈনিক নহৰু সেৱন কৰিলে হৃদৰোগ হোৱাৰ সম্ভাৱনাও কমি যায়।

৩) গাজৰঃ বিটা-কেৰটিন নামৰ এবিধ এণ্টিঅক্সিডেণ্ট বিলাহীত পোৱা যায়। ই হৃদৰোগৰ পৰা ৰক্ষা কৰিবলৈ কাম কৰে। বিলাহী সেৱনে কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাৰ লগতে হৃদযন্ত্ৰ শক্তিশালী কৰে। ইয়াৰ উপৰিও ষ্ট্ৰোকৰ সম্ভাৱনাও কমি যায়।

৪) পালেংশাকঃ পালেংশাক এণ্টিঅক্সিডেণ্ট আৰু ভিটামিনৰ উত্তম উৎস। ই হৃদযন্ত্ৰৰ ধমনীত তেজ জমা হোৱাৰ সম্ভাৱনা কমাই দিয়ে আৰু লগতে বেয়া কলেষ্টেৰল আঁতৰোৱাতো সহায় কৰে।

৫) ব্ৰকলিঃ  ব্ৰকলিত উচ্চ আঁহ থাকে, যিয়ে শৰীৰৰ বেয়া কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। এই ব্ৰকলিত প্ৰচুৰ পৰিমাণে ফাইটোনিউট্ৰিয়েণ্ট আৰু এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে শৰীৰৰ পৰা বেয়া কলেষ্টেৰল আঁতৰাই পেলায়। ব্ৰকলিত ভিটামিন চি আৰু এৰ উৎকৃষ্ট উৎসও৷ ই শৰীৰক শক্তিশালী কৰাৰ বাবে বৰ উপকাৰী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?