--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কোচিৰ ২৬ বছৰীয়া কিশোৰীৰ মৃত্যুক লৈ সমগ্ৰ ৰাজ্যজুৰি উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছে। আন্না চেবাষ্টিয়ানে ‘আৰ্নষ্ট এণ্ড ইয়ং ইণ্ডিয়া’ত চাৰ্টাৰ্ড একাউণ্টেণ্ট হিচাপে কাম কৰিছিল। অত্যধিক কামৰ বোজাৰ বাবে হৃদযন্ত্ৰ বিকল হোৱাৰ কাৰনত তেওঁৰ মৃত্যু হোৱা বুলি মাতৃয়ে অভিযোগ কৰে। কোম্পানীটোৰ কোনো এজন সদস্যও তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াতো উপস্থিত নাছিল। বিষয়টোৱে গতি লাভ কৰা দেখি কেন্দ্ৰীয় চৰকাৰে কিশোৰীগৰাকীৰ মৃত্যুৰ গোচৰৰ তদন্ত আৰম্ভ কৰিছে।

আন্নাৰ মাতৃ অনিতা অগাস্টিনে ই ৱাই ইণ্ডিয়াৰ অধ্যক্ষ ৰাজীৱ মেমানীলৈ এখন আৱেগিক চিঠি লিখিছে। তেওঁ কয় যে ই ৱাইত যোগদান কৰাৰ মাত্ৰ চাৰি মাহৰ পিছতে আন্নাৰ মৃত্যু হয়। তেওঁ কোম্পানীটোৰ কাম-কাজৰ ধৰণক লৈ প্ৰশ্ন উত্থাপন কৰি কয় যে এই কোম্পানীয়ে কৰ্মচাৰীসকলৰ ওপৰত অত্যধিক হেঁচা প্ৰয়োগ কৰে আৰু তেওঁলোকৰ স্বাস্থ্যক আওকাণ কৰে।

এতিয়া সমগ্ৰ বিষয়টোৰ উচিত তদন্তৰ বাবে নিৰ্দেশ দিছে শ্ৰম মন্ত্ৰালয়ে। কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী শোভা কাৰাণ্ডলাজে ছ’চিয়েল মিডিয়া এক্সত লিখিছে, ‘আন্না চেবাষ্টিয়ান পেৰিলৰ মৃত্যুত গভীৰভাৱে দুখীত। অসুৰক্ষিত আৰু শোষণমূলক কৰ্ম পৰিৱেশৰ অভিযোগৰ পুংখানুপুংখ তদন্ত চলি আছে। আমি ন্যায় প্ৰদানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু শ্ৰম মন্ত্ৰালয়ে আনুষ্ঠানিকভাৱে এই অভিযোগৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ সূচনা কৰিছে।’

আন্নাৰ মাতৃ অনিতাই তেওঁৰ চিঠিত উল্লেখ কৰে যে বিষয়টো কেৱল তেওঁৰ কন্যাৰ মাজতে সীমাবদ্ধ নহয় বৰঞ্চ কৰ্মক্ষেত্ৰত অযুক্তিকৰ প্ৰত্যাশাৰ সন্মুখীন হোৱা প্ৰতিজন কৰ্মচাৰীৰ বাবে ই এক সমস্যা । ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে তেওঁৰ এই চিঠি।

ই ৱাই ইণ্ডিয়াই এই সন্দৰ্ভত এক বিবৃতি শোক প্ৰকাশ কৰে। কোম্পানীৰ অধ্যক্ষ ৰাজীৱ মেমানীয়ে কয়- আমি ক্ষমা বিচাৰিছো যে কোম্পানীৰ  সদস্য আন্নাৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকিব নোৱাৰিলো। আমি ভৱিষ্যতে যাতে এনে ভুল নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিম। এই সংকটৰ সময়ত আমি পৰিয়ালৰ সৈতে থিয় দিছো। আমি আমাৰ কৰ্মচাৰীসকলৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ সম্পূৰ্ণ যত্ন লওঁ ৷’

অৱশ্যে তেওঁৰ এই বক্তব্য বিতৰ্কৰ আওতালৈ আহিল। এক প্ৰতিবেদন অনুসৰি তেওঁ কৈছিল যে ‘আমাৰ এক লাখ কৰ্মচাৰী আছে। আন্নাক প্ৰয়োজনতকৈ বেছি কাম দিয়া হোৱা নাই। অতিমাত্ৰা কামৰ বাবেই তেওঁৰ মৃত্যু হোৱা বুলি আমি নাভাবো।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু