--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কোচিৰ ২৬ বছৰীয়া কিশোৰীৰ মৃত্যুক লৈ সমগ্ৰ ৰাজ্যজুৰি উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছে। আন্না চেবাষ্টিয়ানে ‘আৰ্নষ্ট এণ্ড ইয়ং ইণ্ডিয়া’ত চাৰ্টাৰ্ড একাউণ্টেণ্ট হিচাপে কাম কৰিছিল। অত্যধিক কামৰ বোজাৰ বাবে হৃদযন্ত্ৰ বিকল হোৱাৰ কাৰনত তেওঁৰ মৃত্যু হোৱা বুলি মাতৃয়ে অভিযোগ কৰে। কোম্পানীটোৰ কোনো এজন সদস্যও তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াতো উপস্থিত নাছিল। বিষয়টোৱে গতি লাভ কৰা দেখি কেন্দ্ৰীয় চৰকাৰে কিশোৰীগৰাকীৰ মৃত্যুৰ গোচৰৰ তদন্ত আৰম্ভ কৰিছে।

আন্নাৰ মাতৃ অনিতা অগাস্টিনে ই ৱাই ইণ্ডিয়াৰ অধ্যক্ষ ৰাজীৱ মেমানীলৈ এখন আৱেগিক চিঠি লিখিছে। তেওঁ কয় যে ই ৱাইত যোগদান কৰাৰ মাত্ৰ চাৰি মাহৰ পিছতে আন্নাৰ মৃত্যু হয়। তেওঁ কোম্পানীটোৰ কাম-কাজৰ ধৰণক লৈ প্ৰশ্ন উত্থাপন কৰি কয় যে এই কোম্পানীয়ে কৰ্মচাৰীসকলৰ ওপৰত অত্যধিক হেঁচা প্ৰয়োগ কৰে আৰু তেওঁলোকৰ স্বাস্থ্যক আওকাণ কৰে।

এতিয়া সমগ্ৰ বিষয়টোৰ উচিত তদন্তৰ বাবে নিৰ্দেশ দিছে শ্ৰম মন্ত্ৰালয়ে। কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী শোভা কাৰাণ্ডলাজে ছ’চিয়েল মিডিয়া এক্সত লিখিছে, ‘আন্না চেবাষ্টিয়ান পেৰিলৰ মৃত্যুত গভীৰভাৱে দুখীত। অসুৰক্ষিত আৰু শোষণমূলক কৰ্ম পৰিৱেশৰ অভিযোগৰ পুংখানুপুংখ তদন্ত চলি আছে। আমি ন্যায় প্ৰদানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু শ্ৰম মন্ত্ৰালয়ে আনুষ্ঠানিকভাৱে এই অভিযোগৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ সূচনা কৰিছে।’

আন্নাৰ মাতৃ অনিতাই তেওঁৰ চিঠিত উল্লেখ কৰে যে বিষয়টো কেৱল তেওঁৰ কন্যাৰ মাজতে সীমাবদ্ধ নহয় বৰঞ্চ কৰ্মক্ষেত্ৰত অযুক্তিকৰ প্ৰত্যাশাৰ সন্মুখীন হোৱা প্ৰতিজন কৰ্মচাৰীৰ বাবে ই এক সমস্যা । ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে তেওঁৰ এই চিঠি।

ই ৱাই ইণ্ডিয়াই এই সন্দৰ্ভত এক বিবৃতি শোক প্ৰকাশ কৰে। কোম্পানীৰ অধ্যক্ষ ৰাজীৱ মেমানীয়ে কয়- আমি ক্ষমা বিচাৰিছো যে কোম্পানীৰ  সদস্য আন্নাৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকিব নোৱাৰিলো। আমি ভৱিষ্যতে যাতে এনে ভুল নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিম। এই সংকটৰ সময়ত আমি পৰিয়ালৰ সৈতে থিয় দিছো। আমি আমাৰ কৰ্মচাৰীসকলৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ সম্পূৰ্ণ যত্ন লওঁ ৷’

অৱশ্যে তেওঁৰ এই বক্তব্য বিতৰ্কৰ আওতালৈ আহিল। এক প্ৰতিবেদন অনুসৰি তেওঁ কৈছিল যে ‘আমাৰ এক লাখ কৰ্মচাৰী আছে। আন্নাক প্ৰয়োজনতকৈ বেছি কাম দিয়া হোৱা নাই। অতিমাত্ৰা কামৰ বাবেই তেওঁৰ মৃত্যু হোৱা বুলি আমি নাভাবো।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু