--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইস্কনে  কছাইক গৰু বিক্ৰী কৰে বুলি শেহতীয়াকৈ কৰা বিতৰ্কিত মন্তব্যৰ বাবে বিজেপি নেত্ৰী  মানেকা গান্ধীলৈ  ১০০ কোটি টকাৰ  মানহানিৰ আইনী জাননী প্ৰেৰণ কৰিছে। ইস্কনৰ উপ-সভাপতি ৰাধাৰমন দাসে কয় যে ইস্কনে পৰৱৰ্তী সময়ত  প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে গোচৰটো আইনীভাৱে আগবঢ়াব।

 মানেকা গান্ধীৰ মন্তব্য দুৰ্ভাগ্যজনক  আৰু সমগ্ৰ বিশ্বৰ ইস্কন ভক্তসকলৰ অনুভূতিত আঘাত হানিছে বুলিও তেওঁ কয়।ৰাধাৰমন দাসে কয়  "প্ৰাক্তন মন্ত্ৰী তথা এগৰাকী সাংসদে কোনো প্ৰমাণ অবিহনেই  ইস্কনৰ বিষয়ে কেনেকৈ মিছা প্ৰচাৰ চলাব পাৰে? তেওঁ কৈছিল যে তেওঁ অনন্তপুৰ গোশালালৈ গৈছিল, কিন্তু তাত থকা লোকসকলে মানেকা গান্ধীক তালৈ যোৱাৰ কথা মনত পেলাব নোৱাৰিলে। গতিকে ঘৰত বহি তেওঁ এনে  ভিত্তিহীন অভিযোগ কৰিছে," ।উল্লেখ্য  শেহতীয়াকৈ ভাইৰেল হোৱা এটা ভিডিঅ'ত মানেকা গান্ধীক কোৱা শুনা গৈছিল যে ইস্কনে "ইয়াৰ গোশালাৰ (গোহালি) পৰা কছাইসকলক গৰু বিক্ৰী কৰে"। 

এনে মন্তব্যৰ পিছতে ইস্কনে বিজেপি সাংসদ মানেকা গান্ধীলৈ  ১০০ কোটি টকাৰ মানহানিৰ জাননী জাৰি কৰে৷  সংস্থাটোৱে হত্যাৰ বাবে কছাইক  গৰু বিক্ৰী কৰাৰ অভিযোগ  খণ্ডন কৰিছে। ইণ্টাৰনেচনেল চছাইটি ফৰ কৃষ্ণ কনছাচনেছ (ইস্কন)য়ে বিজেপি সাংসদ মানেকা গান্ধীয়ে কৰা মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷  ইস্কনে মানেকা গান্ধীৰ  অভিযোগক "সম্পূৰ্ণ ভিত্তিহীন" বুলি অভিহিত কৰিছে ৷ ইস্কনৰ বিৰুদ্ধে সম্পূৰ্ণ ভিত্তিহীন অভিযোগ উত্থাপন কৰাৰ বাবে মানেকা গান্ধীলৈ মানহানিৰ জাননী প্ৰেৰণ কৰা হৈছে বুলি সংস্থাটোৱে স্পষ্ট কৰি দিছে

৷ ইস্কন কলকাতাৰ উপ-সভাপতি ৰাধাৰমন দাসে লগতে কয়, "আমি ইস্কনৰ বিৰুদ্ধে কৰা ভুৱা প্ৰচাৰৰ বিৰুদ্ধে ন্যায় লাভৰ ক্ষেত্ৰত সকলো  ধৰণৰ চেষ্টা চলাম" ৷ কেইদিনমান আগতে  ভাইৰেল হোৱা মানেকা  গান্ধীৰ এটা ভিডিঅ' তেওঁ কোৱা শুনা গৈছিল যে ইস্কন হৈছে "দেশৰ আটাইতকৈ ডাঙৰ প্ৰৱঞ্চক, যিয়ে ইয়াৰ গোশালাৰ (গোহালি) পৰা গৰু কছাইসকলক বিক্ৰী কৰে।" বিজেপি সাংসদগৰাকীয়ে আৰু অভিযোগ কৰিছিল যে তেওঁ অলপতে অন্ধ্ৰপ্ৰদেশৰ এটা ইস্কন গোশালা ভ্ৰমণ কৰিছিল আৰু "তাত এটা গৰুও ভাল অৱস্থাত পোৱাহোৱা নাছিল"। গান্ধীয়ে অভিযোগ কৰে, "গোশালাত কোনো পোৱালী নাছিল, যাৰ অৰ্থ হৈছে সেই সকলোবোৰ বিক্ৰী কৰা হৈছে।" এই অভিযোগবোৰ ইস্কনৰ দ্বাৰা দৃঢ়ভাৱে খণ্ডন কৰা হৈছে আৰু তেনে অভিযোগক  "ভিত্তিহীন আৰু মিছা" বুলি কোৱা হৈছে৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ