--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেটী বচাও,বেটী পঢ়াও৷দেশৰ মহিলাসকলক শিক্ষিত আৰু সৱল কৰি তোলাৰ স্বাৰ্থত চৰকাৰে গ্ৰহণ কৰা বিশেষ পদক্ষেপ৷কিন্তু এই আঁচনি অথবা শ্ল’গানসমূহৰ দ্বাৰা মহিলাসকলৰ সামাজিক উত্তৰণ হৈছেনে?নে এতিয়াও ঘৰুৱা হিংসাত পিষ্ট হৈ মহিলাসকলে হেৰুৱাইছে নিজৰ জীয়াই থকাৰ ন্যূনতম অধিকাৰ৷শুকুৰবাৰে আৰক্ষীয়ে জনোৱা মতে, উত্তৰ প্ৰদেশৰ হাপুৰত এগৰাকী ২৩ বছৰীয়া অবিবাহিত মহিলাক গৰ্ভৱতী বুলি গম পোৱাৰ পাছত পৰিয়ালৰ লোকে অগ্নিসংযোগ কৰে।

নৱাদা খুৰদ গাঁৱত সংঘটিত হৈছে এই ঘটনা। শৰীৰত ৭০ শতাংশতকৈ অধিক জ্বলাৰ ফলত সংকটজনক অৱস্থাত থকা মহিলাগৰাকীক চিকিৎসাৰ বাবে আন এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে৷ইতিমধ্যে ভুক্তভোগীগৰাকীৰ মাতৃ আৰু ভাতৃক জিম্মাত লোৱা হৈছে।

আৰক্ষীৰ মতে, ছোৱালীগৰাকী একেখন গাঁৱৰ এজন পুৰুষৰ সৈতে সম্পৰ্কত আছিল আৰু গৰ্ভৱতী হৈছিল। যেতিয়া তাইৰ পৰিয়ালৰ লোকে এই কথা জানিব পাৰিলে, তেতিয়া তেওঁলোক ক্ষুব্ধ হৈ পৰে।২৮ ছেপ্টেম্বৰ বৃহস্পতিবাৰে মহিলাগৰাকীৰ মাতৃ আৰু ভাতৃয়ে তেওঁক ওচৰৰ হাবিলৈ লৈ যায় আৰু তাতেই মহিলাগৰাকীৰ ওপৰত পেট্ৰল ছটিয়াই জুই লগাই দিয়ে।জ্যেষ্ঠ আৰক্ষী বিষয়া ৰাজকুমাৰ আগৰৱালাই কয় যে কিশোৰীগৰাকীৰ মাতৃ আৰু ভাতৃৰ বিৰুদ্ধে হত্যাৰ চেষ্টাৰ গোচৰ ৰুজু কৰা হৈছে আৰু ইতিমধ্যে তদন্ত আৰম্ভ হৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু