--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেটী বচাও,বেটী পঢ়াও৷দেশৰ মহিলাসকলক শিক্ষিত আৰু সৱল কৰি তোলাৰ স্বাৰ্থত চৰকাৰে গ্ৰহণ কৰা বিশেষ পদক্ষেপ৷কিন্তু এই আঁচনি অথবা শ্ল’গানসমূহৰ দ্বাৰা মহিলাসকলৰ সামাজিক উত্তৰণ হৈছেনে?নে এতিয়াও ঘৰুৱা হিংসাত পিষ্ট হৈ মহিলাসকলে হেৰুৱাইছে নিজৰ জীয়াই থকাৰ ন্যূনতম অধিকাৰ৷শুকুৰবাৰে আৰক্ষীয়ে জনোৱা মতে, উত্তৰ প্ৰদেশৰ হাপুৰত এগৰাকী ২৩ বছৰীয়া অবিবাহিত মহিলাক গৰ্ভৱতী বুলি গম পোৱাৰ পাছত পৰিয়ালৰ লোকে অগ্নিসংযোগ কৰে।

নৱাদা খুৰদ গাঁৱত সংঘটিত হৈছে এই ঘটনা। শৰীৰত ৭০ শতাংশতকৈ অধিক জ্বলাৰ ফলত সংকটজনক অৱস্থাত থকা মহিলাগৰাকীক চিকিৎসাৰ বাবে আন এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে৷ইতিমধ্যে ভুক্তভোগীগৰাকীৰ মাতৃ আৰু ভাতৃক জিম্মাত লোৱা হৈছে।

আৰক্ষীৰ মতে, ছোৱালীগৰাকী একেখন গাঁৱৰ এজন পুৰুষৰ সৈতে সম্পৰ্কত আছিল আৰু গৰ্ভৱতী হৈছিল। যেতিয়া তাইৰ পৰিয়ালৰ লোকে এই কথা জানিব পাৰিলে, তেতিয়া তেওঁলোক ক্ষুব্ধ হৈ পৰে।২৮ ছেপ্টেম্বৰ বৃহস্পতিবাৰে মহিলাগৰাকীৰ মাতৃ আৰু ভাতৃয়ে তেওঁক ওচৰৰ হাবিলৈ লৈ যায় আৰু তাতেই মহিলাগৰাকীৰ ওপৰত পেট্ৰল ছটিয়াই জুই লগাই দিয়ে।জ্যেষ্ঠ আৰক্ষী বিষয়া ৰাজকুমাৰ আগৰৱালাই কয় যে কিশোৰীগৰাকীৰ মাতৃ আৰু ভাতৃৰ বিৰুদ্ধে হত্যাৰ চেষ্টাৰ গোচৰ ৰুজু কৰা হৈছে আৰু ইতিমধ্যে তদন্ত আৰম্ভ হৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ