--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকে এল অ'ৰ সাধাৰণ সম্পাদক কৈলাশ কোচৰ সপত্নীক আত্মসমৰ্পণকলৈ এতিয়া কোচ-ৰাজবংশী সম্প্ৰদায়ৰ লোকসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য নিষিদ্ধ ঘোষিত সংগঠন কে এল অ'ৰ সাধাৰণ সম্পাদক কৈলাশ কোচে বৃহস্পতিবাৰে কলকাতাৰ ভৱানী ভৱনত পশ্চিম বংগ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰা বিষয়টোক কে এল অ'ৰ সেনাধ্যক্ষ জীৱন সিংহই কলকাতা আৰক্ষীৰ নাটক আখ্যা দিছে ৷ 

এই সন্দৰ্ভত সংগঠনটোৰ তৰফৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক অডিঅ বাৰ্তাত কে এল অ ' ৰ সেনাধ্যক্ষ জীৱন সিংহই উল্লেখ কৰে যে - আমি কে এল অৰ সাধাৰণ সম্পাদক কৈলাশ কোচক টিভিৰ পৰ্দাত দেখা পাইছো  আৰু দেখা পাইছো কৈলাশ কোচক লৈ গৈ কলকাতাৰ আৰক্ষীয়ে নাটক কৰিছে ৷ মই সেয়ে কোচ কমতাপুৰীবাসীক ক'ব বিচাৰিছো যে এই নাটক সম্পূৰ্ণ মিছা, ভুৱা , ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত আৰু কে এল অ'ক হেয়প্ৰতিপন্ন কৰিবলৈ সৃষ্টি কৰা হৈছে ৷ 

 আমি পূৰ্বেই জনাইছিলো যে কৈলাশ কোচক বাংলাদেশত গ্ৰেপ্তাৰ কৰিছে আৰু বাংলাদেশৰ পৰা পশ্চিমবংগ আৰক্ষীৰ বিশেষ বাহিনীয়ে কলকাতালৈ আনে আৰু ইয়াতে গুপ্ত স্থাপন নিৰ্যাতন- অত্যাচাৰ চলায় ৷ কিন্তু সংগঠনৰ তৰফৰ পৰা বিবৃতি দিয়াৰ পিচত পশ্চিমবংগ আৰক্ষী কৈলাস কোচক বাহিৰলৈ উলিয়াবলৈ বাধ্য হৈছে ৷ কাৰণ কৈলাস কোচৰ গ্ৰেপ্তাৰ তথা নিৰ্যাতন সম্পূৰ্ণ মানৱতা বিৰোধী, আইন বিৰোধী ৷ আজি কৈলাশ কোচক গান পইণ্টত ৰাখি যি বক্তব্য দিয়াইছে সেইয়া কিন্তু সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত, মনেসজা আৰু মিছা বুলিও কয়  ৷ 

সেই বাবে কোচ কমতাপুৰী জনগণক কে এল অ নেতাগৰাকীয়ে পশ্চিমবংগ আৰক্ষীৰ এনে মিছা নাটকত কাণ নিদিবলৈ আৰু বিচলিত নোহোৱাৰ লগতে বিশ্বাস নকৰিবলৈকো বাৰ্তাটোত আহ্বান জনায় ৷ উল্লেখ্য যে কে এল অ'ৰ সাধাৰণ সম্পাদক কৈলাশ কোচে বৃহস্পতিবাৰে কলকাতাত পশ্চিম বংগৰ আৰক্ষী সঞ্চালক প্ৰধানৰ ওচৰত পত্নী জুগলি কোচসহ আত্মসমৰ্পণ কৰিছিল ৷ 

আত্মসমৰ্পণ কৰাৰ সময়ত নেতাগৰাকীয়ে এটা এ কে ৪৭ ৰাইফল আৰু নথি - পত্ৰ জমা দিছিল৷ সংগঠনটোত সেনাধ্যক্ষ জীৱন সিংহৰ পিছতে আছিল কৈলাশ কোচৰ স্থান ৷ সেয়ে কৈলাশ কোচৰ আত্মসমৰ্পণ সংগঠনটোৰ বাবে মোক্ষম আঘাত হিচাপে পৰিগণিত হ'ব বুলি ধাৰণা কৰা হৈছে ৷ আজি জীৱন সিংহই দিয়া স্পষ্টীকৰণে সমগ্ৰ ঘটনাটোকেই অন্য দিশে পৰিচালিত কৰিব বুলি বহুতে ধাৰণা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ