--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকে এল অ'ৰ সাধাৰণ সম্পাদক কৈলাশ কোচৰ সপত্নীক আত্মসমৰ্পণকলৈ এতিয়া কোচ-ৰাজবংশী সম্প্ৰদায়ৰ লোকসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য নিষিদ্ধ ঘোষিত সংগঠন কে এল অ'ৰ সাধাৰণ সম্পাদক কৈলাশ কোচে বৃহস্পতিবাৰে কলকাতাৰ ভৱানী ভৱনত পশ্চিম বংগ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰা বিষয়টোক কে এল অ'ৰ সেনাধ্যক্ষ জীৱন সিংহই কলকাতা আৰক্ষীৰ নাটক আখ্যা দিছে ৷ 

এই সন্দৰ্ভত সংগঠনটোৰ তৰফৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক অডিঅ বাৰ্তাত কে এল অ ' ৰ সেনাধ্যক্ষ জীৱন সিংহই উল্লেখ কৰে যে - আমি কে এল অৰ সাধাৰণ সম্পাদক কৈলাশ কোচক টিভিৰ পৰ্দাত দেখা পাইছো  আৰু দেখা পাইছো কৈলাশ কোচক লৈ গৈ কলকাতাৰ আৰক্ষীয়ে নাটক কৰিছে ৷ মই সেয়ে কোচ কমতাপুৰীবাসীক ক'ব বিচাৰিছো যে এই নাটক সম্পূৰ্ণ মিছা, ভুৱা , ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত আৰু কে এল অ'ক হেয়প্ৰতিপন্ন কৰিবলৈ সৃষ্টি কৰা হৈছে ৷ 

 আমি পূৰ্বেই জনাইছিলো যে কৈলাশ কোচক বাংলাদেশত গ্ৰেপ্তাৰ কৰিছে আৰু বাংলাদেশৰ পৰা পশ্চিমবংগ আৰক্ষীৰ বিশেষ বাহিনীয়ে কলকাতালৈ আনে আৰু ইয়াতে গুপ্ত স্থাপন নিৰ্যাতন- অত্যাচাৰ চলায় ৷ কিন্তু সংগঠনৰ তৰফৰ পৰা বিবৃতি দিয়াৰ পিচত পশ্চিমবংগ আৰক্ষী কৈলাস কোচক বাহিৰলৈ উলিয়াবলৈ বাধ্য হৈছে ৷ কাৰণ কৈলাস কোচৰ গ্ৰেপ্তাৰ তথা নিৰ্যাতন সম্পূৰ্ণ মানৱতা বিৰোধী, আইন বিৰোধী ৷ আজি কৈলাশ কোচক গান পইণ্টত ৰাখি যি বক্তব্য দিয়াইছে সেইয়া কিন্তু সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত, মনেসজা আৰু মিছা বুলিও কয়  ৷ 

সেই বাবে কোচ কমতাপুৰী জনগণক কে এল অ নেতাগৰাকীয়ে পশ্চিমবংগ আৰক্ষীৰ এনে মিছা নাটকত কাণ নিদিবলৈ আৰু বিচলিত নোহোৱাৰ লগতে বিশ্বাস নকৰিবলৈকো বাৰ্তাটোত আহ্বান জনায় ৷ উল্লেখ্য যে কে এল অ'ৰ সাধাৰণ সম্পাদক কৈলাশ কোচে বৃহস্পতিবাৰে কলকাতাত পশ্চিম বংগৰ আৰক্ষী সঞ্চালক প্ৰধানৰ ওচৰত পত্নী জুগলি কোচসহ আত্মসমৰ্পণ কৰিছিল ৷ 

আত্মসমৰ্পণ কৰাৰ সময়ত নেতাগৰাকীয়ে এটা এ কে ৪৭ ৰাইফল আৰু নথি - পত্ৰ জমা দিছিল৷ সংগঠনটোত সেনাধ্যক্ষ জীৱন সিংহৰ পিছতে আছিল কৈলাশ কোচৰ স্থান ৷ সেয়ে কৈলাশ কোচৰ আত্মসমৰ্পণ সংগঠনটোৰ বাবে মোক্ষম আঘাত হিচাপে পৰিগণিত হ'ব বুলি ধাৰণা কৰা হৈছে ৷ আজি জীৱন সিংহই দিয়া স্পষ্টীকৰণে সমগ্ৰ ঘটনাটোকেই অন্য দিশে পৰিচালিত কৰিব বুলি বহুতে ধাৰণা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু