--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছিৰ’-মালাবাৰ গীৰ্জাৰ ইডুকি ডাইচৰ অধীনত থকা এজন কেথলিক ফাডাৰে বিজেপিত যোগদান কৰাৰ কেইঘণ্টামানৰ পাছত সোমবাৰে দায়িত্বৰ পৰা তেওঁক অব্যাহতি দিয়া হয়।

সোমবাৰে ফ্ৰা কুৰিয়াকোছে মাটামে বিজেপিৰ প্ৰাথমিক সদস্যপদ দলটোৰ ইডুক্কি জিলাৰ সভাপতি কে এছ আজীৰ পৰা লাভ কৰে। কেইঘণ্টামানৰ ভিতৰতে ইডুক্কি ডাইচেছে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে।

গীৰ্জাই জনোৱা মতে, আদিমালিৰ ওচৰৰ মানকুভা ছেইণ্ট থমাছ গীৰ্জাত ফ্ৰান্সিছ মেটমক সাময়িকভাৱে কৰ্তব্যৰ পৰা অব্যাহতি দিয়া হৈছে।

ইডুকি ডাইচৰ এক বিবৃতিত কোৱা হৈছে যে মানকুভা গীৰ্জাৰ ফাদাৰ কুৰিয়াকোছে মাটামক ভাইকাৰ হিচাপে সাময়িকভাৱে কৰ্তব্যৰ পৰা অব্যাহতি দিয়া হৈছে।

গীৰ্জাৰ এগৰাকী মুখপাত্ৰই পিটিআইক জনোৱা মতে, অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে কাৰণ কেনন ল’ৰ অধীনত গীৰ্জাৰ এজন পুৰোহিতে কোনো ৰাজনৈতিক দলত যোগদান বা সক্ৰিয় অংশগ্ৰহণ কৰিব নোৱাৰে। গীৰ্জাৰ এক সূত্ৰই জনোৱা মতে, কেইমাহমানৰ পিছত অৱসৰ ল’ব ৭৪ বছৰীয়া পুৰোহিতগৰাকীয়ে।

মণিপুৰৰ হিংসাক লৈ কেথলিক গীৰ্জাই দলটোক আক্ৰমণ চলাই অহাৰ সময়তে বিজেপিত যোগদান কৰে পুৰোহিতগৰাকীয়ে।

ফেচবুক পোষ্টত কে এছ আজীয়ে ফাডাৰগৰাকীৰ ছবিসমূহ শ্বেয়াৰ কৰি কয় যে দেশৰ “বৰ্তমানৰ পৰিস্থিতি পৰ্যবেক্ষণ” কৰি ফ্ৰান্সিছ মত্তমে বিজেপিত যোগদান কৰিছে।

এটা ভিডিঅ’ যোগে ফাডাৰগৰাকীয়ে কয় যে তেওঁ বিজেপিত যোগদান নকৰাৰ কোনো কাৰণ বিচাৰি নাপালে।

"মই সমসাময়িক বিষয়বোৰ অনুসৰণ কৰো। বিজেপিত যোগদান নকৰাৰ কোনো কাৰণ বিচাৰি নাপাওঁ। বহু বিজেপি কৰ্মীৰ সৈতে মোৰ বন্ধুত্ব আছে। আজি মই সদস্যপদ লাভ কৰিলোঁ। বাতৰি কাকতৰ পৰা পঢ়িছো আৰু দেশৰ বিজেপিৰ বিষয়ে বুজাবুজি আছে।" ফাডাৰগৰাকীয়ে এনেদৰে কয়। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু