--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছিৰ’-মালাবাৰ গীৰ্জাৰ ইডুকি ডাইচৰ অধীনত থকা এজন কেথলিক ফাডাৰে বিজেপিত যোগদান কৰাৰ কেইঘণ্টামানৰ পাছত সোমবাৰে দায়িত্বৰ পৰা তেওঁক অব্যাহতি দিয়া হয়।

সোমবাৰে ফ্ৰা কুৰিয়াকোছে মাটামে বিজেপিৰ প্ৰাথমিক সদস্যপদ দলটোৰ ইডুক্কি জিলাৰ সভাপতি কে এছ আজীৰ পৰা লাভ কৰে। কেইঘণ্টামানৰ ভিতৰতে ইডুক্কি ডাইচেছে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে।

গীৰ্জাই জনোৱা মতে, আদিমালিৰ ওচৰৰ মানকুভা ছেইণ্ট থমাছ গীৰ্জাত ফ্ৰান্সিছ মেটমক সাময়িকভাৱে কৰ্তব্যৰ পৰা অব্যাহতি দিয়া হৈছে।

ইডুকি ডাইচৰ এক বিবৃতিত কোৱা হৈছে যে মানকুভা গীৰ্জাৰ ফাদাৰ কুৰিয়াকোছে মাটামক ভাইকাৰ হিচাপে সাময়িকভাৱে কৰ্তব্যৰ পৰা অব্যাহতি দিয়া হৈছে।

গীৰ্জাৰ এগৰাকী মুখপাত্ৰই পিটিআইক জনোৱা মতে, অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে কাৰণ কেনন ল’ৰ অধীনত গীৰ্জাৰ এজন পুৰোহিতে কোনো ৰাজনৈতিক দলত যোগদান বা সক্ৰিয় অংশগ্ৰহণ কৰিব নোৱাৰে। গীৰ্জাৰ এক সূত্ৰই জনোৱা মতে, কেইমাহমানৰ পিছত অৱসৰ ল’ব ৭৪ বছৰীয়া পুৰোহিতগৰাকীয়ে।

মণিপুৰৰ হিংসাক লৈ কেথলিক গীৰ্জাই দলটোক আক্ৰমণ চলাই অহাৰ সময়তে বিজেপিত যোগদান কৰে পুৰোহিতগৰাকীয়ে।

ফেচবুক পোষ্টত কে এছ আজীয়ে ফাডাৰগৰাকীৰ ছবিসমূহ শ্বেয়াৰ কৰি কয় যে দেশৰ “বৰ্তমানৰ পৰিস্থিতি পৰ্যবেক্ষণ” কৰি ফ্ৰান্সিছ মত্তমে বিজেপিত যোগদান কৰিছে।

এটা ভিডিঅ’ যোগে ফাডাৰগৰাকীয়ে কয় যে তেওঁ বিজেপিত যোগদান নকৰাৰ কোনো কাৰণ বিচাৰি নাপালে।

"মই সমসাময়িক বিষয়বোৰ অনুসৰণ কৰো। বিজেপিত যোগদান নকৰাৰ কোনো কাৰণ বিচাৰি নাপাওঁ। বহু বিজেপি কৰ্মীৰ সৈতে মোৰ বন্ধুত্ব আছে। আজি মই সদস্যপদ লাভ কৰিলোঁ। বাতৰি কাকতৰ পৰা পঢ়িছো আৰু দেশৰ বিজেপিৰ বিষয়ে বুজাবুজি আছে।" ফাডাৰগৰাকীয়ে এনেদৰে কয়। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ