--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃতিমি মাছৰ বমিক বিশ্বৰ আটাইতকলৈ মূল্যৱান বস্তুসমূহৰ ভিতৰৰে এবিধ বুলি ধৰা হয়৷ তিমিৰ বমিক 'এম্বাৰগ্ৰিজ' বুলি কোৱা হয়। আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াৰ মূল্য প্ৰতি কিলোগ্ৰামত ১ কোটি টকা। অৱশ্যে, ভাৰতত ইয়াৰ বিক্ৰী অবৈধ।তিমিৰ বমি অতি দামী সুগন্ধি আৰু ঔষধ তৈয়াৰ কৰাত ব্যৱহাৰৰ কৰা হয়। বহু খাদ্য আৰু পানীয়তো তিমিৰ বমি ব্যৱহাৰ কৰা হয়৷

তিমিৰ বমি ভাগ্য নাথাকিলে যেন পোৱাটো কঠিন৷ কিন্তু শেহতীয়াকৈ কেৰালাৰ এজন ভাগ্যৱান মাছমৰীয়াৰ জালত উঠিল তিমিৰ বমি৷

কেৰালাৰ মাছমৰীয়াৰ জালত উঠা তিমিৰ বমি খিনৰ দাম প্ৰায় ২৮ কোটি টকা হ’ব বুলি ধাৰণা কৰা হৈছে৷সাগৰত ওপঙি থকা মূল্যৱান বস্তুটো পোৱাৰ পিছত মাছমৰীয়াজনে লগে সেয়া কি ধৰিব পাৰে আৰু তিমিৰ বমি খিনি লগে লগে উপকূলীয় আৰক্ষীৰ হাতত গতাই দিয়ে।

কেৰালাৰ তিৰুৱন্তপুৰমৰ ওচৰৰ ভিজিঞ্জাম অঞ্চলৰ বাসিন্দা মাছমৰীয়াজনে যোৱা শুক্ৰবাৰে মাছ ধৰাৰ বাবে সাগৰলৈ গৈছিল। উপকূলীয় আৰক্ষীয়ে প্ৰকাশ কৰা মতে তেওঁ প্ৰায় ২৮ কিলোগ্ৰাম ৪০০ গ্ৰাম ওজনৰ এম্বাৰগ্ৰিজ বা তিমিৰ বমি উদ্ধাৰ কৰে।

উপকূলীয় আৰক্ষী কৰ্তৃপক্ষই মাছমৰীয়াৰ পৰা সংগ্ৰহ কৰা তিমিৰ বমি খিনি বন বিভাগক হস্তান্তৰ কৰিছে। বন বিভাগে কৈছে যে তিমিৰ বমি খিনি ৰাজীৱ গান্ধী জৈৱ প্ৰযুক্তি কেন্দ্ৰলৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ’ব৷

এম্বাৰগ্ৰিজৰ বৃহৎ মূল্য ইয়াৰ সুগন্ধিৰ বাবে। তিমি মাছৰ পাচন তন্ত্ৰত তৈয়াৰ হোৱা এই সামগ্ৰী বিধ সেয়ে সুগন্ধি উৎপাদনত ব্যৱহাৰ কৰা হয়। যিহেতু তিমিৰ বমি সহজে উপলব্ধ নহয়,সেয়ে আন্তৰ্জাতিক বজাৰত ইয়াৰ মূল্যও যথেষ্ট বেছি। 

স্পাৰ্ম প্ৰজাতিৰ তিমিৰহে এই এম্বাৰগ্ৰিজ তৈয়াৰ কৰাৰ ক্ষমতা আছে। এই প্ৰজাতিটো এতিয়া ভাৰতত প্ৰায় বিলুপ্ত হৈ পৰিছে। সেয়ে স্পাৰ্ম তিমি বচাবলৈ এম্বাৰগ্ৰিজৰ বিক্ৰীও ভাৰতত আইনীভাৱে নিষিদ্ধ কৰা হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ