--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃতিমি মাছৰ বমিক বিশ্বৰ আটাইতকলৈ মূল্যৱান বস্তুসমূহৰ ভিতৰৰে এবিধ বুলি ধৰা হয়৷ তিমিৰ বমিক 'এম্বাৰগ্ৰিজ' বুলি কোৱা হয়। আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াৰ মূল্য প্ৰতি কিলোগ্ৰামত ১ কোটি টকা। অৱশ্যে, ভাৰতত ইয়াৰ বিক্ৰী অবৈধ।তিমিৰ বমি অতি দামী সুগন্ধি আৰু ঔষধ তৈয়াৰ কৰাত ব্যৱহাৰৰ কৰা হয়। বহু খাদ্য আৰু পানীয়তো তিমিৰ বমি ব্যৱহাৰ কৰা হয়৷

তিমিৰ বমি ভাগ্য নাথাকিলে যেন পোৱাটো কঠিন৷ কিন্তু শেহতীয়াকৈ কেৰালাৰ এজন ভাগ্যৱান মাছমৰীয়াৰ জালত উঠিল তিমিৰ বমি৷

কেৰালাৰ মাছমৰীয়াৰ জালত উঠা তিমিৰ বমি খিনৰ দাম প্ৰায় ২৮ কোটি টকা হ’ব বুলি ধাৰণা কৰা হৈছে৷সাগৰত ওপঙি থকা মূল্যৱান বস্তুটো পোৱাৰ পিছত মাছমৰীয়াজনে লগে সেয়া কি ধৰিব পাৰে আৰু তিমিৰ বমি খিনি লগে লগে উপকূলীয় আৰক্ষীৰ হাতত গতাই দিয়ে।

কেৰালাৰ তিৰুৱন্তপুৰমৰ ওচৰৰ ভিজিঞ্জাম অঞ্চলৰ বাসিন্দা মাছমৰীয়াজনে যোৱা শুক্ৰবাৰে মাছ ধৰাৰ বাবে সাগৰলৈ গৈছিল। উপকূলীয় আৰক্ষীয়ে প্ৰকাশ কৰা মতে তেওঁ প্ৰায় ২৮ কিলোগ্ৰাম ৪০০ গ্ৰাম ওজনৰ এম্বাৰগ্ৰিজ বা তিমিৰ বমি উদ্ধাৰ কৰে।

উপকূলীয় আৰক্ষী কৰ্তৃপক্ষই মাছমৰীয়াৰ পৰা সংগ্ৰহ কৰা তিমিৰ বমি খিনি বন বিভাগক হস্তান্তৰ কৰিছে। বন বিভাগে কৈছে যে তিমিৰ বমি খিনি ৰাজীৱ গান্ধী জৈৱ প্ৰযুক্তি কেন্দ্ৰলৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ’ব৷

এম্বাৰগ্ৰিজৰ বৃহৎ মূল্য ইয়াৰ সুগন্ধিৰ বাবে। তিমি মাছৰ পাচন তন্ত্ৰত তৈয়াৰ হোৱা এই সামগ্ৰী বিধ সেয়ে সুগন্ধি উৎপাদনত ব্যৱহাৰ কৰা হয়। যিহেতু তিমিৰ বমি সহজে উপলব্ধ নহয়,সেয়ে আন্তৰ্জাতিক বজাৰত ইয়াৰ মূল্যও যথেষ্ট বেছি। 

স্পাৰ্ম প্ৰজাতিৰ তিমিৰহে এই এম্বাৰগ্ৰিজ তৈয়াৰ কৰাৰ ক্ষমতা আছে। এই প্ৰজাতিটো এতিয়া ভাৰতত প্ৰায় বিলুপ্ত হৈ পৰিছে। সেয়ে স্পাৰ্ম তিমি বচাবলৈ এম্বাৰগ্ৰিজৰ বিক্ৰীও ভাৰতত আইনীভাৱে নিষিদ্ধ কৰা হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ