--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মেঘালয়ৰ এগৰাকী শীৰ্ষ বিজেপি নেতাই ঘৰতেই পতিতালয় চলাই ছকাৰ অভিযোগে এতিয়া কঁপাই তুলিছে পাহাৰীয়া ৰাজ্য খনৰ গেৰুৱা শিৱিৰক৷ মেঘালয় বিজেপিৰ উপ-সভাপতিৰ বিৰুদ্ধে উঠিছে পতিতালয় চলাই থকাৰ  গুৰুতৰ অভিযোগ । আৰক্ষীয়ে প্ৰকাশ কৰা মতে  ৰাজ্যিক বিজেপিৰ উপ-সভাপতি বাৰ্ণাৰ্ড মাৰাকৰ ফাৰ্ম হাউচটো দীৰ্ঘদিন ধৰি  পতিতালয় হিচাপে ব্যৱহাৰ কৰা হৈছিল। 

শেহতীয়াকৈ  আৰক্ষীয়ে এই সন্দৰ্ভত তথ্য পোৱাৰ পিছতে গাৰো পাহাৰৰ ঘৰটোত তালাচী চলাই  ঘৰটোৰ পৰা ২৪ গৰাকী নাবালিকাসহ মুঠ  ৬৮ জন লোকক আটক কৰিবলৈ সক্ষম হৈছে । উক্ত ঘৰটোৰ পৰা আৰক্ষীয়ে বৃহৎ সংখ্যক গৰ্ভনিৰোধক ঔষধো উদ্ধাৰ কৰিছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে বিভিন্ন কোঠাত বন্দী হৈ আছিল কেইটিও নাবালিকা৷

তেওঁলোক আটাইকে উদ্ধাৰ কৰা হৈছে৷  বিজেপি নেতাৰ ফাৰ্ম হাউচত এনেদৰে পতিতালয় চলি থকাৰ বিষয়ত এতিয়ালৈকে গেৰুৱা শিবিৰে  মুখ খোলা নাই, অভিযুক্ত বাৰ্ণাৰ্ড মাৰাকৰ পৰা কোনো সঁহাৰি পোৱা হোৱা  নাই।আৰক্ষী সূত্ৰই জনোৱা অনুসৰি ২৮ ফেব্ৰুৱাৰীত উক্ত ঘৰটোত  পতিতালয় চলি থকা বুলি  অভিযোগপোৱা গৈছিল। এজন লোকে এইবুলি  অভিযোগ কৰিছিল   যে তেওঁৰ নাবালিকা কন্যা এসপ্তাহধৰি সন্ধানহীন হৈ আছে। এজন আত্মীয়ই নাবালিকাগৰাকীক  এজন সন্দেহজনক ব্যক্তিৰ সৈতে দেখিছিল। সন্দেহজনক  লোক জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে সকলো কথা গোঁমৰফাঁক হৈ পৰিছিল৷ 

সেইমৰ্মে আৰক্ষীয়ে ৰাজ্যিক বিজেপিৰ উপ-সভাপতি বাৰ্ণাৰ্ড মাৰাকৰ ফাৰ্ম হাউচত তালাচী চলাইছিল। আৰক্ষীয়ে তেতিয়া জানিবলৈ সক্ষম হৈছিল যে ঘৰটোত বহু অপৰাধমূলক কাৰ্যকলাপ চলি আছে।  ফাৰ্ম হাউচৰ পৰা আৰক্ষীয়ে ৫০০ পেকেট গৰ্ভনিৰোধক  জব্দ কৰিছে। পাঁচটা শিশুক এটা পৰিত্যক্ত লেতেৰা ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে। তেওঁলোকৰ চাৰিজন ল'ৰা আৰু এজনী ছোৱালী।উল্লেখ্য মেঘালয়ৰ বৰ্তমানৰ বিজেপি সভাপতিগৰাকী  এসময়ত এটা নিষিদ্ধ উগ্ৰপন্থী সংগঠনৰ সদস্য আছিল। তেওঁৰ বিৰুদ্ধে ২৫ টা অপৰাধমূলক গোচৰ আছে। নেতা জনৰ বিৰুদ্ধে উত্থাপিত অভিযোগে এতিয়া পাহাৰীয়া ৰাজ্য খনত বিজেপিক অস্বস্থিত পেলোৱা দেখা গৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু