--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মেঘালয়ৰ এগৰাকী শীৰ্ষ বিজেপি নেতাই ঘৰতেই পতিতালয় চলাই ছকাৰ অভিযোগে এতিয়া কঁপাই তুলিছে পাহাৰীয়া ৰাজ্য খনৰ গেৰুৱা শিৱিৰক৷ মেঘালয় বিজেপিৰ উপ-সভাপতিৰ বিৰুদ্ধে উঠিছে পতিতালয় চলাই থকাৰ  গুৰুতৰ অভিযোগ । আৰক্ষীয়ে প্ৰকাশ কৰা মতে  ৰাজ্যিক বিজেপিৰ উপ-সভাপতি বাৰ্ণাৰ্ড মাৰাকৰ ফাৰ্ম হাউচটো দীৰ্ঘদিন ধৰি  পতিতালয় হিচাপে ব্যৱহাৰ কৰা হৈছিল। 

শেহতীয়াকৈ  আৰক্ষীয়ে এই সন্দৰ্ভত তথ্য পোৱাৰ পিছতে গাৰো পাহাৰৰ ঘৰটোত তালাচী চলাই  ঘৰটোৰ পৰা ২৪ গৰাকী নাবালিকাসহ মুঠ  ৬৮ জন লোকক আটক কৰিবলৈ সক্ষম হৈছে । উক্ত ঘৰটোৰ পৰা আৰক্ষীয়ে বৃহৎ সংখ্যক গৰ্ভনিৰোধক ঔষধো উদ্ধাৰ কৰিছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে বিভিন্ন কোঠাত বন্দী হৈ আছিল কেইটিও নাবালিকা৷

তেওঁলোক আটাইকে উদ্ধাৰ কৰা হৈছে৷  বিজেপি নেতাৰ ফাৰ্ম হাউচত এনেদৰে পতিতালয় চলি থকাৰ বিষয়ত এতিয়ালৈকে গেৰুৱা শিবিৰে  মুখ খোলা নাই, অভিযুক্ত বাৰ্ণাৰ্ড মাৰাকৰ পৰা কোনো সঁহাৰি পোৱা হোৱা  নাই।আৰক্ষী সূত্ৰই জনোৱা অনুসৰি ২৮ ফেব্ৰুৱাৰীত উক্ত ঘৰটোত  পতিতালয় চলি থকা বুলি  অভিযোগপোৱা গৈছিল। এজন লোকে এইবুলি  অভিযোগ কৰিছিল   যে তেওঁৰ নাবালিকা কন্যা এসপ্তাহধৰি সন্ধানহীন হৈ আছে। এজন আত্মীয়ই নাবালিকাগৰাকীক  এজন সন্দেহজনক ব্যক্তিৰ সৈতে দেখিছিল। সন্দেহজনক  লোক জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে সকলো কথা গোঁমৰফাঁক হৈ পৰিছিল৷ 

সেইমৰ্মে আৰক্ষীয়ে ৰাজ্যিক বিজেপিৰ উপ-সভাপতি বাৰ্ণাৰ্ড মাৰাকৰ ফাৰ্ম হাউচত তালাচী চলাইছিল। আৰক্ষীয়ে তেতিয়া জানিবলৈ সক্ষম হৈছিল যে ঘৰটোত বহু অপৰাধমূলক কাৰ্যকলাপ চলি আছে।  ফাৰ্ম হাউচৰ পৰা আৰক্ষীয়ে ৫০০ পেকেট গৰ্ভনিৰোধক  জব্দ কৰিছে। পাঁচটা শিশুক এটা পৰিত্যক্ত লেতেৰা ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে। তেওঁলোকৰ চাৰিজন ল'ৰা আৰু এজনী ছোৱালী।উল্লেখ্য মেঘালয়ৰ বৰ্তমানৰ বিজেপি সভাপতিগৰাকী  এসময়ত এটা নিষিদ্ধ উগ্ৰপন্থী সংগঠনৰ সদস্য আছিল। তেওঁৰ বিৰুদ্ধে ২৫ টা অপৰাধমূলক গোচৰ আছে। নেতা জনৰ বিৰুদ্ধে উত্থাপিত অভিযোগে এতিয়া পাহাৰীয়া ৰাজ্য খনত বিজেপিক অস্বস্থিত পেলোৱা দেখা গৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ