--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেবিচি ১৪ আৰম্ভ হোৱাৰ পৰাই হিট হিচাপে পৰিগণিত হৈছে। অমিতাভ বচ্চনে নিজৰ মনোমোহা অৱতাৰেৰে সকলো মানুহৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। এইবাৰ তেওঁক এগৰাকী মহিলা প্ৰতিযোগীৰ চকুলো মচি থকা দেখা গ’ল। আৰু সেই কথাত দৰ্শক আপ্লুত হৈ পৰিছে।

মধ্যপ্ৰদেশ উজ্জয়িনীৰ যশস্বী সাক্সেনাই কেবিচিৰ হট চিটত বহিছিল। আসনত বহি মহিলাগৰাকীৰ দুচকুৰে চকুলো ওলাই আহিছিল। কান্দি কান্দি আৱেগিক হৈ পৰিছিল তেওঁ। ইয়াকে দেখি অমিতাভৰো দুখ লাগে। লগে লগে নিজৰ আসনৰ পৰা উঠি আহিল অমিতাভ বচ্চন। টিছু বক্সৰ পৰা টিছু এখন লৈ তেওঁ যশস্বী সাক্সেনাৰ চকুলো মচি দিয়ে। তেওঁ লগতে ক’লে, ‘সৰ্বাধিক দ্ৰুততম ফিংগাৰ ৰাউণ্ডত জয়ী হোৱা মহিলাসকলে কান্দিবলৈ আৰম্ভ কৰে। আৰু মই আসনৰ পৰা উঠি তেওঁলোকক সান্ত্বনা দিব লাগে, তেওঁলোকৰ চকুলো মচিব লাগে তাৰপাছত টিছুটো পকেটত ভৰাই থ'ব লাগে।'

অমিতাভৰ এই কথা শুনি যশস্বী সাক্সেনাৰ মুখলৈ পুনৰ হাঁহি ঘূৰি আহে। তেওঁ ভালেই খেল খেলিছিল। ৮০ হাজাৰ প্ৰশ্নৰ ওচৰ পাইছিল যশস্বী। তেওঁক প্ৰশ্ন কৰা হৈছিল কোনখন ভাৰতীয় ৰাজ্যই নেপালৰ সৈতে সীমা ভাগ নকৰে। যশস্বীয়ে উত্তৰ দিছিল 'উত্তৰাখণ্ড'। কিন্তু সেইটো উত্তৰ ভুল আছিল। শুদ্ধ উত্তৰটো আছিল 'অসম'। ফলত তেওঁ ১০ হাজাৰ টকা লৈ ঘৰলৈ উভতি যাব লগা হ’ল।

কিছুদিন পূৰ্বে কেবিচিৰ শ্বুটিঙৰ সময়ত অমিতাভ বচ্চনে এখন সংবাদমেলত কৈছিল যে তেওঁ এতিয়াও ভয় খাই থাকে। টেনচনৰ সৃষ্টি হয়। বিগ বিয়ে কয় ‘‘এতিয়াও কেবিচিৰ চেটলৈ আহোঁতে মোৰ হাত-ভৰি কঁপি উঠে। মোৰ ভয় লাগে মই কৰিব পাৰিমনে। কেনেকুৱা হ’ব? প্ৰতিদিনে ভয় লাগে, নিজকে কেনেকৈ চম্ভালিম বুলি ভাবো। কিন্তু যেতিয়াই দৰ্শকক দেখিবলৈ পাওঁ তেতিয়াই নিজকে শক্তিশালী অনুভৱ কৰোঁ। গতিকে মই যেতিয়াই মঞ্চলৈ আহো, তেতিয়াই তেওঁলোকক ধন্যবাদ জনাওঁ। তেওঁলোকে যিদৰে শ্ব’টোক ভাল পায়, সেইধৰণে মোক আগুৱাই লৈ যায়।’’






FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?