--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেবিচি ১৪ আৰম্ভ হোৱাৰ পৰাই হিট হিচাপে পৰিগণিত হৈছে। অমিতাভ বচ্চনে নিজৰ মনোমোহা অৱতাৰেৰে সকলো মানুহৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। এইবাৰ তেওঁক এগৰাকী মহিলা প্ৰতিযোগীৰ চকুলো মচি থকা দেখা গ’ল। আৰু সেই কথাত দৰ্শক আপ্লুত হৈ পৰিছে।

মধ্যপ্ৰদেশ উজ্জয়িনীৰ যশস্বী সাক্সেনাই কেবিচিৰ হট চিটত বহিছিল। আসনত বহি মহিলাগৰাকীৰ দুচকুৰে চকুলো ওলাই আহিছিল। কান্দি কান্দি আৱেগিক হৈ পৰিছিল তেওঁ। ইয়াকে দেখি অমিতাভৰো দুখ লাগে। লগে লগে নিজৰ আসনৰ পৰা উঠি আহিল অমিতাভ বচ্চন। টিছু বক্সৰ পৰা টিছু এখন লৈ তেওঁ যশস্বী সাক্সেনাৰ চকুলো মচি দিয়ে। তেওঁ লগতে ক’লে, ‘সৰ্বাধিক দ্ৰুততম ফিংগাৰ ৰাউণ্ডত জয়ী হোৱা মহিলাসকলে কান্দিবলৈ আৰম্ভ কৰে। আৰু মই আসনৰ পৰা উঠি তেওঁলোকক সান্ত্বনা দিব লাগে, তেওঁলোকৰ চকুলো মচিব লাগে তাৰপাছত টিছুটো পকেটত ভৰাই থ'ব লাগে।'

অমিতাভৰ এই কথা শুনি যশস্বী সাক্সেনাৰ মুখলৈ পুনৰ হাঁহি ঘূৰি আহে। তেওঁ ভালেই খেল খেলিছিল। ৮০ হাজাৰ প্ৰশ্নৰ ওচৰ পাইছিল যশস্বী। তেওঁক প্ৰশ্ন কৰা হৈছিল কোনখন ভাৰতীয় ৰাজ্যই নেপালৰ সৈতে সীমা ভাগ নকৰে। যশস্বীয়ে উত্তৰ দিছিল 'উত্তৰাখণ্ড'। কিন্তু সেইটো উত্তৰ ভুল আছিল। শুদ্ধ উত্তৰটো আছিল 'অসম'। ফলত তেওঁ ১০ হাজাৰ টকা লৈ ঘৰলৈ উভতি যাব লগা হ’ল।

কিছুদিন পূৰ্বে কেবিচিৰ শ্বুটিঙৰ সময়ত অমিতাভ বচ্চনে এখন সংবাদমেলত কৈছিল যে তেওঁ এতিয়াও ভয় খাই থাকে। টেনচনৰ সৃষ্টি হয়। বিগ বিয়ে কয় ‘‘এতিয়াও কেবিচিৰ চেটলৈ আহোঁতে মোৰ হাত-ভৰি কঁপি উঠে। মোৰ ভয় লাগে মই কৰিব পাৰিমনে। কেনেকুৱা হ’ব? প্ৰতিদিনে ভয় লাগে, নিজকে কেনেকৈ চম্ভালিম বুলি ভাবো। কিন্তু যেতিয়াই দৰ্শকক দেখিবলৈ পাওঁ তেতিয়াই নিজকে শক্তিশালী অনুভৱ কৰোঁ। গতিকে মই যেতিয়াই মঞ্চলৈ আহো, তেতিয়াই তেওঁলোকক ধন্যবাদ জনাওঁ। তেওঁলোকে যিদৰে শ্ব’টোক ভাল পায়, সেইধৰণে মোক আগুৱাই লৈ যায়।’’






FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি