--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত কেইখনমান চিনেমা আছে যিকেইখন চিনেমা দেশৰ মাটিত ছুপাৰ ফ্লপ হলেও বিদেশৰ মাটিত হৈছিল ছুপাৰহিট। দেশত ছুপাৰ ফ্লপ হোৱা এইকেইখন ছবিয়ে বিদেশৰ পৰা বহুত প্ৰশংসা আৰু ধন উপাৰ্জন কৰিছিল। আজি এই প্ৰতিবেদনত জনাম এই তালিকাত স্থান লাভ কৰা বলীউডৰ আঠখন ছবি।

১)হেপ্পী নিউ ইয়েৰ (Happy New Year): ফাৰাহ খানৰ পৰিচালনাত নিৰ্মিত এই ছবিখনৰ কাষ্টিং আছিল অতি উত্তম। শ্বাহৰুখ খান, দীপিকা পাডুকন, বোমান ইৰাণীৰ সৈতে নিৰ্মিত এই চিনেমাখনে ভাৰতত বিশেষ ব্যৱসায় কৰা নাছিল। ভাৰতীয় দৰ্শকে এই ছবিখন বেছি ভাল নাপালে। অৱশ্যে আন্তঃৰাষ্ট্ৰীয় বজাৰত এই চিনেমাখনে বহুত ভাল প্ৰদৰ্শন কৰিছে। ছবিখনে বিদেশৰ পৰা লাভ কৰিছিল প্ৰায় ৯৬ কোটি টকা।

২)কৃষ ৩(Krish 3): ‘কয়ি মিল গয়া’ৰ পিছত ৰাকেশ ৰোশনে ‘কৃষ’ ছবি নিৰ্মাণ কৰি যথেষ্ট সফলতা লাভ কৰিছিল। সেয়ে তেওঁ এই চিনেমাৰ চিকুৱেল বনাই থাকিল। শেষবাৰৰ বাবে মুক্তি পোৱা ছবিখন আছিল কৃষ ৩। কিন্তু ভাৰতীয় দৰ্শকে এই ছবিখন ভাল নাপালে। ছুপাৰহিৰো আধাৰিত এই ছবিখনে আকৌ বহিঃৰাষ্ট্ৰত সমালোচকৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়। এই ছবিখনে আন্তঃৰাষ্ট্ৰীয় বজাৰত ৫৪ কোটি টকাৰ ব্যৱসায় কৰিছিল।

৩)ব’ল বচ্চন(Bol Bachchan): ৰোহিত শ্বেট্টীৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত অভিনয় কৰিছিল অজয় ​​দেৱগণ, অভিষেক বচ্চন আৰু আছিনে। এই ছবিখনো দৰ্শকে ভাল নাপালে। একচন-কমেডী ছবিখনত অভিষেক বচ্চনৰ অতি নাটকীয় অভিনয়ক দৰ্শকে সমালোচনা কৰে। এই ছবিখনে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ পৰা ২২ কোটি টকা উপাৰ্জন কৰিছিল।

৪)ব্লু(Blue): মূলতঃ এই একচন চিনেমাখন পানীৰ তলৰ দুঃসাহসিক কাহিনীৰ ওপৰত আধাৰিত আছিল। এই ছবিখনে ভাৰতীয় চিনেমা সমালোচকৰ পৰা ব্যাপক সমালোচনা লাভ কৰিছিল। অৱশ্যে ‘ব্লু’য়ে বিদেশৰ মাটিতহে ভাল ব্যৱসায় কৰে। বিদেশী বজাৰৰ পৰা এই ছবিখনে বক্স অফিচত উপাৰ্জন কৰিছিল ১১৮ কোটি টকা।

৫)জৱ হেৰী মেট ছেজল((Jab Harry Met Sejal): শ্বাহৰুখ খান, অনুষ্কা শৰ্মা অভিনীত এই ছবিখনেও ভাৰতীয় বক্স অফিচত ভাল প্ৰদৰ্শন কৰা নাছিল। এই ছবিখনত শ্বাহৰুখ খানৰ ভাবমূৰ্তি ম্লান হৈ পৰে। কিন্তু ছবিখনে বিদেশত ভাল ব্যৱসায় কৰিলে। ছবিখনৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ পৰা ৬৭.৬৬ কোটি টকা লাভ কৰে।

৬)গোলমাল এগেইন(Golmaal Again): গোলমাল এগেইনে ভাৰতত ভাল সঁহাৰি নাপালে। বহু ডাঙৰ ডাঙৰ তাৰকাই অভিনয় কৰিলেও ছবিখন বক্স অফিচত হিট নহ’ল। কিন্তু বিদেশত ছবিখনে ভাল প্ৰদৰ্শন কৰিলে। বিদেশৰ পৰা প্ৰায় ৪৬ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হয় এই ছবিখনে।

৭)টিউবলাইট (Tubelight): ছলমান খানৰ কেৰিয়াৰৰ অন্যতম গুৰুত্বপূৰ্ণ ছবি আছিল টিউবলাইট। ছবিখনত তেওঁৰ অভিনয়ক অতিশয় শলাগ লৈছিল। কিন্তু এই ছবিখনে বক্স অফিচত ধন সংগ্ৰহ কৰাত ব্যৰ্থ হ’ল। ভাৰত-চীন যুদ্ধৰ পৰিপ্ৰেক্ষিতত এই ছবিখনে বহিঃৰাষ্ট্ৰৰ পৰা লাভ কৰিছিল ৫১ কোটি টকা।

৮)বদ্ৰীনাথ কী দুলহানিয়া(Badrinath Ki Dulhania): বৰুণ ধাৱান আৰু আলিয়া ভাট অভিনীত এই ছবিখনে ভাৰতীয় বক্স অফিচত ভাল সঁহাৰি নাপালে। এই ছবিখনে বিদেশৰ পৰা উপাৰ্জন কৰিছিল ৩৪ কোটি টকা।











FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি