--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০১৬ চনত মৃত্যুবৰণ কৰা দক্ষিণ ভাৰত তথা তামিলনাডুৰ ৰাজনীতিৰ অবিসম্বাদী নেত্ৰী জে জয়াললিতাৰ মৃত্যুৰ অনুসন্ধান কৰাটো জৰুৰী! এগৰাকী প্ৰাক্তন ন্যায়াধীশে এখন সুদীৰ্ঘ প্ৰতিবেদনত এই কথা উল্লেখ কৰিছে।

চাঞ্চল্যকৰ এই প্ৰতিবেদনখনত এগৰাকী শীৰ্ষ চৰকাৰী বিষয়া আৰু নেত্ৰীগৰাকীৰ সহযোগী ভিকে শশীকলাৰ ওপৰত গুৰুত্বৰ অভিযোগ উত্থাপন কৰা হৈছে। উল্লেখযোগ্য যে চেন্নাইৰ এখন আগশাৰীৰ চিকিৎসালয় এপল’ হস্পিতালত ভৰ্তি কৰোৱাৰ পাছতে জয়াললিতাৰ মৃত্যু হৈছিল।

জয়াললিতাৰ মৃত্যুৰ পাছতে সেই সময়ত শাসনাধীষ্ঠ নেত্ৰীগৰাকীৰ দল এআইডিএমকেই ইয়াক ষড়যন্ত্ৰ বুলি আখ্যা দিছিল। এই সম্পৰ্কত ২০১৭ চনত মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এ আৰুমুঘাস্বামীৰ নেতৃ্ত্বত এখনি অনুসন্ধান সমিতিও গঠন কৰা হৈছিল।

২০২১ চনত তামিলনাডুত ডিএমকেৰ চৰকাৰ গঠন হয়। ডিএমকেই চৰকাৰ গঠনৰ পূৰ্বে জয়াললিতাৰ মৃত্যুৰ অনুসন্ধান ক্ষীপ্ৰতাৰে সম্পন্ন কৰাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছিল।

সেই অনুসৰি ন্যায়াধীশগৰাকীৰ প্ৰতিবেদন যোৱা আগষ্ট মাহত চৰকাৰক দাখিল কৰা হয়। তাৰপাছতে আজি তামিলনাডু বিধানসভাত চৰকাৰৰ তৰফৰ পৰা প্ৰতিবেদনখন মুকলি কৰা হয়।

বিস্ফোৰক প্ৰতিবেদনখনত কেইবাটাও তাৎপৰ্যপূৰ্ণ অভিযোগ উত্থাপন কৰা হৈছে। ইয়াৰ ভিতৰত আটাইতকৈ চৰ্চিত অভিযোগটো উত্থাপন কৰা হৈছে তামিলনাডুৰ তদানীন্তন মুখ্য সচিব ডঃ ৰামা মোহন ৰাও, স্বাস্থ্যমন্ত্ৰী বিজয় ভাস্কৰ আৰু এপল’ হস্পিতালৰ চেয়াৰমেন ডঃ প্ৰতাপ ৰেড্ডীৰ ওপৰত। কোৱা হৈছে যে জয়াললিতাৰ চিকিৎসাকালত তেওঁলোকে সন্দেহজনক কামত লিপ্ত আছিল।

তামিলনাডু বিধানসভাত প্ৰতিবেদনখন মুকলি কৰাৰ পাছতে সম্প্ৰতি বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে।

উল্লেখ্য যে তামিলনাডুৰ এগৰাকী প্ৰভাৱশালী নেত্ৰী জয়াললিতাই চাৰিবাৰকৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তামিলডুৰ ‘আম্মা’ হিচাপে পৰিচিত নেত্ৰীগৰাকী জীৱনৰ শেষৰফালে কেইবাটাও দুৰ্নীতিৰ অভিযোগত সাঙুৰ খাই পৰিছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু