--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০১৬ চনত মৃত্যুবৰণ কৰা দক্ষিণ ভাৰত তথা তামিলনাডুৰ ৰাজনীতিৰ অবিসম্বাদী নেত্ৰী জে জয়াললিতাৰ মৃত্যুৰ অনুসন্ধান কৰাটো জৰুৰী! এগৰাকী প্ৰাক্তন ন্যায়াধীশে এখন সুদীৰ্ঘ প্ৰতিবেদনত এই কথা উল্লেখ কৰিছে।

চাঞ্চল্যকৰ এই প্ৰতিবেদনখনত এগৰাকী শীৰ্ষ চৰকাৰী বিষয়া আৰু নেত্ৰীগৰাকীৰ সহযোগী ভিকে শশীকলাৰ ওপৰত গুৰুত্বৰ অভিযোগ উত্থাপন কৰা হৈছে। উল্লেখযোগ্য যে চেন্নাইৰ এখন আগশাৰীৰ চিকিৎসালয় এপল’ হস্পিতালত ভৰ্তি কৰোৱাৰ পাছতে জয়াললিতাৰ মৃত্যু হৈছিল।

জয়াললিতাৰ মৃত্যুৰ পাছতে সেই সময়ত শাসনাধীষ্ঠ নেত্ৰীগৰাকীৰ দল এআইডিএমকেই ইয়াক ষড়যন্ত্ৰ বুলি আখ্যা দিছিল। এই সম্পৰ্কত ২০১৭ চনত মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এ আৰুমুঘাস্বামীৰ নেতৃ্ত্বত এখনি অনুসন্ধান সমিতিও গঠন কৰা হৈছিল।

২০২১ চনত তামিলনাডুত ডিএমকেৰ চৰকাৰ গঠন হয়। ডিএমকেই চৰকাৰ গঠনৰ পূৰ্বে জয়াললিতাৰ মৃত্যুৰ অনুসন্ধান ক্ষীপ্ৰতাৰে সম্পন্ন কৰাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছিল।

সেই অনুসৰি ন্যায়াধীশগৰাকীৰ প্ৰতিবেদন যোৱা আগষ্ট মাহত চৰকাৰক দাখিল কৰা হয়। তাৰপাছতে আজি তামিলনাডু বিধানসভাত চৰকাৰৰ তৰফৰ পৰা প্ৰতিবেদনখন মুকলি কৰা হয়।

বিস্ফোৰক প্ৰতিবেদনখনত কেইবাটাও তাৎপৰ্যপূৰ্ণ অভিযোগ উত্থাপন কৰা হৈছে। ইয়াৰ ভিতৰত আটাইতকৈ চৰ্চিত অভিযোগটো উত্থাপন কৰা হৈছে তামিলনাডুৰ তদানীন্তন মুখ্য সচিব ডঃ ৰামা মোহন ৰাও, স্বাস্থ্যমন্ত্ৰী বিজয় ভাস্কৰ আৰু এপল’ হস্পিতালৰ চেয়াৰমেন ডঃ প্ৰতাপ ৰেড্ডীৰ ওপৰত। কোৱা হৈছে যে জয়াললিতাৰ চিকিৎসাকালত তেওঁলোকে সন্দেহজনক কামত লিপ্ত আছিল।

তামিলনাডু বিধানসভাত প্ৰতিবেদনখন মুকলি কৰাৰ পাছতে সম্প্ৰতি বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে।

উল্লেখ্য যে তামিলনাডুৰ এগৰাকী প্ৰভাৱশালী নেত্ৰী জয়াললিতাই চাৰিবাৰকৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তামিলডুৰ ‘আম্মা’ হিচাপে পৰিচিত নেত্ৰীগৰাকী জীৱনৰ শেষৰফালে কেইবাটাও দুৰ্নীতিৰ অভিযোগত সাঙুৰ খাই পৰিছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক