--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাইঃ বলীউডৰ এটা বহুল চৰ্চিত নাম-কংগনা ৰানাৱট। বিগত সময়ছোৱাত কিমান যে বিতৰ্কিত অধ্যায়ে স্পৰ্শ কৰি গৈছে অভিনেত্ৰীগৰাকীক, সেয়া সকলোৰে অৱগত। কিন্তু এতিয়া আৰু বিতৰ্কৰ মাজতে সোমাই থাকিব বিচৰা নাই কংগনাই। পৰিৱৰ্তন বিচাৰি বলীউডত পুনৰ খলকনি লগালে কংগনাই। বলীউডৰ আগশাৰীৰ প্ৰায়সংখ্যক নায়িকাক টক্কৰ কংগনা ৰানাৱটৰ। নতুন প্ৰজেক্টৰ বাবে অধিক প্ৰাধান্য দিয়া হৈছে সদাবিতৰ্কিত অভিনেত্ৰীগৰাকী। জানিবলৈ পোৱা মতে, ‘দ্য ইনকাৰনেশ্যন: সীতা’ত অভিনয় কৰিব কংগনা ৰানাৱটে।

বলীউডৰ আগশাৰীৰ প্ৰায়সংখ্যক নায়িকাক টক্কৰ কংগনা ৰানাৱটৰ ...

ভাৰতীয় মহাকাব্যৰ অন্যতম জনপ্ৰিয় তথা বহুল সমাদৃত সীতাৰ চৰিত্ৰত অভিনয় কৰিব কংগনাই। ইয়াৰ পূৰ্বে, কৰীণা কাপুৰ আৰু দীপিকা পাডুকনৰ দৰে বলীউডৰ খ্যাতনামা নায়িকাসকলে সীতাৰ চৰিত্ৰত অভিনয় কৰিব বুলি হনুবাৰ্তা ওলাইছিল। আনকি সীতাৰ চৰিত্ৰত অভিনয় কৰিবলৈ এক মোটা পৰিমাণৰ বাজেট দাখিল কৰাৰ বাতৰিটোৱেও বলীউড এৰিণাত তুমুল চৰ্চা লাভ কৰিছিল। কিন্তু এতিয়ালৈকে চলচ্চিত্ৰ নিৰ্মাতাসকলে এই প্ৰসংগক কেন্দ্ৰ কৰি কোনো মন্তব্য প্ৰদান কৰা নাই।

‘দ্য ইনকাৰনেশ্যন: সীতা’

ইয়াৰ মাজতে মঙলবাৰে সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই কংগনা ৰানাৱটে সীতাৰ চৰিত্ৰত অভিনয় কৰিব বুলি প্ৰযোজনা প্ৰতিষ্ঠান এছ এছ ষ্টুডিঅ’ৰ সঞ্চালক শালিনী শৰ্মাই ঘোষণা কৰে। কংগনা ৰানাৱটে ইতিমধ্যে ডাঙৰ বাজেটৰ পিৰিয়ড ড্ৰামাখনৰ বাবে চুক্তি-পত্ৰত স্বাক্ষৰ কৰিছে। শেহতীয়াকৈ, কংগনা অভিনীত জয় ললিতাৰ জীৱনীমূলক ছবি 'থালাইভি' মুক্তি পাইছে। অভিনেত্ৰীগৰাকীৰ অভিনৱ অভিনয়ৰো প্ৰশংসা কৰিছে দাক্ষিণাত্যৰ 'থালাইভা' ৰজনীকান্তে। বিগত মাহত, বুডাপেষ্টত 'ঢক্কাৰ'ৰ শ্বুটিং সমাপ্ত কৰি ‘তেজছ’ৰ কামত আত্মনিয়োগ কৰিছিল নিজকে। এইবাৰ আকৌ কংগনাই বলীউডৰ আন এখন উল্লেখ্যযোগ্য ছবি 'দ্য ইনকাৰনেশ্যন: সীতা'ত অভিনয় কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ