--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই: বলীউড জগতৰ অন্যতম জনপ্ৰিয় অভিনেতা ছলমান খান। ‘মোষ্ট বান্টেড’ৰ কথা ক’লেও আনন্দত উচ্ছিসত হৈ পৰে ভাইজান অনুৰাগী। শেহতীয়াকৈ পুনৰ চৰ্চাৰ মাজলৈ আহিছে ভাইজানৰ নাম। অন কেমেৰা একশ্যন নহয়। এইবাৰ ৰাজপথত ভাইজান। ৰাজপথত কি কৰিছে ভাইজানে ? উল্লেখ্য যে, টাইগাৰ-৩ৰ দৃশ্যগ্ৰহণৰ বাবে বৰ্তমান তুৰস্কত আছে ছলমান সহিতে গোটেই দলটো। তুৰস্কৰ ৰাজপথত ভাইজানে ৰাজহুৱাভাৱে হিন্দী গীতত নৃত্য কৰা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। পদপথৰ মানুহবোৰে ভাইজানৰ কাণ্ড দেখি হতবাক। বলীউডৰ জনপ্ৰিয় ছুপাৰষ্টাৰ গৰাকীৰ এনে আচৰণ কেমেৰাত বন্দী কৰাৰ পাছত সামিজক মাধ্যমত শ্বেয়াৰ কৰে একাংশই। সম্প্ৰিত ভাইৰেল হৈ পৰিছে ভাইজানৰ ৰাজপথৰ উদ্দাম নৃত্য। 'মুঝছে শাদী কৰোগী' চলচ্চিত্ৰৰ 'জিনে কে হে চাৰ দিন…' ছুপাৰহিট গীতটোত ছলমানৰ টাৱেল ষ্টেপ আজিও সমানে জনপ্ৰিয়। ৰূপালী পৰ্দাৰ পৰিৱৰ্তে অভিনেতাজনে তুৰস্কৰ ৰাজপথত প্ৰিয় অভিনেতাগৰাকীৰ নৃত্য দেখি উত্তেজনা ধৰি ৰাখিব নোৱাৰিলে উপস্থিত দৰ্শকে।


জানিবলৈ পোৱা মতে, টাইগাৰ-৩ ৰ শ্বুটিঙত প্ৰাক্তন প্ৰেমিকা কেটৰিনা কাইফো ছলমানৰ সৈতে আছে। চিনেমাখনৰ মূল গীতৰ দৃশ্যগ্ৰহণ কৰা হৈছে কাপ্পোদিয়াত। বলীউডৰ ছুপাৰষ্টাৰ গৰাকীয়ে তুৰ্কীৰ পৰ্যটন মন্ত্ৰী মেহমত নুৰী এৰচয়ক কয়, কাপ্পোদিয়াত এটা গীতৰ দৃশ্যগ্ৰহণ কৰিম । 'স্বেগ চে স্বগত' গীতটো আগতে ইয়াতে দৃশ্যগ্ৰহণ কৰা হৈছিল। মই আশা কৰোঁ এইটো সেই গীতটোৰ দৰে হিট হব। এই বিশেষ গানটো ছবিখনৰ শেষত দেখুওৱা হ'ব।


সম্প্ৰিত, ছলমানে 'টাইগাৰ-৩'ত এটা একচন দৃশ্যৰ দৃশ্যগ্ৰহণ কৰি আছে বুলি জানিব পৰা গৈছে। কিন্তু কেটৰিনাইও বাদ পৰা নাছিল। তেওঁ একচন চিকুৱেঞ্চ শ্বুটত ভাইজানৰ সৈতেও সংযুক্ত হৈ আছে। বহুতে পুৰণি প্ৰেমৰ ৰাগী লাগি থকা বুলিও ঠাট্টা কৰিছে তাৰকা অভিনেতাগৰাকীক। যি কি নহওক ছলমান-কেটৰীনাৰ যুটিয়ে দৰ্শকক মোহাচ্ছন্ন কৰি ৰখাৰ উদ্দেশ্য কেইবাটাও ৰোমাঞ্চকৰ দিশ উন্মোচিত কৰা হ’ব বুলিও প্ৰকাশ পাইছে। ছলমান খানে এই ছবিখনত এজন ৰ' এজেণ্টৰ চৰিত্ৰত অভিনয় কৰিছে। য’ত জোৱাৰ চৰিত্ৰত অভিনয় কৰিছে কেট-সুন্দৰী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু