--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই: বলীউড জগতৰ অন্যতম জনপ্ৰিয় অভিনেতা ছলমান খান। ‘মোষ্ট বান্টেড’ৰ কথা ক’লেও আনন্দত উচ্ছিসত হৈ পৰে ভাইজান অনুৰাগী। শেহতীয়াকৈ পুনৰ চৰ্চাৰ মাজলৈ আহিছে ভাইজানৰ নাম। অন কেমেৰা একশ্যন নহয়। এইবাৰ ৰাজপথত ভাইজান। ৰাজপথত কি কৰিছে ভাইজানে ? উল্লেখ্য যে, টাইগাৰ-৩ৰ দৃশ্যগ্ৰহণৰ বাবে বৰ্তমান তুৰস্কত আছে ছলমান সহিতে গোটেই দলটো। তুৰস্কৰ ৰাজপথত ভাইজানে ৰাজহুৱাভাৱে হিন্দী গীতত নৃত্য কৰা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। পদপথৰ মানুহবোৰে ভাইজানৰ কাণ্ড দেখি হতবাক। বলীউডৰ জনপ্ৰিয় ছুপাৰষ্টাৰ গৰাকীৰ এনে আচৰণ কেমেৰাত বন্দী কৰাৰ পাছত সামিজক মাধ্যমত শ্বেয়াৰ কৰে একাংশই। সম্প্ৰিত ভাইৰেল হৈ পৰিছে ভাইজানৰ ৰাজপথৰ উদ্দাম নৃত্য। 'মুঝছে শাদী কৰোগী' চলচ্চিত্ৰৰ 'জিনে কে হে চাৰ দিন…' ছুপাৰহিট গীতটোত ছলমানৰ টাৱেল ষ্টেপ আজিও সমানে জনপ্ৰিয়। ৰূপালী পৰ্দাৰ পৰিৱৰ্তে অভিনেতাজনে তুৰস্কৰ ৰাজপথত প্ৰিয় অভিনেতাগৰাকীৰ নৃত্য দেখি উত্তেজনা ধৰি ৰাখিব নোৱাৰিলে উপস্থিত দৰ্শকে।


জানিবলৈ পোৱা মতে, টাইগাৰ-৩ ৰ শ্বুটিঙত প্ৰাক্তন প্ৰেমিকা কেটৰিনা কাইফো ছলমানৰ সৈতে আছে। চিনেমাখনৰ মূল গীতৰ দৃশ্যগ্ৰহণ কৰা হৈছে কাপ্পোদিয়াত। বলীউডৰ ছুপাৰষ্টাৰ গৰাকীয়ে তুৰ্কীৰ পৰ্যটন মন্ত্ৰী মেহমত নুৰী এৰচয়ক কয়, কাপ্পোদিয়াত এটা গীতৰ দৃশ্যগ্ৰহণ কৰিম । 'স্বেগ চে স্বগত' গীতটো আগতে ইয়াতে দৃশ্যগ্ৰহণ কৰা হৈছিল। মই আশা কৰোঁ এইটো সেই গীতটোৰ দৰে হিট হব। এই বিশেষ গানটো ছবিখনৰ শেষত দেখুওৱা হ'ব।


সম্প্ৰিত, ছলমানে 'টাইগাৰ-৩'ত এটা একচন দৃশ্যৰ দৃশ্যগ্ৰহণ কৰি আছে বুলি জানিব পৰা গৈছে। কিন্তু কেটৰিনাইও বাদ পৰা নাছিল। তেওঁ একচন চিকুৱেঞ্চ শ্বুটত ভাইজানৰ সৈতেও সংযুক্ত হৈ আছে। বহুতে পুৰণি প্ৰেমৰ ৰাগী লাগি থকা বুলিও ঠাট্টা কৰিছে তাৰকা অভিনেতাগৰাকীক। যি কি নহওক ছলমান-কেটৰীনাৰ যুটিয়ে দৰ্শকক মোহাচ্ছন্ন কৰি ৰখাৰ উদ্দেশ্য কেইবাটাও ৰোমাঞ্চকৰ দিশ উন্মোচিত কৰা হ’ব বুলিও প্ৰকাশ পাইছে। ছলমান খানে এই ছবিখনত এজন ৰ' এজেণ্টৰ চৰিত্ৰত অভিনয় কৰিছে। য’ত জোৱাৰ চৰিত্ৰত অভিনয় কৰিছে কেট-সুন্দৰী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ