--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  কেন্দ্ৰীয়   ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰে  আলোচনাৰ পিছত মল্লযোদ্ধাসকে তেওঁলোকৰ  প্ৰতিবাদ ১৫ জুনলৈকে স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে  ৷ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে আজি মল্লযোদ্ধাসকলৰে হোৱা বৈ‘কত  ১৫ জুনৰ ভিতৰত ডব্লিউএফআইৰ মুৰব্বী ব্ৰিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগৰ তদন্ত সমাপ্ত কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ  পিছতে শীৰ্ষ মল্লযোদ্ধাসকলে এসপ্তাহৰ বাবে তেওঁলোকৰ প্ৰতিবাদ বন্ধ ৰাখিবলৈ  সন্মত হয়।

 মল্লযোদ্ধাসকলে কয় যে চৰকাৰে তেওঁলোকক প্ৰতিশ্ৰুতি দিছে যে আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ বাতিল কৰিব। ২৮ মে'ত আইন-শৃংখলা ভংগৰ বাবে মল্লযোদ্ধাসকলৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰা হৈছিল ৷ মল্লযোদ্ধাসকলে অনুমতি অবিহনে নতুন সংসদ ভৱনৰ সন্মুখত প্ৰতিবাদ কৰিব বিচৰাৰ বাবেই তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছিল৷  অলিম্পিক পদক বিজয়ী বজৰং পুনিয়া, সাক্ষী মালিক, তেওঁৰ স্বামী সত্যৱাৰ্থ কাদিয়ান আৰু জীতেন্দ্ৰ কিনহাৰ বিৰুদ্ধে দাখিল হৈছিল এজাহাৰ৷  অনুৰাগ ঠাকুৰৰ সৈতে বৈঠকৰ  অন্তত  সাক্ষী মালিকে  কয়, "আৰক্ষীৰ তদন্ত শেষ নোহোৱালৈকে  আমাক অপেক্ষা কৰিবলৈ আৰু প্ৰতিবাদ বন্ধ কৰিবলৈ কোৱা হৈছে," ৷

 বিজেপি সাংসদ ব্ৰিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখা প্ৰতিবাদী  মল্লযোদ্ধা বজৰং পুনিয়া আৰু সাক্ষী মালিকে বুধবাৰে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰক সাক্ষাঞ কৰে৷  মল্লযোদ্ধাসকলৰ  মাহজোৰা প্ৰতিবাদৰ সময়তে বিষয়সমূহকলৈ  আলোচনাৰ বাবে খেল মন্ত্ৰীগৰাকীক তেওঁলোকে  সাক্ষাৎ কৰে।উল্লেখ্য  মন্ত্ৰী ঠাকুৰে যোৱা নিশাই মল্লযোদ্ধাসকলক আলোচনাৰ বাবে আমন্ত্ৰণৰ জনাইছিল৷  ইয়াৰ পিছতে মল্লযোদ্ধাসকলে সকলে ঠাকুৰক দিল্লীত থকা  তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে। মল্লযোদ্ধাসকলে ভাৰতীয় কুস্তি ফেডাৰেচন অৱ ইণ্ডিয়াৰ (ডব্লিউএফআই) মুৰব্বী ব্ৰজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে৷ সিং  ভাৰতীয় জনতা পাৰ্টিৰ  সাংসদো৷ মল্লযোদ্ধাসকলে সিঙক  যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ ৰখাৰ দাবী জনাই আহিছে। 

যোৱা পুৱতি নিশা পোষ্ট কৰা এটা টুইটত অনুৰাগ ঠাকুৰে কৈছিল " মই আকৌ এবাৰ মল্লযোদ্ধাসকলক আলোচনাৰ  বাবে আমন্ত্ৰণ জনাইছো," উল্লেখ্য  চলিত  বছৰৰ জানুৱাৰী মাহত মল্লযোদ্ধাসকলে অনুৰাগ ঠাকুৰক তেওঁৰ বাসগৃহত লগ কৰিছিল আৰু এখন সমিতি গঠন হোৱাৰ পিছত তেওঁলোকৰ প্ৰতিবাদ প্ৰত্যাহাৰ কৰিছিল। মল্লযোদ্ধাসকলে শনিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকো সাক্ষাৎ কৰিছিল৷ 

প্ৰতিবাদকাৰী মল্লযোদ্ধাই অমিত শ্বাহৰে আলোচনাৰ পিছতে  প্ৰতিবাদ ত্যাগ কৰা বুলি একাংশ সংবাদমাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পিছতে মল্লযোদ্ধা সাক্ষী মালিকে লগে লগে টুইট কৰি সেয়া ভুৱা খবৰ বুলি কৈছিল আৰু কোনো পৰিস্থিতিতে প্ৰতিবাদৰ পথৰ পৰা বিচসিত নহয় বুলি স্পষ্ট কৰি দিছিল। । 

এনে সময়তে হজৰং পুনিয়ায়ো  গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে হোৱা বৈঠক সন্দৰ্ভত কয় যে তেওঁৰ সৈতে শ্বাহৰ  কোনো চুক্তি হোৱা নাই। গৃহমন্ত্ৰীয়ে কৈছে যে এই বিষয়ত এটা তদন্ত চলি আছে।মল্লযোদ্ধা বজৰং পুনিয়াই কয় যে সভাত তেওঁলোকক সভাৰ বিষয়ে বাহিৰত কথা নক'বলৈ মানা কৰা হৈছিল।

৩০ জুনৰ ভিতৰত ডব্লিউএফআই নিৰ্বাচন, ১৫ জুনৰ ভিতৰত ব্ৰিজ ভূষণৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হ‘ব: অনুৰাগ ঠাকুৰ

ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে বুধবাৰে কয় যে বিদায়ী ডব্লিউএফআই মুৰব্বী ব্ৰিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগৰ গোচৰটোৰ অভিযোগনামা ১৫ জুনৰ ভিতৰত দাখিল কৰা হ'ব। প্ৰতিবাদকাৰী মল্লযোদ্ধাসকলৰ সৈতে   বৈঠকৰ পিছত এখন সংবাদমেল সম্বোধন কৰি ঠাকুৰে লগতে আশ্বাস দিয়ে যে ভাৰতীয় কুস্তি ফেডাৰেচন (ডব্লিউএফআই)ৰ নিৰ্বাচন ৩০ জুনৰ ভিতৰত অনুষ্ঠিত কৰা হ'ব। চৰকাৰে মল্লযোদ্ধাসকলৰ প্ৰতিটো দাবী মানি লৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ডব্লিউএফআইৰ এখন আভ্যন্তৰীণ অভিযোগ সমিতিও থাকিব, যাৰ নেতৃত্ব এগৰাকী মহিলাই বহন  কৰিব। ঠাকুৰে কয় যে মল্লযোদ্ধাসকলৰ  বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷
 ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে কয়, "এই সকলোবোৰ বিষয় সহমতৰ দ্বাৰা সমাধান কৰাৰ প্ৰয়াস কৰা হৈছে।" সিঙৰ গ্ৰেপ্তাৰকলৈ মল্লযোদ্ধাসকলৰ দাবীৰ বিষয়ে সাংবাদিককে  সোধাত ঠাকুৰে কয় যে গোচৰটোৰ তদন্ত সম্পূৰ্ণ হ'ব আৰু ১৫ জুনৰ ভিতৰত অভিযোগনামা দাখিল কৰা হ'ব।উল্লেখ্য এয়া  চৰকাৰ আৰু প্ৰতিবাদকাৰী মল্লযোদ্ধাসকলৰ মাজত পাঁচ দিনৰ ব্যৱধানত হোৱা দ্বিতীয়খন বৈঠক আছিল। মল্লযোদ্ধাসকলে শনিবাৰে নিশা গৃহমন্ত্ৰী অমিত শ্বাহক লগ কৰিছিল আৰু তেওঁলোকৰ দাবীৰ বিষয়ে অৱগত কৰিছিল।













FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement