--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ তাৰকাসকলৰ ব্যক্তিগত জীৱনৰ প্ৰতি সকলোৱে আগ্ৰহ প্ৰকাশ কৰে। শেহতীয়াকৈ আমি ছ’চিয়েল মিডিয়াৰ সহায়ত তাৰকাসকলৰ ঘৰৰ ভিতৰৰ খবৰবোৰ সহজে জানিবলৈ সক্ষম হৈছো। বলীউডৰ বহু তাৰকাই নিজৰ ব্যক্তিগত তথ্য অনুৰাগীসকলৰ সৈতে শ্বেয়াৰ কৰি ভাল পায়। কেতিয়াবা বিভিন্ন তাৰকাৰ শৈশৱৰ ছবিবোৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা দেখা যায়। শেহতীয়াকৈ বলীউডৰ এজন পৰিচালকৰ শৈশৱৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। তেওঁ কোন জানেনে? ধৰিব পৰা নাই নহয় নে? ৰ’ব আপোনাক কিছুমান ইংগিত দিওঁ, তেতিয়া হয়তো শিশুটিক চিনি পোৱাত আপোনাৰ সহায় হ’ব।

১) এওঁ কেইবাখনো হিন্দী ছবি পৰিচালনা কৰিছে।

২) এই পৰিচালকৰ পিতৃ হিন্দী চিনেমাৰ এজন বিখ্যাত প্ৰযোজক আছিল।

৩) এই পৰিচালকজনৰ নিজা প্ৰডাকচন কোম্পানীও আছে।

৪) তেওঁ নিজৰ নামত এটা জনপ্ৰিয় টেলিভিছন অনুষ্ঠান আয়োজন কৰে।

৫) তেওঁৰ বিয়া হোৱা নাই। পৰিচালকগৰাকী চেৰ’গেচিৰ জৰিয়তে দুটা যমজ সন্তানৰ পিতৃ।

এই সকলোবোৰ ইংগিতৰ পিছতো যদি আপুনি চিনি পোৱা তেন্তে তেওঁৰ নামটো পোনপটীয়াকৈ কৈ দিওঁ। ছবিখনত দেখা পোৱা শিশুটি আন কোনো নহয়, তেওঁ হৈছে বলীউডৰ বিখ্যাত পৰিচালক কৰণ জোহৰ। বলীউডত তেওঁ বহু হিট ছবি উপহাৰ দিয়াৰ লগতে 'কফি উইথ কৰণ' নামৰ এটা জনপ্ৰিয় টিভি অনুষ্ঠান চলাই আছে। যি অনুষ্ঠানলৈ অতিথি হিচাপে আহে বলীউডৰ নামী-দামী তাৰকা। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু