--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাইলৈ বলীউডৰ অভিনেত্ৰী অনন্যা পাণ্ডেৰ জন্মদিন । অভিনেত্ৰীগৰাকীৰ বয়স এতিয়া ২৬ বছৰ হ’বলৈ গৈ আছে। ২০১৯ চনত ‘ষ্টুডেন্ট অৱ দ্য ইয়েৰ ২’ ছবিৰে চলচ্চিত্ৰ জগতত খোজ দিয়া অভিনেত্ৰীগৰাকীয়ে ৫ বছৰত নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে। তেওঁ বহু ছবিত কাম কৰিছে আৰু খ্যাতিৰ লগতে তেওঁ বহু ধন-সম্পত্তিও অৰ্জন কৰিবলৈ সক্ষম হৈছে।


Ananya Pandey got trolled fiercely on social media for height, users said –  circus joker - informalnewz

অনন্যা পাণ্ডেৰ নিজাকৈ বিলাসী ঘৰ আছে। ২০২৩ চনত ধনতেৰছ উপলক্ষে তেওঁৰ নতুন ঘৰটো ক্ৰয় কৰিছিল। তেওঁৰ বিলাসী বাহনৰ এক আচৰিত সংগ্ৰহও আছে। ১.৭০ কোটি টকাৰ BMW 7 Series গাড়ীৰ মালিক অনন্যা পাণ্ডে। ইয়াৰ উপৰিও তেওঁৰ গাড়ী সংগ্ৰহত আছে ১.৮৪ কোটি টকাৰ ৰেঞ্জ ৰভাৰ স্প’ৰ্ট, ৮৮ লাখ টকাৰ মাৰ্চিডিজ-বেঞ্জ ই-ক্লাছ, ৩৩ লাখ টকাৰ স্কোডা ক’ডিয়াক আৰু ৩০ লাখ টকাৰ হুণ্ডাই চান্টা ফে।

Ananya Panday net worth: Luxurious cars, brand endorsements and more

অনন্যা পাণ্ডেই ধন-সম্পত্তিৰ ক্ষেত্ৰতো কম নহয়। কোটি কোটি টকাৰ ধন-সম্পত্তিৰ গৰাকী তেওঁ। সংবাদ মাধ্যম অনুসৰি ২০১৯ চনত অনন্যা পাণ্ডেৰ সম্পত্তিৰ পৰিমাণ আছিল ৫৪ কোটি টকা। এই সম্পত্তি ২০২০ চনত ৫৮ কোটি, ২০২১ চনত ৬৬ কোটি আৰু ২০২২ চনত ৭০ কোটি টকালৈ বৃদ্ধি পাইছে। বৰ্তমান অনন্যাৰ সম্পত্তিৰ পৰিমাণ ৭৪ কোটি টকা বুলি উল্লেখনীয়।

অনন্যা পাণ্ডেৰ সন্দৰ্ভত প্ৰকাশিত বাতৰি অনুসৰি তেওঁ প্ৰতিমাহে ৬০ লাখ টকা উপাৰ্জন কৰে আৰু প্ৰতি বছৰে প্ৰায় ৭ কোটি টকা উপাৰ্জন কৰে। তেওঁৰ এখন ছবিৰ বাবে মুঠ ৩ কোটি টকা পাৰিশ্ৰমিক লয়। ইয়াৰ উপৰিও ব্ৰেণ্ড এণ্ড’ৰছমেণ্টৰ পৰা তাই বিপুল ধন উপাৰ্জন কৰে।

Top 20 Social Media Advantages and Disadvantages in 2024
অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰামত Sponser কৰা পোষ্টৰ বাবে ৫০ লাখ টকা লয়। স্কেচাৰ্ছ ইণ্ডিয়া, স্বৰভস্কি, পুমা, লেকমে, ফাষ্ট্ৰেক পাৰফিউম, মেবেলাইন, জেবিএল আৰু গাৰ্নিয়াৰকে ধৰি বহু ব্ৰেণ্ডৰ ব্ৰেণ্ড এম্বেছাদৰ। অনন্যাই এই ব্ৰেণ্ড এণ্ডৰছমেণ্টৰ বাবে মাচুল হিচাপে লয় ৬০ লাখকৈ টকা।

পাঁচ বছৰীয়া চলচ্চিত্ৰ জীৱনত অনন্যা পাণ্ডে বহু ছবিত অভিনয় কৰিছে। এই তালিকাত আছে পতি পটনি ঔৰ ৱহ, ড্ৰিম গাৰ্ল ২, লেগাৰ, খালি পিলি, খো গেয় হম কহান আৰু চিটিআৰএল আদি ছবি। ইয়াৰ উপৰিও অভিনেত্ৰীগৰাকীয়ে ৱেব ছিৰিজ কল মি বে’ত অভিনয় কৰিছে। এতিয়া অক্ষয় কুমাৰৰ সৈতে ‘আনটল্ড ষ্ট’ৰী অৱ চি শংকৰন’ ছবিত তেওঁক দেখা যাব।




FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু