--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাইলৈ বলীউডৰ অভিনেত্ৰী অনন্যা পাণ্ডেৰ জন্মদিন । অভিনেত্ৰীগৰাকীৰ বয়স এতিয়া ২৬ বছৰ হ’বলৈ গৈ আছে। ২০১৯ চনত ‘ষ্টুডেন্ট অৱ দ্য ইয়েৰ ২’ ছবিৰে চলচ্চিত্ৰ জগতত খোজ দিয়া অভিনেত্ৰীগৰাকীয়ে ৫ বছৰত নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে। তেওঁ বহু ছবিত কাম কৰিছে আৰু খ্যাতিৰ লগতে তেওঁ বহু ধন-সম্পত্তিও অৰ্জন কৰিবলৈ সক্ষম হৈছে।


Ananya Pandey got trolled fiercely on social media for height, users said –  circus joker - informalnewz

অনন্যা পাণ্ডেৰ নিজাকৈ বিলাসী ঘৰ আছে। ২০২৩ চনত ধনতেৰছ উপলক্ষে তেওঁৰ নতুন ঘৰটো ক্ৰয় কৰিছিল। তেওঁৰ বিলাসী বাহনৰ এক আচৰিত সংগ্ৰহও আছে। ১.৭০ কোটি টকাৰ BMW 7 Series গাড়ীৰ মালিক অনন্যা পাণ্ডে। ইয়াৰ উপৰিও তেওঁৰ গাড়ী সংগ্ৰহত আছে ১.৮৪ কোটি টকাৰ ৰেঞ্জ ৰভাৰ স্প’ৰ্ট, ৮৮ লাখ টকাৰ মাৰ্চিডিজ-বেঞ্জ ই-ক্লাছ, ৩৩ লাখ টকাৰ স্কোডা ক’ডিয়াক আৰু ৩০ লাখ টকাৰ হুণ্ডাই চান্টা ফে।

Ananya Panday net worth: Luxurious cars, brand endorsements and more

অনন্যা পাণ্ডেই ধন-সম্পত্তিৰ ক্ষেত্ৰতো কম নহয়। কোটি কোটি টকাৰ ধন-সম্পত্তিৰ গৰাকী তেওঁ। সংবাদ মাধ্যম অনুসৰি ২০১৯ চনত অনন্যা পাণ্ডেৰ সম্পত্তিৰ পৰিমাণ আছিল ৫৪ কোটি টকা। এই সম্পত্তি ২০২০ চনত ৫৮ কোটি, ২০২১ চনত ৬৬ কোটি আৰু ২০২২ চনত ৭০ কোটি টকালৈ বৃদ্ধি পাইছে। বৰ্তমান অনন্যাৰ সম্পত্তিৰ পৰিমাণ ৭৪ কোটি টকা বুলি উল্লেখনীয়।

অনন্যা পাণ্ডেৰ সন্দৰ্ভত প্ৰকাশিত বাতৰি অনুসৰি তেওঁ প্ৰতিমাহে ৬০ লাখ টকা উপাৰ্জন কৰে আৰু প্ৰতি বছৰে প্ৰায় ৭ কোটি টকা উপাৰ্জন কৰে। তেওঁৰ এখন ছবিৰ বাবে মুঠ ৩ কোটি টকা পাৰিশ্ৰমিক লয়। ইয়াৰ উপৰিও ব্ৰেণ্ড এণ্ড’ৰছমেণ্টৰ পৰা তাই বিপুল ধন উপাৰ্জন কৰে।

Top 20 Social Media Advantages and Disadvantages in 2024
অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰামত Sponser কৰা পোষ্টৰ বাবে ৫০ লাখ টকা লয়। স্কেচাৰ্ছ ইণ্ডিয়া, স্বৰভস্কি, পুমা, লেকমে, ফাষ্ট্ৰেক পাৰফিউম, মেবেলাইন, জেবিএল আৰু গাৰ্নিয়াৰকে ধৰি বহু ব্ৰেণ্ডৰ ব্ৰেণ্ড এম্বেছাদৰ। অনন্যাই এই ব্ৰেণ্ড এণ্ডৰছমেণ্টৰ বাবে মাচুল হিচাপে লয় ৬০ লাখকৈ টকা।

পাঁচ বছৰীয়া চলচ্চিত্ৰ জীৱনত অনন্যা পাণ্ডে বহু ছবিত অভিনয় কৰিছে। এই তালিকাত আছে পতি পটনি ঔৰ ৱহ, ড্ৰিম গাৰ্ল ২, লেগাৰ, খালি পিলি, খো গেয় হম কহান আৰু চিটিআৰএল আদি ছবি। ইয়াৰ উপৰিও অভিনেত্ৰীগৰাকীয়ে ৱেব ছিৰিজ কল মি বে’ত অভিনয় কৰিছে। এতিয়া অক্ষয় কুমাৰৰ সৈতে ‘আনটল্ড ষ্ট’ৰী অৱ চি শংকৰন’ ছবিত তেওঁক দেখা যাব।




FOLLOW US F
POPULAR
FEATURE
TRENDY
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ