--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে অন্তৰ্ৱতীকালীন জামিন প্ৰদান কৰাৰ পিছতে তিহাৰ কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ শুকুৰবাৰেই ওলাই আহিছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল।  কেজৰিৱালে আজি দলৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰে। কেজৰিৱালে সংবাদমেলত বিজেপি আৰু প্ৰধানমন্ত্ৰী মোদীক সমালোচনা কৰে। কেজৰিৱালে কয় যে বিজেপিৰ বহু নেতাৰ ৰাজনৈতিক ভৱিষ্যত মোদীয়ে ধ্বংস কৰিছে। কেজৰিৱালে আজি তেওঁৰ মাতৃৰ সৈতে হনুমান মন্দিৰলৈ যায় আৰু প্ৰাৰ্থনা কৰে। 

ইপিনে  বিজেপিয়ে দুৰ্নীতিৰ অভিযোগত কাৰাগাৰত বন্দী হৈ থাকি  জামিনত  ওলাই অহা কেজৰিৱালক বিভিন্ন বিষয়ত সমালোচনা কৰে।বিজেপিয়ে কয় যে  নৈতিকতাৰ বিষয়ে কোৱাটো তেওঁৰ বাবে অশোভনীয়। বিজেপিয়ে  লগতে কয় যে কেজৰিৱালে প্ৰাৰ্থনা কৰিবলৈ  হনুমান মন্দিৰলৈ আহিছিল, কিন্তু তেওঁ এবাৰো ৰামৰ নাম উল্লেখ  নকৰিলে ।   বিজেপি নেতা সুধাংশু ত্ৰিবেদীয়ে কয় যে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে  কাৰাগাৰৰ পৰা ওলাই আহিছে। ত্ৰিবেদীয়ে কয় "কেজৰিৱালে এনেদৰে কথা পাতি আছে যেন তেওঁ সুৰাৰ নিচাতহে আছে। কিন্তু তেওঁৰ মুখৰ পৰা এটা কথা  ওলাইছে  যে মোদী জয়ী  হ'ব। কিন্তু আমি আনক  প্ৰধানমন্ত্ৰী  পাতিম। তেওঁ লগতে কয় যে পাকিস্তানৰ প্ৰাক্তন মন্ত্ৰী ফাৱাদ চৌধুৰীয়ে কেজৰিৱালক প্ৰশংসা কৰিছে।

আজি কেজৰিৱালে কয়  যে বিজেপিয়ে মাত্ৰ ২২০-২৩০ খন আসন লাভ কৰিব। এই সন্দৰ্ভত, সুধাংশু ত্ৰিবেদীয়ে কয়  যে এই সংখ্যা দুগুণলৈ বৃদ্ধি পাব।বিজেপি সাংসদ মনোজ তিৱাৰীয়ে কয় যে দুৰ্নীতিৰ অভিযোগত কাৰাগাৰত বন্দী  হৈ থকা  ব্যক্তিজন আদালতৰ দয়াত ওলাই আহিছে। নৈতিকতাৰ বিষয়ে কোৱাটো তেওঁৰ বাবে অশোভনীয়। পাপ ঢাকিবলৈ, তেওঁ আনৰ ওপৰত বোকা নিক্ষেপ কৰিছে। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু