--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আবকাৰী নীতিৰ গোচৰত উচ্চতম ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰাৰ  পিছত দলীয় কৰ্মী আৰু সমৰ্থকসকলক দিয়া প্ৰথম ভাষণত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ক্ষুৰধাৰ  আক্ৰমণ কৰে। কেজৰিৱালে কয়  যে আম আদমী পাৰ্টিক চূৰ্ণ-বিচূৰ্ণ কৰিবলৈ মোদীয়ে একো কাম কৰিবলৈ এৰা নাই। এক সংবাদমেলত  কেজৰিৱালে কয় "... তেওঁলোকে ভাৰত মিত্ৰজোঁটক সুধিছে তেওঁলোকৰ প্ৰধানমন্ত্ৰী কোন হ'ব?  মই বিজেপিক সুধিছো আপোনালোকৰ প্ৰধানমন্ত্ৰী কোন হ'ব? প্ৰধানমন্ত্ৰী মোদীয়ে অহা বছৰৰ ১৭ ছেপ্টেম্বৰত ৭৫  বছৰীয়া হ’ব। 

তেওঁ এটা নিয়ম কৰিছিল যে দলৰ নেতাসকলে ৭৫ বছৰৰ পিছত অৱসৰ ল'ব. লাগিব.. এল কে আদৱানী, মুৰলী মনোহৰ যোশী, সুমিত্ৰা মহাজন, আৰু যশোৱন্ত সিনহাই অৱসৰ গ্ৰহণ কৰিছে আৰু এতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে ১৭ ছেপ্টেম্বৰত অৱসৰ ল'বলৈ গৈ আছে... যদি বিজেপিৰ  চৰকাৰ গঠন হয়, তেন্তে মোদীয়ে  প্ৰথমে যোগী আদিত্যনাথক অপ্ৰাসংগিক কৰি তুলিব  আৰু তাৰ পিছত অমিত শ্বাহক দেশৰ প্ৰধানমন্ত্ৰী পজত বহুৱাব। প্ৰধানমন্ত্ৰী মোদীয়ে  অমিত শ্বাহৰ বাবেই ভোট বিচাৰিছে। অমিত শ্বাহে মোদীৰ গেৰাণ্টি পূৰণ কৰিব নেকি?..."... কেজৰিৱালে লগতে কয়- আমাৰ আম আদমী পাৰ্টি হৈছে এক সৰু দল, যি দুখন ৰাজ্যত বিয়পি আছে। কিন্তু প্ৰধানমন্ত্ৰীয়ে আমাৰ দলক চূৰ্ণ-বিচূৰ্ণ কৰিবলৈ কোনো ধৰণৰ চেষ্টা এৰি দিয়া নাই। 

 তেওঁ আমাৰ চাৰিজন নেতাক একেলগে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। যদি ডাঙৰ দলৰ চাৰিজন শীৰ্ষ নেতা কাৰাগাৰলৈ যায়, দলটো ধ্বংস হ’ব পাৰে । প্ৰধানমন্ত্ৰীয়ে আপক চূৰ্ণ-বিচূৰ্ণ কৰিব বিচাৰে... প্ৰধানমন্ত্ৰী মোদীয়ে নিজেই বিশ্বাস কৰে যে আপ হৈছে সেইটো দল  যি দেশক ভৱিষ্যত প্ৰদান কৰিব...," । কেজৰিৱালে শনিবাৰে দলৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেলত এনেদৰে মন্তব্য  কৰে। কেজৰিৱালে  আজি হনুমান মন্দিৰ আৰু শ্ৰী নৱগ্ৰহ মন্দিৰো দৰ্শন কৰে। কেজৰিৱালে কয় "মই পোনপটীয়াকৈ কাৰাগাৰৰ পৰা আপোনালোকৰ মাজলৈ আহিছোঁ। ৫০ দিনৰ পিছত আপোনাৰ সৈতে থাকি বৰ ভাল লাগিছে। মই এইমাত্ৰ মোৰ পত্নী আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ সৈতে হনুমান মন্দিৰলৈ গৈছিলো । বজৰংবলীৰ আশীৰ্বাদ আমাৰ দল আৰু আমাৰ ওপৰত আছে। তেওঁৰ অনুগ্ৰহৰ বাবেই  মই আজি আপোনালোকৰ মাজত আছোঁ...," । 

তেওঁ লগতে কয়- ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ মাজতে মই কাৰাগাৰৰ পৰা বাহিৰ হ'ম বুলি কোনেও আশা কৰা নাছিল।  কেজৰিৱালৰ সংবাদমেলত পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান আৰু আম আদমী পাৰ্টিৰ নেতাসকল আতিশী, গোপাল ৰায়, সঞ্জয় সিং আৰু সৌৰভ ভৰদ্বাজকে ধৰি উপস্থিত আছিল। উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে আম আদমী পাৰ্টিৰ আহ্বায়কগৰাকীক  ১ জুনলৈকে অন্তৱৰ্তীকালীন জামিন দিছিল।জামিন ১ জুনলৈকে প্ৰযোজ্য থাকিব আৰু কেজৰিৱালে ২ জুনত কৰ্তৃপক্ষৰ ওচৰত আত্মসমৰ্পণ কৰিব লাগিব। দিল্লীৰ মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব পাৰিব, কিন্তু মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যালয়ত উপস্থিত থাকিব নোৱাৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ