--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক

মূল্যবৃদ্ধি, কৰ্ম সংস্থাপনহীনতায়ে  হতাশ কৰি তোলা আজিৰ  প্ৰজন্মটোৰ বাবে অৰবিন্দ  কেজৰিৱাল অলপ আশাৰ কিৰণ স্বৰূপ৷ বছৰ বছৰ ধৰি ৰাজনীতিৰ পাশাখেলত সৰ্বস্বান্ত হোৱা মানুহেও কেজৰিৱালৰ বাবেই  ৰাজনীতিৰ ওপৰত কিঞ্চিত বিশ্বাস কৰিবলৈ লৈছে৷ দিল্লীৰ শিক্ষা ,স্বাস্থ্য ব্যৱস্থাৰ ক্ষেত্ৰত পৰিৱৰ্তনৰ সূচনা কৰি তেওঁ ঘূৰাই আনিছে ৰাজহুৱাখণ্ডটোৰ ওপৰত থকা মানুহৰ বিশ্বাসক৷ এক কথাত ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাটোত সুস্থ চিন্তাৰ উন্মেষ ঘটোৱাৰ বাবে প্ৰশংসাৰ পাত্ৰ অৰবিন্দ কেজৰিৱাল৷ 

শেহতীয়াকৈ নিউয়ৰ্ক টাইমছেও প্ৰথম পৃষ্ঠাত দিল্লীৰ শিক্ষা ব্যৱস্থাক প্ৰশংসা কৰিছে৷ ভাৰতৰ বহু ৰাজ্যই পৰোক্ষভাৱে কেজৰিৱালৰ উন্নয়নৰ মডেল নিজ ৰাজ্যত ব্যৱহাৰো কৰিছে৷ আনফালে কেজৰিৱালৰ জনপ্ৰিয়তাই শংকিত কৰি তুলিছে বিজেপি চৰকাৰক৷ গুজৰাট আৰু হিমাচল প্ৰদেশৰো নিৰ্বাচন সমাগত৷ সেই দুই ৰাজ্যতো কেজৰিৱালে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷ অন্ততঃ প্ৰকৃতাৰ্থত ৰাজনৈতিকভাৱে সচেতন মানুহখিনিয়ে ভাৰতৰ ৰাজনীতিত কেজৰিৱালৰ মূল্য ভালকৈয়ে বুজি পায়৷ সাম্প্ৰদায়িকতাৰে ভোট বেংকৰ ওজন বঢ়াব খোজা বিজেপিৰ চাতুৰ্যতায়ে সকলোকে মূৰ্খ সাজিব নোৱাৰে৷ 

হিমাচল আৰু গুজৰাট নিৰ্বাচন যিমানেই কাষ চাপিছে সিমানেই নানা কূটকৌশলৰে আপক ৰাইজৰ দৃষ্টিত হেয় প্ৰতিপন্ন কৰাত নামি পৰিছে বিজেপি৷ 
প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী কপিল শিৱালৰ মন্তব্যতো কেজৰিৱালক লৈ বিজেপিৰ আভ্যন্তৰীণ ভীতি স্পষ্ট হৈ পৰিল৷ বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীজনে কয় যে কেজৰিৱালৰ উত্থানত অস্থিৰ হৈ পৰিছে বিজেপি৷  চেন্ট্রেল ব্যুৰো অফ ইনভেস্টিগেশন এণ্ড  এনফোর্সমেন্টক বিজেপিৰ শক্তিশালী অস্ত্ৰ বুলিও উল্লেখ কৰে মন্ত্ৰী জনে৷ পূৰ্বতে সতেন্দ্ৰ জৈন আৰু বৰ্তমান মনীষ ছিচ’ডিয়াক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিজেপিয়ে৷

কেজৰিৱালৰ ভাৱমূৰ্ত্তি বিনষ্ট কৰাৰ বাব 
চেন্ট্রেল ব্যুৰো অফ ইনভেস্টিগেশন এণ্ড  এনফোর্সমেন্টক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি বিজেপিয়ে দিল্লীৰ প্ৰায় ২১ টা স্থানৰ তালাচী চলাইছে৷ কিন্তু প্ৰত্যেকবাৰেই বিফল হৈছে বিজেপি৷ অনাগত দিনটো  কেজৰিৱালৰ জনপ্ৰিয়তা হ্ৰাসৰ বাবে বিজেপি দলে  নিজৰ ক্ষমতাক ব্যৱহাৰ কৰিব সেইয়া নিশ্চিত৷ 


হিতাধিকাৰী সৃষ্টিৰ ৰাজনীতি কৰা বিজেপিয়ে কেজৰিৱালৰ পৰা সুস্থ ৰাজনৈতিক জ্ঞান আহৰণ কৰা উচিত৷ বিজেপি নেতা সকলে ভাষণৰ ফুলজাৰি মাৰিলেও ভাৰতৰ নিম্নগামী অৰ্থনীতি, সামাজিক উশৃঙ্খলতা, পয়া লগা শিক্ষা-স্বাস্থ্য ব্যৱস্থাই সকলো জনতাকে সন্দিহান কৰি তুলিছে৷ গতিকে সকলোৱে সপোন দেখিছে যে কেজৰিৱালৰ দৰে নেতাই এনে দুৰ্দিন দূৰ কৰিব পাৰিব৷ সেয়ে ৰাইজ থিয় হৈ কেজৰিৱালৰ পক্ষত৷ কেজৰিৱালে ভাল দিন আনক ভাৰতলৈ৷ সাম্প্ৰদায়িকতাৰ বিপৰীতে সুস্থিৰতাৰ সৃষ্টি কৰক ভাৰতত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ