--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক

মূল্যবৃদ্ধি, কৰ্ম সংস্থাপনহীনতায়ে  হতাশ কৰি তোলা আজিৰ  প্ৰজন্মটোৰ বাবে অৰবিন্দ  কেজৰিৱাল অলপ আশাৰ কিৰণ স্বৰূপ৷ বছৰ বছৰ ধৰি ৰাজনীতিৰ পাশাখেলত সৰ্বস্বান্ত হোৱা মানুহেও কেজৰিৱালৰ বাবেই  ৰাজনীতিৰ ওপৰত কিঞ্চিত বিশ্বাস কৰিবলৈ লৈছে৷ দিল্লীৰ শিক্ষা ,স্বাস্থ্য ব্যৱস্থাৰ ক্ষেত্ৰত পৰিৱৰ্তনৰ সূচনা কৰি তেওঁ ঘূৰাই আনিছে ৰাজহুৱাখণ্ডটোৰ ওপৰত থকা মানুহৰ বিশ্বাসক৷ এক কথাত ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাটোত সুস্থ চিন্তাৰ উন্মেষ ঘটোৱাৰ বাবে প্ৰশংসাৰ পাত্ৰ অৰবিন্দ কেজৰিৱাল৷ 

শেহতীয়াকৈ নিউয়ৰ্ক টাইমছেও প্ৰথম পৃষ্ঠাত দিল্লীৰ শিক্ষা ব্যৱস্থাক প্ৰশংসা কৰিছে৷ ভাৰতৰ বহু ৰাজ্যই পৰোক্ষভাৱে কেজৰিৱালৰ উন্নয়নৰ মডেল নিজ ৰাজ্যত ব্যৱহাৰো কৰিছে৷ আনফালে কেজৰিৱালৰ জনপ্ৰিয়তাই শংকিত কৰি তুলিছে বিজেপি চৰকাৰক৷ গুজৰাট আৰু হিমাচল প্ৰদেশৰো নিৰ্বাচন সমাগত৷ সেই দুই ৰাজ্যতো কেজৰিৱালে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷ অন্ততঃ প্ৰকৃতাৰ্থত ৰাজনৈতিকভাৱে সচেতন মানুহখিনিয়ে ভাৰতৰ ৰাজনীতিত কেজৰিৱালৰ মূল্য ভালকৈয়ে বুজি পায়৷ সাম্প্ৰদায়িকতাৰে ভোট বেংকৰ ওজন বঢ়াব খোজা বিজেপিৰ চাতুৰ্যতায়ে সকলোকে মূৰ্খ সাজিব নোৱাৰে৷ 

হিমাচল আৰু গুজৰাট নিৰ্বাচন যিমানেই কাষ চাপিছে সিমানেই নানা কূটকৌশলৰে আপক ৰাইজৰ দৃষ্টিত হেয় প্ৰতিপন্ন কৰাত নামি পৰিছে বিজেপি৷ 
প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী কপিল শিৱালৰ মন্তব্যতো কেজৰিৱালক লৈ বিজেপিৰ আভ্যন্তৰীণ ভীতি স্পষ্ট হৈ পৰিল৷ বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীজনে কয় যে কেজৰিৱালৰ উত্থানত অস্থিৰ হৈ পৰিছে বিজেপি৷  চেন্ট্রেল ব্যুৰো অফ ইনভেস্টিগেশন এণ্ড  এনফোর্সমেন্টক বিজেপিৰ শক্তিশালী অস্ত্ৰ বুলিও উল্লেখ কৰে মন্ত্ৰী জনে৷ পূৰ্বতে সতেন্দ্ৰ জৈন আৰু বৰ্তমান মনীষ ছিচ’ডিয়াক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিজেপিয়ে৷

কেজৰিৱালৰ ভাৱমূৰ্ত্তি বিনষ্ট কৰাৰ বাব 
চেন্ট্রেল ব্যুৰো অফ ইনভেস্টিগেশন এণ্ড  এনফোর্সমেন্টক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি বিজেপিয়ে দিল্লীৰ প্ৰায় ২১ টা স্থানৰ তালাচী চলাইছে৷ কিন্তু প্ৰত্যেকবাৰেই বিফল হৈছে বিজেপি৷ অনাগত দিনটো  কেজৰিৱালৰ জনপ্ৰিয়তা হ্ৰাসৰ বাবে বিজেপি দলে  নিজৰ ক্ষমতাক ব্যৱহাৰ কৰিব সেইয়া নিশ্চিত৷ 


হিতাধিকাৰী সৃষ্টিৰ ৰাজনীতি কৰা বিজেপিয়ে কেজৰিৱালৰ পৰা সুস্থ ৰাজনৈতিক জ্ঞান আহৰণ কৰা উচিত৷ বিজেপি নেতা সকলে ভাষণৰ ফুলজাৰি মাৰিলেও ভাৰতৰ নিম্নগামী অৰ্থনীতি, সামাজিক উশৃঙ্খলতা, পয়া লগা শিক্ষা-স্বাস্থ্য ব্যৱস্থাই সকলো জনতাকে সন্দিহান কৰি তুলিছে৷ গতিকে সকলোৱে সপোন দেখিছে যে কেজৰিৱালৰ দৰে নেতাই এনে দুৰ্দিন দূৰ কৰিব পাৰিব৷ সেয়ে ৰাইজ থিয় হৈ কেজৰিৱালৰ পক্ষত৷ কেজৰিৱালে ভাল দিন আনক ভাৰতলৈ৷ সাম্প্ৰদায়িকতাৰ বিপৰীতে সুস্থিৰতাৰ সৃষ্টি কৰক ভাৰতত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু