--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক 
তৰুণ প্ৰজন্মৰ ৰাজনীতিবিদ সকলৰ ভিতৰত ক্ৰমান্বয়ে জনপ্ৰিয় হৈ পৰিছে তেজস্বী যাদৱ৷ অলপতে গঠিত বিহাৰৰ সন্মিলিত চৰকাৰখনৰ তেওঁ উপ মুখ্যমন্ত্ৰী হিচাপেও নিৰ্বাচিত হৈছে৷ শনিবাৰে তেজস্বী যাদৱে বিহাৰৰ আৰ জে ডি দলৰ নেতাসকলক এক বৈপ্লৱিক আহ্বান জনায়৷ তেওঁৰ এই আহ্বানক এতিয়া একমুখে প্ৰশংসা কৰিছে সকলোৱে৷ 

আজিৰ কেবিনেটত তেজস্বী যাদৱে ৰাষ্ট্ৰীয় জনতা দলৰ নেতা সকলক তেওঁলোকৰ বাবে নতুন বাহন ক্ৰয় নকৰিবলৈ অনুৰোধ জনায়৷ ইয়াৰোপৰি আৰ জে ডিৰ মন্ত্ৰী সকলক বিনয়ী আৰু ভদ্ৰ ভাৱে কাৰ্যনিৰ্বাহ কৰিবলৈ তেওঁ আহ্বান কৰে৷ ধৰ্ম আৰু জাতিৰ বিভেদ পাহৰি প্ৰয়োজন সাপেক্ষে দুখীয়া মানুহক সহায় কৰিবলৈয়ো তেজস্বী যাদৱে অনুৰোধ কৰে৷ 

বিহাৰৰ সামাজিক পৰিৱেশত তেজস্বী যাদৱৰ এই  আহ্বান সমূহে যথেষ্ট ইতিবাচক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে৷ গুৰুত্বপূৰ্ণ কথা যে, ভাৰতৰ আন ৰাজ্যৰ তুলনাত বিহাৰত জাতিভেদ প্ৰথা,ধৰ্মীয় গোড়ামি আদি অধিক সক্ৰিয় হৈ আছে৷ উচ্চ বৰ্ণৰ ব্যক্তি সকলে সকলো ঠাইতে অধিক প্ৰাধান্য লাভ কৰে৷ গতিকে এনে পৰিৱেশত তেজস্বী যাদৱে নেতা সকলক  জাতি - ধৰ্মৰ কথা পাহৰি সকলোকে সহায় কৰিবলৈ কোৱাটো তাৎপৰ্যপূৰ্ণ৷ আনকি জেষ্ঠ লোকক নিজৰ ভৰি স্পৰ্শ কৰিবলৈ নিদিবলৈয়ো নেতা সকলক তেজস্বী যাদৱে আহ্বান জনায়৷ 

ৰাষ্ট্ৰীয় জনতা দলৰ নেতা সকলে ঘৰুৱা কৰ্মী, শুভকাংক্ষী, সমৰ্থক বা যিকোনো জেষ্ঠ ব্যক্তিকে চৰণ স্পৰ্শ কৰিবলৈ অনুমতি প্ৰদান নকৰিব। ইয়াৰ বিপৰীতে নমস্কাৰ, আদৱ বা কৰমৰ্দন কৰি শুভেচ্ছা আৰু সন্মান প্ৰদৰ্শন কৰিব বুলিও ঘোষণা কৰে বিহাৰৰ উপ মুখ্যমন্ত্ৰীজনে৷  

তেওঁ দলীয় মন্ত্ৰী সকলক আন  ফুলৰ থোপাৰ বিপৰীতে  কিতাপ আৰু কলম উপহাৰ হিচাপে গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়৷  

আৰ জে ডি দলৰ মুৰব্বীজনে তেওঁ মন্ত্ৰীসকলক দয়া আৰু  স্বচ্ছতাৰে  মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ অধীনত থকা  বিভিন্ন দপ্তৰসমূহ পৰিচালনা কৰিবলৈ অনুৰোধ জনায়৷ 

সৰ্বশেষত তেওঁ  ৰাষ্ট্ৰীয় জনতা দলৰ সকলো মন্ত্ৰীকে সকলো উন্নয়নমূলক কামৰ তথ্য আৰু খতিয়ান সামজিক প্ৰচাৰ মাধ্যমত প্ৰচাৰ কৰিবলৈ অনুৰোধ জনায়৷ ফলত নাগৰিক তেওঁলোকৰ প্ৰত্যেকটো ইতিবাচক পদক্ষেপ  বিষয়ে জ্ঞাত হ’ব৷  

তেজস্বী যাদৱৰ এই আহ্বানে বিহাৰৰ নেতা সকলৰ উপৰিও দেশৰ বিভিন্ন প্ৰান্তৰ নাগৰিকৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰিছে৷ বাস্তৱ ক্ষেত্ৰত এই আহ্বান কিমান দূৰ বিহাৰৰ নেতা সকলে মানি চলে সেইয়া সময়ে ক’ব৷ কিন্তু এই আহ্বান সমূহে তেজস্বী যাদৱৰ ৰাজনৈতিক কুশলতা আৰু সুস্থ চেতনাৰ উমান দিছে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু