--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক 
তৰুণ প্ৰজন্মৰ ৰাজনীতিবিদ সকলৰ ভিতৰত ক্ৰমান্বয়ে জনপ্ৰিয় হৈ পৰিছে তেজস্বী যাদৱ৷ অলপতে গঠিত বিহাৰৰ সন্মিলিত চৰকাৰখনৰ তেওঁ উপ মুখ্যমন্ত্ৰী হিচাপেও নিৰ্বাচিত হৈছে৷ শনিবাৰে তেজস্বী যাদৱে বিহাৰৰ আৰ জে ডি দলৰ নেতাসকলক এক বৈপ্লৱিক আহ্বান জনায়৷ তেওঁৰ এই আহ্বানক এতিয়া একমুখে প্ৰশংসা কৰিছে সকলোৱে৷ 

আজিৰ কেবিনেটত তেজস্বী যাদৱে ৰাষ্ট্ৰীয় জনতা দলৰ নেতা সকলক তেওঁলোকৰ বাবে নতুন বাহন ক্ৰয় নকৰিবলৈ অনুৰোধ জনায়৷ ইয়াৰোপৰি আৰ জে ডিৰ মন্ত্ৰী সকলক বিনয়ী আৰু ভদ্ৰ ভাৱে কাৰ্যনিৰ্বাহ কৰিবলৈ তেওঁ আহ্বান কৰে৷ ধৰ্ম আৰু জাতিৰ বিভেদ পাহৰি প্ৰয়োজন সাপেক্ষে দুখীয়া মানুহক সহায় কৰিবলৈয়ো তেজস্বী যাদৱে অনুৰোধ কৰে৷ 

বিহাৰৰ সামাজিক পৰিৱেশত তেজস্বী যাদৱৰ এই  আহ্বান সমূহে যথেষ্ট ইতিবাচক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে৷ গুৰুত্বপূৰ্ণ কথা যে, ভাৰতৰ আন ৰাজ্যৰ তুলনাত বিহাৰত জাতিভেদ প্ৰথা,ধৰ্মীয় গোড়ামি আদি অধিক সক্ৰিয় হৈ আছে৷ উচ্চ বৰ্ণৰ ব্যক্তি সকলে সকলো ঠাইতে অধিক প্ৰাধান্য লাভ কৰে৷ গতিকে এনে পৰিৱেশত তেজস্বী যাদৱে নেতা সকলক  জাতি - ধৰ্মৰ কথা পাহৰি সকলোকে সহায় কৰিবলৈ কোৱাটো তাৎপৰ্যপূৰ্ণ৷ আনকি জেষ্ঠ লোকক নিজৰ ভৰি স্পৰ্শ কৰিবলৈ নিদিবলৈয়ো নেতা সকলক তেজস্বী যাদৱে আহ্বান জনায়৷ 

ৰাষ্ট্ৰীয় জনতা দলৰ নেতা সকলে ঘৰুৱা কৰ্মী, শুভকাংক্ষী, সমৰ্থক বা যিকোনো জেষ্ঠ ব্যক্তিকে চৰণ স্পৰ্শ কৰিবলৈ অনুমতি প্ৰদান নকৰিব। ইয়াৰ বিপৰীতে নমস্কাৰ, আদৱ বা কৰমৰ্দন কৰি শুভেচ্ছা আৰু সন্মান প্ৰদৰ্শন কৰিব বুলিও ঘোষণা কৰে বিহাৰৰ উপ মুখ্যমন্ত্ৰীজনে৷  

তেওঁ দলীয় মন্ত্ৰী সকলক আন  ফুলৰ থোপাৰ বিপৰীতে  কিতাপ আৰু কলম উপহাৰ হিচাপে গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়৷  

আৰ জে ডি দলৰ মুৰব্বীজনে তেওঁ মন্ত্ৰীসকলক দয়া আৰু  স্বচ্ছতাৰে  মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ অধীনত থকা  বিভিন্ন দপ্তৰসমূহ পৰিচালনা কৰিবলৈ অনুৰোধ জনায়৷ 

সৰ্বশেষত তেওঁ  ৰাষ্ট্ৰীয় জনতা দলৰ সকলো মন্ত্ৰীকে সকলো উন্নয়নমূলক কামৰ তথ্য আৰু খতিয়ান সামজিক প্ৰচাৰ মাধ্যমত প্ৰচাৰ কৰিবলৈ অনুৰোধ জনায়৷ ফলত নাগৰিক তেওঁলোকৰ প্ৰত্যেকটো ইতিবাচক পদক্ষেপ  বিষয়ে জ্ঞাত হ’ব৷  

তেজস্বী যাদৱৰ এই আহ্বানে বিহাৰৰ নেতা সকলৰ উপৰিও দেশৰ বিভিন্ন প্ৰান্তৰ নাগৰিকৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰিছে৷ বাস্তৱ ক্ষেত্ৰত এই আহ্বান কিমান দূৰ বিহাৰৰ নেতা সকলে মানি চলে সেইয়া সময়ে ক’ব৷ কিন্তু এই আহ্বান সমূহে তেজস্বী যাদৱৰ ৰাজনৈতিক কুশলতা আৰু সুস্থ চেতনাৰ উমান দিছে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ