--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকত জয়ৰ মুখ দেখিলে কংগ্ৰেছে। ইতিমধ্যে সমগ্ৰ দেশতে কৰ্ণাটকৰ বিজয়ৰ উদযাপন আৰম্ভ কৰিছে কংগ্ৰেছ কৰ্মীসকলে। কংগ্ৰেছৰ কৰ্ণাটকৰ জয়ৰ মূল কাৰণ হিচাপে তিনিটা কাৰকক দেখুওৱা হৈছে— সেইকেইটা হৈছে বিজেপিৰ মেৰুকৰণৰ ৰাজনীতিক প্ৰত্যাখ্যান, কৰ্ণাটকৰ দুগৰাকী শীৰ্ষ কংগ্ৰেছ নেতা সিদ্ধাৰমাইয়া আৰু ডি কে শিৱকুমাৰৰ মাজত শক্তিশালী সম্পৰ্ক আৰু কৰ্ণাটকত ১০ দিন ধৰি চলা ৰাহুল গান্ধীৰ ‘ভাৰত জোৰো যাত্ৰা’৷

কিন্তু দলীয় সূত্ৰ অনুসৰি কৰ্ণাটকত জয়ৰ আঁৰৰ আন এজন ব্যক্তিক কংগ্ৰেছে ক্ৰেডিট দিছে। তেওঁ হৈছে সুনীল কানুগোলু। যদিও ৰাজনৈতিক মহলত তেওঁক এছ কে নামেৰে বেছি পৰিচিত। সুনীল এগৰাকী নিৰ্বাচনী ষ্ট্ৰেটেজীষ্ট৷ কংগ্ৰেছৰ সূত্ৰ অনুসৰি, সিদ্ধাৰামায়া আৰু শিৱকুমাৰৰ মাজত ঘনিষ্ঠতাৰ আঁৰত আছিল এই সুনীল। বিধানসভা নিৰ্বাচনী কৌশলৰ খচৰা প্ৰস্তুত কৰাৰ সমান্তৰালকৈ ৰাহুলৰ ভাৰত জোৰো যাত্ৰাৰ সমগ্ৰ পৰিকল্পনাও তেওঁৰ কান্ধতে আছিল।

প্ৰশান্ত কিশোৰৰ ‘ছাত্ৰ’ হিচাপে পৰিচিত সুনীল। ২০২২ চনত কংগ্ৰেছে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰশান্তক কৌশলৰ প্ৰস্তাৱ দিছিল। কিন্তু সেয়া ফলপ্ৰসূ নহ’ল। সেই সময়তে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে নিৰ্বাচনৰ কৌশল যুগুত কৰাৰ দায়িত্ব দিছিল সুনীলক৷ তাৰপাছতে ছোনিয়াই কংগ্ৰেছৰ ‘টাস্ক ফ’ৰ্চ-২০২৪’ গঠন কৰিছিল। পি চিদাম্বৰম আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ সৈতে সুনীলেও এই আঠজনীয়া কমিটীত স্থান লাভ কৰে।

তাৰ আগতেও কংগ্ৰেছে কৰ্ণাটক আৰু তেলেংগানাৰ বিধানসভা নিৰ্বাচনত জয় নিশ্চিত কৰাৰ বাবে সুনীলক প্ৰচাৰৰ দায়িত্ব দিছিল। ২০১৪ চনতো পিকেৰ সমান্তৰালকৈ সুনীলেও নৰেন্দ্ৰ মোডীৰ বাবে কৌশল ৰচনা কৰিছিল৷

প্ৰায় এটা দশক ধৰি নিৰ্বাচনী কৌশলবিদ হিচাপে কাম কৰি আহিছে সুনীলে। তেওঁ তামিলনাডুৰ ডি এম কে আৰু এ আই এ ডি এম কেৰ বাবেও কাম কৰিছিল। ২০১৭ চনত তেওঁ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনতো বিজেপিৰ হৈ কাম কৰিছিল। এসময়ত সুনীল বিজেপিৰ নিৰ্বাচনী কৌশল সংস্থা ‘এছ’চিয়েচন অৱ ব্ৰিলিয়েণ্ট মাইণ্ডছ (এবিএম)’ৰ মুৰব্বী আছিল।

২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে পিকেৰ পূৰ্বৰ সংগঠন ‘চিটিজেনছ ফৰ একাউণ্টেবল গভৰ্নেন্স (CAG)’ বিজেপিৰ প্ৰচাৰ চম্ভালিবলৈ আহিছিল। কিন্তু তাৰ আগতেই সুনীলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ব্যক্তিগত উপদেষ্টা হিচাপে কাম কৰি আছিল।

ইয়াৰ পিছত প্ৰায় তিনি বছৰ ধৰি সুনীলৰ প্ৰচাৰৰ বাহিৰত আছিল। পুনৰ ২০১৬ চনত তেওঁ ডি এম কেৰ মুৰব্বী তথা বৰ্তমানৰ তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ দলৰ দায়িত্ব লৈ মূলসুঁতিৰ ৰাজনীতিত ঘূৰি আহে। কিন্তু ২০১৬ চনৰ তামিলনাডু বিধানসভা নিৰ্বাচনত ডি এম কেক শাসকীয় দল হিচাপে গঢ়ি তোলাত সুনীল ব্যৰ্থ হয়।

সেই বছৰৰে অক্টোবৰ মাহত বিজেপিয়ে সুনীলক নতুন নিৰ্বাচনী সংগঠন গঢ়ি তোলাৰ দায়িত্ব দিছিল। কাৰণ নতুন সংগঠন আইপিএচি গঠন হোৱাৰ সময়ত পিকেই বিজেপিক পিঠি দিছিল। গতিকে বিজেপিৰ মূল লক্ষ্য আছিল সুনীলক পিকেৰ প্ৰতিদ্বন্দ্বী কৰি তোলা। তেনেকৈয়ে উত্তৰপ্ৰদেশত বিজেপিৰ ধুমুহা সৃষ্টিৰ দায়িত্ব সুনীলৰ কান্ধত পৰিল।

উত্তৰ প্ৰদেশত সুনীলে তামিলনাডুৰ দৰে ব্যৰ্থতাৰ সন্মুখীন হ’বলগীয়া হোৱা নাছিল। ২০১৭ চনৰ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত সমাজবাদী পাৰ্টীক পৰাস্ত কৰি বিজেপি ক্ষমতালৈ আহিছিল। যোগী আদিত্যনাথ মুখ্যমন্ত্ৰী হৈছিল। 

ইয়াৰ পিছত ২০১৮ চনত এবিএমৰ পৰা পৃথক হোৱাৰ সিদ্ধান্ত লয় সুনীলে। ২০১৯ চনত পুনৰ ডি এম কেৰ সৈতে হাত মিলাইছিল সুনীলে। তেওঁৰ ৰণকৌশলতে ৩৯খন লোকসভাৰ আসনৰ ভিতৰত ৩৮খন আসন ইউ পি এ মিত্ৰজোঁটৰ নিয়ন্ত্ৰণলৈ আহিছিল। আনহাতে ডি এম কেৰ মুৰব্বী ষ্টেলিনে ২০২১ চনৰ তামিলনাডু বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ পিকেৰ পৰামৰ্শ লয়। তেতিয়াই সুনীল ডি এম কেৰ পৰা ওলাই আহিল।

এই পৰ্যন্ত ৪০ বছৰীয়া সুনীলে বিজেপি, কংগ্ৰেছ, ডিএমকে, আকালি দল, এআইএডিএমকেৰ বাবে নিৰ্বাচনী কৌশল ৰচনা কৰিছে। চৰিত্ৰৰ বৈশিষ্ট্যৰ ফালৰ পৰা সুনীল পিকেৰ পৰা পৃথক। অতি প্ৰচাৰবিমুখ ব্যক্তি সুনীল। ইণ্টাৰনেটত কেইখনমান ছবিৰ বাহিৰে সুনীলৰ কোনো বিশেষ ছবি দেখা নাযায়।সুনীলে সংবাদ মাধ্যমৰ পৰাও আঁতৰি থাকে৷

কৰ্ণাটকৰ নিৰ্বাচনত জয়ী হোৱাৰ পিছৰে পৰা সুনীলে কংগ্ৰেছৰ পৰামৰ্শদাতা হিচাপে নিজৰ যোগ্যতা প্ৰমাণ কৰিলে। কৰ্ণাটকত জয়লাভ কৰাৰ পিছত ২০২৪ চনৰ লোকসভা নিৰ্বাচনত সুনীলৰ ওপৰতে ভৰসা আৰম্ভ কৰিছে কংগ্ৰেছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলতান-মোগলৰ শাসন আছিল নিষ্ঠুৰ
সত্যজিৎ ৰয়ৰ ঐতিহাসিক বাসভৱন ভাঙিছে বাংলাদেশ চৰকাৰে
দক্ষিণ ছিৰিয়াত ড্ৰুজ সম্প্ৰদায়ৰ লোকৰ হত্যাৰ প্ৰতিশোধ ; ডামাস্কাছত ইজৰাইলৰ শক্তিশালী বিমান আক্রমণ
প্রধানমন্ত্রী ধন-ধান্য কৃষি আঁচনিত অনুমোদন
তৰমুজ খাই গুটিবোৰ পেলাই দিয়ে নেকি ?
ডাঙৰ সিদ্ধান্ত! এতিয়াৰ পৰা চৰকাৰী-বেচৰকাৰী বিদ্যালয়ত গীতাৰ পাঠ বাধ্যতামূলক…
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে